বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি (page 1 crop).jpg

বান্‌চা য়ান ককা আৰু
এখন দেওলগা হাবি
(প্ৰাগ ঐতিহাসিক শিশু উপন্যাস)

নীলিমা বৰা

[ প্ৰথম পৃষ্ঠা ]

বান্‌চা য়ান ককা
আৰু
এখন দেওলগা হাবি

(প্ৰাগ ঐতিহাসিক শিশু উপন্যাস)


নীলিমা বৰা


[ প্ৰকাশন ] BANSHA YAN KAKA ARU AKHAN DEULAGA HABI: 'Bansha Yan Kaka Aru Akhan Deulaga Habi' written by Nilima Bora and Published by Naba Kalita on behalf of Kiran Prakashan, Dhemaji Chariali, D.K.Market Complex, Dhemaji-787057 (Assam).

First Edition : May, 2015



ISBN : 978-93-82746-62-1 Price : 30/-


প্রকাশক : নৱ কলিতা
কিৰণ প্ৰকাশন, ধেমাজি চাৰিআলি
ধেমাজি ৭৮৭০৫৭
শাখা কার্যালয় : বিদ্যা মহল
পাণবজাৰ, গুৱাহাটী-১
প্রথম প্রকাশ : মে’, ২০১৫ চন
মূল্য : ৩০.০০ টকা
অক্ষৰ বিন্যাস : দীননাথ বৰদলৈ
মুদ্ৰক : ধেমাজি অফ্‌চেট্‌ প্রিন্টার্চ
ৰতনপুৰ, ধেমাজি-৭৮৭০৫৭

[ পাতনি ]

পাতনি

 ‘বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি’ ইতিমধ্যে প্ৰকাশিত মোৰ প্ৰাগঐতিহাসিক উপন্যাস ‘ৰেইনী’ৰ একে ধাৰাতে লিখা আনখনি শিশু উপন্যাস।

 আমাৰ তেনেই অচিনাকি জগতখনৰ এটি আভাস অকণিহঁতক দিয়াৰ প্ৰয়াসেই মোৰ এই শিশুপুথিখনি। অকণিহঁতে পঢ়ি ভাল পালেই মোৰ লেখাৰ সাৰ্থক হ’ব।

 ত্ৰুটি মাৰ্জনাৰে—

  চিনাকি   লেখিকা

 জোনাকপুৰ, বিৰুবাৰী
  গুৱাহাটী-১৬
 যোগাযোগঃ ৯৮৫৯২৩৬০৬৭

[  ] পাঁচ হাজাৰ বছৰৰ আগৰ কথা।

 তেতিয়া হাবিয়ে বননিয়ে ঘূৰি চিকাৰ কৰি খোৱা, গুহাত, গছৰ খোৰোঙত বাস কৰা কিছুমান আদিম মানুহে একোখন একোখন ঠাইত নিগাজিকৈ থাকিবলৈ লৈছিল। তেওঁলোকে খেতি কৰিবলৈ পথাৰ, পোহনীয়া পশুবোৰ চৰাবলৈ চৰণীয়া পথাৰ আৰু নিজে থাকিবলৈ কিছু ঠাই বৰ কষ্টেৰে হাবি-জংঘল কাটি মুকলি কৰি এলেকা এটা উলিয়াই লৈছিল৷

 নল-খাগৰি, জন্তুৰ ছাল, আলতীয়া মাটিৰে, বাঁহৰ গোঁজ পুতি জুপুৰিবোৰ সাজি লৈছিল। পোনতে বৰ ডাঙৰকৈ এটা ঘৰকে সাজি গোটেইবোৰ থাকিবলৈ লৈছিল যদিও পিছলৈ একোটা একোটা পৰিয়ালে নিজাববীয়াকৈ সৰু-বৰ জুপুৰি কিছুমান সাজি ল’বলৈ শিকিলে৷ অৱশ্যে গোটেই মানুহবোৰ একেটা ঠাইতে থুপ খাই আছিল।

