পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মহাসতী জয়মতী।

হে ল’ৰা ৰজা  তোমাৰে সে গুণে,
 হম গৈ সভাতে থিয়।
সৃষ্টি থাকে মানে তোমাৰে যশয্যা
 গাব আছে য’ত জীৱ॥
ওবা সমজুৱা  চিন্তা শোক এৰাঁ,
 অভাগীয়ে সেৱা কৰোঁ।
কৰাঁ আশীৰ্ব্বাদ  অগ্নি-পৰীক্ষাত
 যেন পৰি দিব পাৰোঁ॥
বঙহৰ দেউতা লাঙি গদাপাণি,
 আজি পাৰি দিওঁ কালৰে নৈ।
পৰ্ব্বতে-পাষণ্ডে  নিলগতে ফুৰিম ঐ,
 ৰঙ্গ৷ পখিলাটী হৈ॥

 গীত শুনি প্ৰজাবৰ্গৰ শৰীৰ কণ্টকিত হ’ল। এনে মহাবাক্য উদগীৰণৰ শক্তি মানবৰ আছে নে? এই মহাবাক্যৰ দ্বাৰা আজি সৰগ আৰু মৰত লগ লাগিল। ঘাত-প্ৰতিঘাতৰ দ্বাৰা স্থাবৰ জঙ্গম কঁপিবলৈ ধৰিলে। দোলাত উঠিব লাগে বুলি জয়মতীক কবলৈ কাৰো প্ৰাণত শক্তি নহল। জয়মতীয়ে সমজুৱা সকলক যথাবিধি সেৱা জনাই, নিজে গা দাঙি এখুজি- দুখুজিকৈ গৈ দোলাত উঠিল গৈ। অসংখ্য প্ৰজা লগত লৰিল। পৃথিবী দল-দোপ হেন্দোল-দোপ। বিৰ দি বাট পাবলৈ নাইকিয়া হৈছে। জয়মতীয়ে মহাযাত্ৰা কৰিলে!