পৃষ্ঠা:মহাসতী জয়মতী.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশিকাৰ মিনতি—

 জয়মতী উপন্যাস খনি মই গ্ৰন্থকাৰৰপৰা খুজি আনি বহু আশা কৰি প্ৰকাশ কৰিলোঁ। এই কিতাপ বেচি যি আয় হয়, সমুদায় টকা “জয়মতী সোৱঁৰণী পুঁজিত” জমা হব। সেই টকাৰ দ্বাৰা ভবিষ্যতে জয়মতী তিথি উৎসৱ সমাৰোহেৰে পালন কৰিবলৈ আমি যত্নপৰ হম। গতিকে, আশা কৰিলোঁ, অসমৰ সদৌ মহিলা সমাজে কিতাপ খনি কিনি আমাৰ শুভ অনুষ্ঠানত সহায়তা কৰিব। ঘাইকৈ “জয়সাগৰৰ অধিষ্ঠাত্ৰী দেৱী” “জেৰেঙাৰ কুৱঁৰী” মহাসতী জয়মতীৰ জনম-ভূমি শিৱসাগৰ জিলাৰ আই সকলৰ হাতে হাতে একোখনি জয়মতী উপন্যাস যেন অনতিপলমে দেখিবলৈ পাওঁ, এয়ে আমাৰ একান্ত মিনতি। ইতি—


শিৱসাগৰ,
১লা এপ্ৰিল ১৯৪৭ চন।
১৮ চ’ত, ১৮৬৮ শক

শ্ৰীজীউতৰা ভঁৰালী।