 এৰেহা খাবলৈ কুকুৰ কিছুমান আহিছিল। নিজে নিজে থাকিবলৈ লৈ পিছত সিহঁত পোহনীয়া হৈ পৰিছিল। গিৰিহঁতক সকলো সময়তে বিপদত সহায় কৰা বাবে গিৰিহঁতৰ পৰা সিহঁতে আদৰ-যত্ন পোৱা হ'লগৈ। খাবলৈ চিকাৰ কৰি অনা ভেৰা ছাগলী, গৰু, ম’হ, গাহৰি আদি পিছত খাবলৈ জমা কৰি থওঁতে থওঁতে সেইবোৰো পিছলৈ পোহনীয়া হৈ পৰিল৷ মাইকী গৰু, ম’হ, ছাগলীবোৰে পোৱালি দিয়া আৰু গাখীৰ দিয়া দেখি সেইবোৰ খাবলৈ এৰি ভালকৈ যতন ল’বলৈ ধৰিলে৷ পোহনীয়া পশুবোৰক সুৰক্ষা দিবলৈ গছৰ ডাল, বাঁহৰ গোঁজ পুতি ঘেৰ সাজি ৰখা হ’ল।

[  ]  কিছুমান বস্তু বৰ দৰকাৰী হৈ পৰিল। সেইবোৰৰ কাৰণে গছৰ ঠানি, বাঁহৰ চোচনিৰে খাং, পাচি, চালনি আদি ববলৈ ধৰিলে। আটাইতকৈ ডাঙৰ কথা এইদৰে সৰু-ডাঙৰ বস্তু কিছুমান বওঁতে বওঁতে মনলৈ পোছাক বৈ লোৱাৰ কথা আহিল আৰু গছৰ বাকলি মিহিকৈ ফালি, জৰীগছৰ জৰী ফালি, গছৰ আঁহ উলিয়াই জাল আৰু পোছাক তৈয়াৰ কৰি ল’বলৈ ল'লে।

 খাবলৈ বিচাৰি অনা ফলবোৰ, বীজবোৰ সাঁচি থওঁতে তাৰ পৰা গজালি ওলাই পুনৰ গছ উৎপন্ন হোৱা দেখি বীজ পুতি, ফলৰ গুটি পুতি গজাই ল’বলৈ শিকিলে।

 লাহে লাহে শইচবোৰ কৰিবলৈ মাটি একোডৰা চহাই বীজ [  ] সিঁচিবলৈও ধৰিলে। কামবোৰ মিলিজুলি কৰিলে। শইচ উৎপন্ন হ’ল, পকিল। পকা শ‍ইচবোৰ কাটিলে আৰু সকলোৱে সমানে ভগাই ল'লে। শ‍ইচ কৰা কাম হাতত লোৱাত সঁজুলিবোৰৰ বৰ দৰকাৰ হ’ল। কাঠৰ, শিলৰ, জন্তুৰ ফোপোেলা হাঁড়ৰ, তামৰ আদিৰে কোৰ, নাঙল, দা, কাঁচি আদি সঁজুলিবোৰ তৈয়াৰ কৰি ল'লে৷

 তথাপি মানুহবোৰৰ জীয়াই থকাটো ইমান সহজ নাছিল। কেতিয়াবা কেতিয়াবা বনৰীয়া জন্তুৰ আক্ৰমণত পৰিবলগীয়া হয়। ক’ৰবাৰ পৰা অহা অঘৰী দলবোৰে আক্ৰমণ কৰেহি। সিহঁতৰ লগত যুঁজ দিব লগা হয়। যুঁজত হাৰিলে ঠাই এৰি দিব লগাতো পৰে।

 সেয়ে এলেকাবিলাকৰ মানুহবিলাকৰ মাজত বৰ মিলাপ্ৰীতি আৰু একতা আছিল। বয়সীয়াল কেইজনমানক মুখীয়াল পাতি লৈছিল। তেওঁলোকৰ দিহা-পৰামৰ্শ মতে সকলোৱে কাম কৰিছিল৷

 মুখীয়ালসকলে এলেকাটোৰ আটাইতকৈ সাহসী আৰু স্বাস্থ্যৱান মানুহ এজনক দলপতি পাতি দিছিল৷ এই দলপতিজনৰ পৰামৰ্শ আৰু বুদ্ধিমতে মানুহবোৰে শতৰুৰ লগত যুঁজ দিছিল। আক্ৰমণ কৰিবলৈ অহা শতৰুবোৰক হেৰুৱালে সিহঁতৰ পৰা অস্ত্ৰ, আহাৰ, পশুকে ধৰি লগত ৰখা সকলো বস্তু কাঢ়ি আনিছিল। বস্তুবোৰ সকলোৰে মাজত ভগাই লৈছিল।

