পৃষ্ঠা:মহাসতী জয়মতী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাসতী জয়মতী।

চলিলঃ—লগৰীয়াঃ⸺তোমাৰ নিচিনা বলী আৰু সাহসী কোৱঁৰ এজনৰ লগ লোৱাঁ। তেতিয়া দুয়ো মন্ত্ৰণা কৰি কামত আগুৱাবা। আমি সকলো কোৱঁৰে তোমাক সহায় কৰিম।

 গদাপাণি—ভাইটি, মোৰ নিচিনা কোৱঁৰ এজনো দেখা পোৱা নাই। সকলো কোৱঁৰেই ভয়ত পেপুৱা লাগি পৰি আছে। লগৰীয়াঃ⸺সেইটো হয়। ককাইদেও, এটা কাম কৰিলে ভাল। তুমি বিয়া কৰোৱাঁ।

 তেতিয়া কোঁৱৰবিলাকে গিৰ্জনি মাৰি হাঁহি উঠিল। দ্বিতীয় লগৰীয়াই কলে—“এইটো হাঁহিৰ কথা নহয়। বন্ধুৱে যি প্ৰস্তাব কৰিছে, সি বাস্তবিক বিবেচনা কৰিব-লগীয়া। মোৰ মনেৰে কোনো পুৰুষে গদাপাণিৰ প্ৰকৃত সহায় হব নোৱাৰে। সেই কাম তিৰোতাৰ পৰা হে সংঘটিত হ’ব পাৰিব। তিৰোতাৰ অনুপ্ৰেৰণা ঐশ্বৰিক অনুপ্ৰেৰণা বুলিব লাগে। বিপদত তিৰোতাৰ বুদ্ধি নহলে উদ্ধাৰ পোৱা টান। চণ্ডিকা দেৱীয়ে কিমান অসুৰ মাৰি খাচ কৰিলে, পুথিত পঢ়িবলৈ পাইছা। ৰক্তবীজৰ নিচিনা মহাবীৰকো তেওঁ নিপাত কৰিলে। দশভূজা দুৰ্গা নহলে মহিষাসুৰৰ বধ নহলহেঁতেন। সম্পদত তিৰোতাৰ ধৈৰ্য্য হেৰায়—কিন্তু বিপদত তেওঁবিলাকৰ বুদ্ধিৰ স্ফুৰণ হয়। বিপদত পুৰুষক উদ্ধাৰ কৰিবৰ নিমিত্তেই তিৰোতাৰ সৃষ্টি।

 এই কথা শুনি গোটেই সমাজ নিস্তদ্ধ হল। গদাপাণিয়েও কিছুপৰ টলকা মাৰি ভাবিবলৈ ধৰিলে। তেওঁ কলে—