পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মহাসতী জয়মতী।


 সতীৰ মহাশ্মশানৰ গীত শুনি হাবিৰ হৰিণীয়ে কান্দিছে। মাঘত আমৰ মল মলিয়ায় – এয়েই বসন্ত কালৰ পূৰ্ব্ব লক্ষণ। বসন্তত আমৰ সৌৰভেৰে পৃথিবী সৌৰভিত। কুলিৰ আৰাৱত জগত জাগৰিত। হায় হায়, জেৰেঙ্গাত বাসন্তী দেবীয়ে বিকট হাস্যৰ দ্বাৰা জন সমাজৰ বুকু কঁপাই দিছে! কিন্তু কালৰ ঢল কোনে বাধিব? ডেমডেউকাৰ ঠানিৰ দৰে জয়মতী সুকোমলা—কিন্তু সূৰ্য্যৰ প্ৰচণ্ড তাপতো সেই ঠাৰি লেৰেলি যোৱা নাই। সূৰ্য্যৰ তাপ চৰি ডেমডেউকাক ভস্ম কৰিবৰ নিমিত্তে যিমান চেষ্টা কৰিছে, ডেমডেউকাৰ ঠাৰিয়ে সিমান ঠন ধৰি আহিছে। আহা,চাওঁতে চাওঁতে সি কেনে ভূবন মোহিনী অপূৰ্ব্ব শ্ৰী ধৰিছে! বৰনৈৰ পাৰত ধুনীয়া জাওঁবন জকমকাই থাকে –গৰা খহিলে জাওঁবনে তললৈ মূৰ দোঁৱাই নৈৰ গৰ্ভত বিস্মৃতিৰ বিধান সুৱঁৰি বিলীন হয়। স্বয়ং যম ৰজাও সেই বিধানৰ তলতীয়া। পানী পৰুৱাই নৈত পৰি যেনেকৈ সোঁতত উটি উটি গৈ থাকে, সতীয়ে সেইদৰে সোঁতত ভটিয়াই যোৱা নাই। পৃথিবীত নৰ-নাৰী সকলোৱে চাওক এই বৰনৈত সতীয়ে কেনেকৈ হেলাৰঙ্গে পাৰি দিলে। সৰগৰ তৰাক সাক্ষী কৰি সতীয়ে দেহত্যাগ কৰিছে। চাওক, চাওক, দেহপিঞ্জৰৰপৰা সতীৰ আত্মা মুক্ত হল। এতিয়া জয়মতী সতী নহয়, তেওঁ মহাসতী। সৌৱা আকাশত সৰগী ৰথত ছায়াময়ী মূৰ্ত্তি ধৰি, মহাসতীয়ে সৃষ্টি ৰহস্যৰ ব্যাখ্যা কৰিছে, চকু মুদি চিত্ত সংযম কৰি শুনকচোন।