 এটা এলেকাত একে ধৰণৰ মানুহ বাস কৰিছিল আৰু নিজকে এটা বংশৰ বুলি ধৰি লৈছিল। মনৰ ভাব বুজাবলৈ একোটা নিজৰ ভাষা ঠিক কৰি লৈছিল৷ ৰীতি-নীতি, আদৱ-কায়দা, নিয়ম-কানুন এটাই আছিল

 তেনে এটা এলেকাৰ কাহিনীয়ে হ'ল—

  “বানচা, য়ান ককা আৰু এখন দেওলগা হাবি।”
[  ]
(১)

 ক'ৰবাৰ পৰা বৈ অহা বহল নৈ এখনৰ পাৰতে এটা এলেকা। তাতে মানুহে বহুদিনৰ আগৰে পৰা বাস কৰি আহিছে। নৈখন বৈ গৈ দক্ষিণ ফালে থকা ওখ পাহাৰটো চুই ক’ৰবালৈ গুচি গৈছে। নৈখনৰ সিপাৰে চকুৰে নমনালৈকে হাবি। নৈখন পাৰ হৈ সেই হাবিখনলৈ যাবলৈ কোনেও কেতিয়াও মন কৰা নাই। নৈখন ক’ৰ পৰা বৈ আহি

ক’লৈ বৈ গৈছে সেই কথাও কোনেও নেজানে। নৈখনত ঢেৰ মাছ- কাছ। শকত গছৰ গুৰিৰে সজা নাৱত উঠি মানুহবোৰে কেতিয়াবা হাতত শেল লৈ মাছ মাৰে।

 এই পাৰটো তেনেই মুকলি। বাটৰ পৰা এঢলীয়া হৈ অহা বালিয়া মাটিৰ পাৰটোত অ’ত ত’ত দুই-চাৰিজোপা গছ। জোপোহা জোপোহা বনফুলৰ গছ কিছুমানো অ'ত ত'ত। নৈৰ কাষে কাষে পানীত গজা জোপোহা গছবোৰো ঠায়ে ঠায়ে আছে।

 জাৰৰ দিনত ল'ৰা-ছোৱালীবোৰে বালিত ধেমালি কৰি ভাল পায়। [  ] সিহঁতে নৈৰ পাৰত শামুকৰ খোলা বিচাৰে। ক'ৰ পৰা যে ধুনীয়া ধুনীয়া শামুকবোৰ ওলায়! নৈৰ পাৰে পাৰে গৈ জোপোহা গছবিলাক খান্দি সিহঁতে আলু বিচাৰে।

 বৰ নৈখন বাৰিষাকালত কেতিয়াবা পানীৰে উপচি পৰে। ভয়লগা ঢৌবোৰ ঢপলিয়াই ফুৰে৷ পথাৰলৈ পানী সোমাই পথাৰবোৰ নাইকিয়া কৰি পেলায়। মানুহবোৰে তেতিয়া দেও উঠিছে বুলি বৰ ভয় খায়।

 নৈৰ বাঢ়ি অহা পানীয়ে মানুহৰ জুপুৰিবোৰ বাৰে বাৰে ভাঙি পেলাইছিল। সেইবাবে আঁতৰত গৈ ওখকৈ ভেটি বান্ধি থকাৰ ঠাই সুবিধা কৰি ল'লে। ভেটিৰ বাবে খন্দা-মাটিবোৰৰ কাৰণে ডাঙৰ ডাঙৰ খাল হৈ একোটা পুখুৰী হৈ পৰিল। সেইবোৰ ধোৱা-পখলা আৰু খোৱাৰ বাবে সুচল হ’ল।

 দক্ষিণফালে থকা ওখ পাহাৰটোৰ তলতে থকা পাতলীয়া হাবিখনে নৈখনৰ এফাল আঁৰ কৰি থয়। পাতলীয়া হাবিখনৰ কাষতে এখন ধূলিয়ৰী শুকান পথাৰ। শুকান ওখ পথাৰখনত শইচৰ খেতি নহয়। পথাৰখনৰ মাজতে এজোপা পুৰণিকলীয়া বৰ ডাঙৰ গছ আছে। গছজোপাৰ তলৰ অংশত এটা মস্ত খোৰোং। মাটিত পোত খাই থকা শিপাৰ পৰা ওলাই থকা অংশবোৰ ইমান টান আৰু শকত যে গছৰ ডাল যেনহে লাগে।

