পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
মহাসতী জয়মতী।


ভ্ৰম আঁতৰ হল। জয়মতীৰ গহীন গম্ভীৰ মূৰ্ত্তি দেখি মানুহে ভাবিলে এওঁ মানৱী নহয়, দেবী। পাৰ্থিৱ পদাৰ্থেৰে এওঁ সুসজ্জিত নহয়—কিন্তু এওঁৰ দিব্য স্বৰ্গীয় প্ৰভা বিকীৰ্ণ হোৱাত সমজুৱা সকল স্তম্ভিত হল। যুগল মূৰ্ত্তি দেখি সকলোৱে ধন্য ধন্য কৰিবলৈ ধৰিলে।

 তেতিয়া দেওঁধাই আগ বাঢ়ি আহি আহোম বিধিমতে সকলো ধৰ্ম্মকাৰ্য্য সংসাধন কৰিলে। পাচত টেমী কটাৰী সলোৱ৷ হল। বিয়াৰ কাৰ্য্য শেষ কৰি অভ্যাগত সকল দিহাদিহি যাবলৈ ওলাল। দৰা কন্যা ভিতৰলৈ সোমাল। স্বৰ্গৰ দেৱ- দেৱী যুগল আহি আজি আহোম ৰাজ্য ৰক্ষা কৰিবলৈ আহিছে। প্ৰজা সকলে উচ্চকণ্ঠে গাবলৈ ধৰিলে – “জয় সৰ্গদেও গদাধৰ সিংহৰ জয়। জয় ৰাজকুঁৱৰী জয়মতীৰ জয়”।

ষষ্ঠ আধ্যা।

জয়মতী আৰু গদাপাণিৰ ভিতৰত দেশৰ অৱস্থাৰ পৰ্য্যালোচনা।

 জয়মতী আৰু গদাপাণিৰ বিয়া হৈ যোৱা ১০ বছৰ হল। এদিন দুয়ে৷ বহি এইদৰে আলাপ কৰিবলৈ ধৰিলে :—

 গদাপাণি। – হে প্ৰাণৱল্লভে, তোমাৰ পবিত্ৰ প্ৰেমৰ স্পৰ্শত মই নিজকে ধন্য মানিছোঁ। আমাৰ প্ৰেমৰ নিদৰ্শনস্বৰূপ লাই আৰু লেচাই এই দুটি লৰাৰো জন্ম হ’ল। এইদৰে কিয়