পৃষ্ঠা:মহাসতী জয়মতী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহামতী জয়মতী।

তেতিয়াই ফেচ্-ফেচ্-কৰে হাঁহি নেথাকে। সেই বুলি তেওঁ যে নিৰস কঠুৱা আছিল, তেনে নহয়। ক’ত হাঁহিব লাগে, ক’ত নালাগে, সেই কথা তেওঁৰ জনা আছিল। খোজ-কাটল গহীন— ৰাজহংসৰ দৰে মন্থৰ গতিৰে খোজ কাঢ়িছিল। তেওঁ চুটি-চাপৰ নাছিল, অথচ লেঙাও নাছিল। বায়েক ভনীয়েকহঁতৰ লগত ফুৰি ফুৰোঁতে তেওঁ জাকত-জিলিকা আছিল। ধৰ্ম্মত তেওঁৰ ঐকান্তিক নিষ্ঠা আছিল। তেওঁ যিটো কাম কৰিব খোজে, সেই কামৰপৰা তেওঁক সহজে পিছলাব পৰা নগৈছিল। তেওঁৰ দৃঢ় প্ৰতিজ্ঞা দেখি মানুহ স্তম্ভিত হৈছিল। তেওঁ বিলাসিনী নাছিল—সাজ-পাৰ সাধাৰণভাৱে পিন্ধিছিল। এই দৰেই পিতৃ-গৃহত লালিত-পালিত হৈ ক্ৰমে গৈ জয়মতীয়ে ১৫ বছৰত ভৰি দিলে। তেতিয়া তেওঁৰ ৰূপত যি জেউতি দেখা গৈছিল, সি অতুলনীয়। সেই জেউতি বীৰ ব্যঞ্জক। তেওঁৰ মনটো প্ৰায়ে উদ্বেলিত হৈ থাকে। তেওঁৰ মনৰ কথা কাকো ভাঙি নকয়। তেওঁৰ এগৰাকী সখীয়েক আছিল, তেওঁৰ নাম ভানুমতী। তেওঁ সদায় জয়মতীৰ লগত ছাঁটোৰ দৰে ফুৰি ফুৰে। জয়মতীয়ে তেওঁক বৰ মৰম কৰে। আৰু তেওঁ জয়মতীক নিজৰ প্ৰাণত্‌কৈও অধিক ভাল পাইছিল। জয়মতীয়ে কিবা গোপনীয় কথা থাকিলে ভানুমতীক হে কৈছিল আৰু ভানুমতীৰ উপদেশ জয়মতীয়ে নেপেলাইছিল। ভানুমতী জনা-বুজা ছোৱালী আৰু তেওঁৰ সংসাৰৰ অভিজ্ঞতা