 চনপৰা পথাৰখনৰ দাঁতিতে ক্ৰমে ওখ হৈ পাহাৰটোত লগা এখন ডাঠ অটব্য হাবি আছে। দিনতে ঘোপমৰা আন্ধাৰ হৈ থাকে। সেই হাবিখনলৈ কোনেও কেতিয়াও মুখকে নকৰে৷ বয়সীয়াল সকলে সেই হাবিখন দেওলগা হাবি বুলিয়ে জানি আহিছে। হাবিখনত কেতিয়াবা নিজে নিজে দপ্ দপ্‌কৈ জুই জ্বলা দেখে। হাবিখনৰ ওচৰত গাতে লাগি থকা বৰ গছ কেইজোপাৰ তলত ঢেৰেকণী বতাহত ৰৈ থাকোতে জীয়াই জীয়াই মানুহ মৰাও দেখিছে। হাবিখনত মানুহ সোমালে উভতি নাহে বুলিয়ে বিশ্বাস কৰে। এলেকাটোৰ মানুহ মৰিলে হাবিখনৰ [ ১০ ] মূৰত নি পুতি থৈ আহে। মানুহবোৰে মৰা মানুহৰ আত্মাবোৰে শটো বিচাৰি তাত ঘূৰি ফুৰে বুলিও ভাবে। সেয়ে সেই দেওলগা হাবিৰ কাষলৈ কোনো নাযায়।

 উত্তৰ-পশ্চিমে মানুহৰ শইচৰ পথাৰবোৰ। শইচৰ পথাৰৰ একাষে চৰণীয়া পথাৰ। পথাৰবোৰত পানী জমা নহ'বলৈ মাজে মাজে খাল খন্দা৷ চৰণীয়া পথাৰ আৰু শইচৰ পথাৰ আগুৰি হাবিবোৰ। হাবিবোৰ পাৰ হৈ গ’লে সিফালে ঠেক মুকলি ঠাই কিছুমান আৰু অগাপিছাকৈ পাহাৰ দেখা যায়৷ পথাৰবোৰত ষাঁড়, ঘোঁৰা, ভেৰা আদি পশুবোৰ চৰি ফুৰা দেখা যায়৷ বাট হেৰুৱাৰ ভয়ত আৰু মানুহবোৰ সেইফালে বৰকৈ নাযায়। কেতিয়াবা চিকাৰ কৰিবলৈহে কাচিৎ যায়।

 এলেকাটোৰ দলপতিজনৰ নাম মৌৱা। মৌৱাৰ পিতাকৰ নাম য়ান৷ এই এলেকাটোৰ সবাতোকৈ বয়সীয়াল লোক। ল’ৰা- ছোৱালীবোৰে তেওঁক বৰ ভাল পায় আৰু য়ান ককা বুলি মাতে। য়ান কক্কাই ল'ৰা-ছোৱালীমখাক নৈৰ পাৰত গছৰ তলত পথাৰৰ মাজত সাধু কয়৷ পুৰণি দিনবোৰৰ কাহিনী কৈ শুনায়। ডাঙৰ বিলাকেও সৎ আৰু মৰমীয়াল য়ান ককাক বৰ মান কৰে।

 য়ান ককাৰ ছয়জন পুতেকৰ পৰিয়ালৰ স’তে ভৰপুৰ ঘৰ৷ আহল- বহল ঠাইখনত কেইবাটাও জুপুৰিত তেওঁলোক একেলগে থাকে। তিনি নম্বৰ পুতেকৰ নামেই মৌৱা। মৌৱাৰ চাৰিটা পুতেক, দুজনী ছোৱালী। সৰু পুতেকটোৰ নাম বানচা। আঠ বছৰীয়া। বয়সতকৈ বেছি বুদ্ধিয়ক, বলী আৰু ৰঙিয়াল।

(২)

 শেষ নিশা কোহাল শুনি বানচা সাৰ পাই গ'ল। সি উঠি বহিল। দুই হাতৰ তলুৱাৰে চকুমোহাৰি শুই থকা মাক আৰু বায়েক দুজনীক চালে৷ কাষতে থকা সৰু বায়েক ঝাক সি হেচুকি দিলে। পিছে শুকান মজিয়াত খেৰৰ ওপৰৰ উমলগা শেতেলীত শুই থকা ঝাই কেৰেপকে [ ১১ ] নকৰিলে। বানচা সদায় য়ান ককাৰ লগতহে শোৱে। ককাৰ গাটো ভাল নহয় কাৰণে মাকহঁতৰ লগত শুইছে।

 কোহালটো লাহে লাহে ওচৰ চাপি আহিল। বানচাৰ মাকে সাৰ পালে। গিৰিপ কৰে উঠি আন্ধাৰতে দুপদুপাই লৰি আহি ঘৰটোৰ একমাত্ৰ দুৱাৰখন খুলি বাহিৰ পালেহি। পিছে পিছে বানচাও লৰি আহিল৷ সাৰ পাই ডাঙৰ বায়েক নাখুও লৰি আহিল৷

 বাহিৰত ফট্‌ফটীয়া জোনাক আছিল। জোনাকৰ পোহৰত আহি থকা মানুহমখাক দেখা পাই বানচাৰ মাকে উলাহতে ক’লে—

 “আও জিকিল দে।” দুই হাতেৰে তেওঁ নিজৰ গাতে চাপৰি বজালে।

[ ১২ ]  :“হয়, হয়, জিকিল।” সাৰ পাই লৰি অহা ঝায়ো কিৰিলি পাৰিলে।

 : “কি জিকিল ঝা?” বানচাই তাইৰ হাতখন জোকাৰি সুধিলে।

 : “পিতাহঁত যুঁজলৈ গৈছিল নহয়।”

 : “কি যুঁজ?” সি আকৌ সুধিলে।

 সামৰিব নোৱৰা গাত লোৱা নোমাল পশু ছালখন ঝাৰ গাৰ পৰা খহি পৰিল। ছালখন বুটলি গাত চাটি মাৰি তাই ভেকাহি মাৰিলে—

 :“ধেৎ তেৰি, অঘৰী মানুহবিলাক আহি পথাৰ সোমোৱা নাছিল? সিহঁতৰ লগত যুঁজিবলৈ পিতাই মানুহবোৰক লৈ যোৱা নাছিল?”

 ঝাৰ বৰ স্ফূৰ্তি লাগিল। যুঁজত জিকিলে ঢেৰ বস্তু পায়। হৰা মানুহবোৰৰ পৰা কাঢ়ি আনে। দা, যাঠীলৈ তাইৰ মন নাই। পোছাক আৰু তাম সোপালৈহে হেঁপাহ। তাম গলাই ককাকে তাইক গহনা সোপা সাজি দিয়ে। জিকিলে খোৱা ভোজটোও তাই ভাল পায় কাণে-মূৰে মালা, কাণফুলি এসোপা আঁৰি তাই ফিতাহি দেখুৱায়। ফিতাহি নহ’বনো কিয়? তাই যে দলপতিৰ জীয়েক।

 ঘৰৰ বাকী তিৰোতা আৰু ল’ৰামখা জুপুৰিবিলাকৰ পৰা ওলাই আহিল। বানচাহঁতৰ মাজ চোতালতে চুঁচি-মাজি চিকুণ কৰি থোৱা শকত গছৰ গুৰি এটা আছে। দলপতি বানচাৰ পিতাক আহি তাতে বহিলহি। বাকী মানুহবোৰ দলপতিৰ ওচৰ পালেহি। মানুহ দুটামানে যুঁজত পোৱা বস্তুবোৰ ভেৰা কেইটামানৰ স’তে আনি চোতালত থ’লেহি।

 দলপতিয়ে বস্তুবোৰ ভগাই দিলে। নিজলৈ যাঠি দুডাল সৰহকৈ ল'লে আৰু আটাইকেইটা ভেৰা ৰাখি থ’লে। কোনেও একো মাতিবলৈ সাহ নকৰিলে।

 তেনেতে ঘটনা এটা ঘটিল। বানচাৰ লগৰীয়া খাক্‌লাই আহি ভেৰা এটা সাৱটি ধৰিলেহি।

 : “এইটো মোক লাগিবই।” সি জিদ ধৰিলে।

[ ১৩ ]  দলপতিৰ খং উঠিল। খাক্‌লাক আঁতৰ হ’বলৈ ক’লে। সি হ’লে লৰচৰকে নকৰিলে।

 :“হেই হেই তাৰ অতপালি চা।” ঝাই থকা ঠাইৰ পৰা চিঞৰিলে।

 হুলস্থুল এখন হ’ল। সকলোৰে গুম্‌গুমনি। খাক্‌লাৰ চিঞৰ-বাখৰ। দলপতিৰ ধমক।

 য়ান ককা ওলাই আহিল। য়ান ককা আজিকালি যুঁজলৈ নাযায়। পিছে গাৰ শকতি শেষ হোৱা নাই৷ এতিয়াও একেটা ভুকুতে ভেৰা এটা বধিব পাৰে। ককাকক দেখি বানচাৰ সাহস বাঢ়িল। একেলৰে গৈ সি খাক্‌লাৰ পৰা ভেৰাটো কাঢ়ি লৈ আহিল। ঝাই দৌৰি গৈ তাক চাব্বাছ দিলে। ফেপেৰি পাতি অহা খাক্‌লাক পিতাকে টানি নি ঘৰত সোমোৱালেগৈ। বাকী মানুহখিনিও ঘৰে ঘৰে সোমালগৈ।

 তেতিয়া ভালকৈ পোহৰ হৈ আহিছিল৷ জঁপিয়াই জঁপিয়াই বানচা চোতালত থকা ডাঙৰ শিলটোৰ ফালে আগবাঢ়িল। য়ান ককাই তাক থাপ মাৰি হাতখনত ধৰি বাটৰ পিনে টানি লৈ গ'ল।

 য়ান ককাৰ হাতৰ টান মুঠিত বানচাৰ কণমানি হাতখনত পোৰণি উঠিল৷ শকত-আৱত ওখ ককাকৰ খোজত খোজ মিলাবলৈ সি দৌৰিব লগা হ'ল।

 য়ান ককা একেবাৰে বৰ নৈৰ পাৰ পালেহি। তাক ঠেলা মাৰি গছজোপাৰ তলৰ ওখ ভেটিটোত বহি পৰিল। বানচা বালি সোপাত সোমালগৈ।

 বালিসোপাৰ পৰা ওলাই বানচাই গা-মূৰ জোকাৰি থিয় হ'ল। তাৰ খং উঠি গ'ল। নৈখনলৈ চাই থকা ককাকৰ প্ৰকাণ্ড পিঠিখনৰ পিছফালে সি ৰৈ থাকিল৷

 কিছু সময়ৰ পিছত য়ান ককাই ঘূৰি বানচালৈ চালে। বানচাই খঙত ৰঙা পৰা ককাকৰ চকু হালত মৰম দেখা পালে। কিছু সময়ৰ আগতে সি ককাকক আকাশৰ ঢেৰেকণি দেৱতাই খাই পেলোৱাটোকে [ ১৬ ] কাণে ওলোমাই লোৱা সকলোৰে চখ। পেনাইবোৰৰ পৰা সৰু সৰু পোৱালি শামুকবোৰৰো ভাল মালা হয়। বৰষুণৰ দিনত যেনেকৈ শামুকবোৰ পায় জাৰকালি তেনেকৈ নাপায়৷ বানচাৰ সৰু বায়েক ঝাক শামুকৰ খোলা লাগেই। সি আনি দিয়া শামুকবোৰেৰে তাই বৰ ধুনীয়াকৈ মালা গুঠি লয়।

 বানচাৰ লগত খাক্‌লাৰ ভায়েকো গৈছিল। খাক্‌লাই তাক টানি লৈ আহিল। সেইদিনাৰ পৰা বানচাক খাক্‌লাই শতৰু বুলি ভাবিবলৈ লৈছে৷

 বৰ নৈৰ পাৰত বানচাহঁতে পোনতে খেলি ল’লে। তাৰ পিছত শামুক বিচাৰিলে। বাম পানীত গজা বীজলুৱা ঘাঁহবোৰৰ পৰা লালুকি আৰু মিছা মাছৰ পোৱালিবোৰো ধৰিলে।

 সিহঁত যেতিয়া ঘৰলৈ উভতিল দেখিলে খাক্‌লাই তাৰ লগৰ তিনিটাৰ লগত কেৰ্কেটুৱা চিকাৰ কৰি আহিছে। জাৰকালি কেৰ্কেটুৱাৰ গাটো দীঘল দীঘল নোমেৰে ভৰি পৰে। ছালখনেৰে ফিটা আৰু টুপী বনাবলৈ মজা। গৰমকালি আক’ নোমবোৰ সৰি যায়। তেতিয়া মোনা সাজিবলৈ ভাল।

(৪)

 গধূলি য়ান ককা শিলৰ কুঠাৰখনত নাল লগাবলৈ চোতালত থকা জুইকুৰাৰ ওচৰ পালেহি। জোনাক নিশা কিছুপৰলৈকে মানুহবোৰ বাহিৰত থাকে, পিছে এন্ধাৰ নিশা হ’লে গধূলিতে ভিতৰত সোমাই থাকে। ফুটা কৰিবলৈ নিগাজিকৈ পাতি লোৱা ফেৰেঙণি থকা কাঠৰ চাপৰ খুঁটা দুটা তেওঁ চাই ল’লে। ফেৰেঙণিত কাঠৰ মাৰি ডাল থৈ সোঁমাজত জোঙা কৰা ফোপোলা হাড়ডাল পোনহৈ থাকিবলৈ ভালকৈ বান্ধি ল’লে। বান্ধটোৰ মাজেৰে হাড়ডাল ঘূৰে নে নুঘূৰে তাকো চাই ল’লে। পশুৰ ফোপোলা হাড়বোৰ বৰ টান আৰু ধাৰ থকা। কুঠাৰখন [ ১৭ ] তলত থৈ জোঙা হাড়ডালত পাক দিবলৈ ধনুখন লগাই ল'লে।

 জুহালত বানচাৰ মাকে আৰু খুড়ীয়েকহঁতে আলতীয়া মাটিৰ বাতিবোৰ টান কৰিবলৈ জুইত পুৰি ইলুটি-সিলুটি কৰি আছিল। বানচাতকৈ অলপ ডাঙৰ খুৰীয়েকৰ পুতেক দুটাই আলতীয়া মাটিৰ সৰু সৰু লাডুবোৰ টান কৰিবলৈ পুৰি আছিল। সেইবোৰে সৰু-সুৰা চিকাৰ কৰিবলৈ ভাল। খুৰীয়েক আৰু মাকহঁতে আলতীয়া মাটিৰ গুণৰ কথাকে পাতি আছিল। ক’ৰবাৰপৰা বানচা আহি মাকে সেকি থকা বাতিটো থাপমাৰি ক’লে— “এই ডাঙৰ বাতিটোত মোক এবাতি মৌ লাগিব।” দুদিনৰ আগতে পিতাকহঁতে মৌ দুবাহমান কাটি আনি

থৈছেহি। মৌ গোন্ধেৰে মলমলাই আছে। মাকে বানচাৰ পৰা বাতিটো আনিবলৈ কঢ়া-আজোৰা কৰোতে বাতিটো চেপেটা লাগিল। পোনাবলৈ যাওঁতে ভাগি থাকিল। মাকৰ খং উঠিল। তাৰ পিঠিত ভালকৈ ঢকা এটা দিলে। বানচা হামখুৰি খাই গোটাই থোৱা শিলগুটিৰ দ’মটোত পৰিলগৈ। তাৰ কপালেদি তেজ বিৰিঙিল।

 বানচাই টেটুফালি চিঞৰিবলৈ ধৰিলে। চোতালতে বহি থকা [ ১৮ ] খুৰীয়েক এজনীৰ কোলাত বুকুৰ গাখীৰ খাই থকা দুবছৰীয়া জীয়েকজনী উচ্‌প খাই তায়ো কান্দি উঠিল। বৰমাক এজনীয়ে বানচাৰ কপালখন মোহাৰি ক'লে— “মনে মনে থাক ঐ বোপাই। এন্ধাৰৰ দৈত্যই চোঁচৰাই নিবহি। নিশাটো এনেয়ে ভয় লগা।” কান্দি উঠা জীয়েকক লৈ খুৰীয়েকজনী ভিতৰ পালেগৈ।

 য়ান ককাই ধনুখনত দুপাক মান দিছিলহে। তেওঁ বানচাৰ মাকক ধমক দিলে— “পিঠিত ঢকিয়াব নেপায়। কষ্ট পালে জীউটো গুচি যায়।”

 কান্দি থকা বানচাক লৈ য়ান ককা চোতালৰ কাঠৰ গুৰিটোত বহিলগৈ। তাