পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—পাতনি —

 সাধাৰণতে দেখা যায় সকলো বিধৰ পুথিতকৈ উপন্যাস পঢ়ি মানুহে অধিক তৃপ্তি পায়। সেই দেখি এই পুথিখনি উপন্যাসৰ আকাৰত লিখা হল। ই ঐতিহাসিক উপন্যাস। ইয়াৰ ভেটি বুৰঞ্জী-মূলক, বুৰঞ্জীৰ ওপৰতে “জয়মতী অট্টালিকা” নিৰ্ম্মিত হৈছে। জঁকাটো আটুট বুৰঞ্জীৰ সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত—তেজ, মাংস, মেদ আদি পদাৰ্থবিলাক উপন্যাসৰ উপযোগী কৰি কল্পিত হৈছে। আশ৷ কৰোঁ, এই ক্ষুদ্ৰ উপন্যাসৰপৰা জয়মতী-কাহিনীৰ বহুল প্ৰচাৰ হ’ব। যদি কোনো মহাপুৰুষে এই কাহিনী ইংৰাজীত লিখি দূৰ-দূৰণিত ধ্বনিত কৰে, তেনেহলে পৃথিবীৰ মহিলা মণ্ডলী তল-ওপৰ হব! — অসমৰ নাম দিগ-দিগন্তলৈ ৰাষ্ট্ৰ হ’ব—“জয়মতী ধৰ্ম্ম” নামেৰে নতুন ধৰ্ম্মৰ অৱতাৰণা হ’ব! মনত বহু আশা পোষণ কৰি কিতাপ খনি লিখিছোঁ কিন্তু আমাৰ দুৰ্ভগীয়া দেশত তেনে আশা জানোবা “অলীক সপোন”!

 ইংৰাজী ১৯২৮ চনত শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰত জয়মতী উৎসৱ উপলক্ষে মহাসতী জয়মতী নামেৰে আমি এখনি পুস্তিকা প্ৰকাশ কৰি সভাত পাঠ কৰিছিলো। জয়মতীৰ গীত কেইটি তাতে প্ৰথম প্ৰকাশিত হৈছিল।