পৃষ্ঠা:মহাসতী জয়মতী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
মহাসতী জয়মতী।


মহাসতী জয়মতীয়ে মহাপ্ৰয়াণ কৰিলে। আৰু ১৬০৩ শঁকৰ চ’ত মাহত তেওঁৰ স্বামী গদাধৰ সিংহ ৰাজপাটত উঠিল।

পঞ্চদশ আধ্যা।
——সতীৰ যজ্ঞ ফল——

 গদাধৰ সিংহ ৰজা হৈ দেশৰ পৰম শত্ৰু লৰা ৰজাক আঁতৰালে। তেওঁক নামৰূপলৈ নি তাতে বধ কৰালে। জয়মতী-বধৰ প্ৰতিশোধ লব পাৰি গদাধৰ সিংহই নিজকে ধন্য মানিলে। তেওঁ জয়মতীৰ স্মৃতি উদ্দেশ্যে কৃতাঞ্জলি পুটে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনালে। দেশত শান্তি স্থাপিত হ’ল। লাই কোঁৱৰক যুৱৰাজ পাতিলে। গদাধৰ সিংহৰ আমোলত গোটেই দৰং ৰাজ্যৰ মাটি পিয়ল কৰোৱা হ’ল। তেওঁ বিশ্বনাথৰ দৌল বন্ধালে। ধোদৰ আলি, অকাঁৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, খৰা গড়, দিজৈৰ শিলৰ সাঁকো, বগী দৌল আৰু পুখুৰী, ৰহদৈৰ শিলৰ সাঁকো, উমানন্দ দৌল এনেবিলাক সৎকাৰ্য্য কৰি গদাধৰ সিংহই আহোম ৰাজ্য সু-প্ৰতিষ্ঠিত কৰিলে। বিষয়া সকলৰ অন্যায় উপদ্ৰৱ গুচাই প্ৰজাৰ শান্তি বিধান কৰিলে। গদাধৰ সিংহৰ আহোম নাম চুপাত্ফা আছিল। তেওঁ ১৪ বছৰ সু-খ্যাতিৰে ৰাজত্ব কৰি ১৬৮৫ চনত স্বৰ্গী হল। তাৰ পাচত তেওঁৰ বৰ পুত্ৰ যুৱৰাজ লাই গোহাঁই