পৃষ্ঠা:মহাসতী জয়মতী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মহাসতী জয়মতী


বায়ু-মণ্ডলত খলকনি লগাইছে। দোলা, পাল্কী, হাতী আদিৰে বৰগোহাঁই ডাঙৰীয়াৰ হাউলি ভৰি পৰিছে। গদাপাণিয়ে লগৰীয়া সকলৰ লগত আহি দৰাৰ আসন গ্ৰহন কৰিছে। তেওঁৰ চেহেৰা দেখি প্ৰজা সকলে কোৱাকুৱি কৰিছে –“এৱেঁই প্ৰকৃত ৰজাৰ লায়ক, বীৰ্য্যৱান সুলক্ষণীয়া মহাপুৰুষ”। গদাপাণিয়ে বিয়া কৰিবলৈ ওলাইছে—মনত দৃঢ়সঙ্কল্প লৈ। তেওঁ আহোম ৰাজ্য উদ্ধাৰ কৰিবৰ অৰ্থে লগত শক্তিৰূপিনী জয়মতীৰ সহায় লব খুজিছে।

 এতিয়া কন্যা উলিয়াবৰ হল। জয়মতীক আঁচলত ধৰি তেওঁৰ প্ৰিয় সখী ভানুমতীয়ে লৈ আহিছে। সভাঘৰ কাঁহ পৰি জিম যোৱা যেন হল। জয়মতীৰ সাজ-পাৰত একো বৈচিত্ৰ্য নাই। সাধাৰণ ৰিহা-মেখেলা আৰু খনিয়া-অলঙ্কাৰো সেইমতে সাধাৰণ প্ৰকাৰ। হাতত এযোৰ খাৰু, কাণত এযোৰ কেৰু আৰু ডিঙিত এধাৰ ডুগডুগি—ইমানেই। কিন্তু ভানুমতীৰ সাজ-পাৰ বেলেগ। আজি সখীয়েকৰ বিয়া আৰু এই বিয়া তেওঁৰ উদ্যোগতে সংঘটিত হৈছে। এই কথা ভাবি তেওঁ আজি ৰঙত ৰঙিলী পথিলীটি যেন হৈছে। অলঙ্কাৰেৰে সু-সজ্জিত—তাৰ জেউতিয়ে দেখোঁতাৰ চকুত চমক লগাইছে। ভানুমতী দেখিবলৈও সুন্দৰী — বয়সো জয়মতীৰ সমানেই। বহুতে ভ্ৰমত ভানুমতীক হে কন্যা বুলি ভাবিছিল। পাচে দৰাৰ বাওঁফালে যেতিয়া জয়মতীক দেখিলে, তেতিয়া হে তেওঁবিলাকৰ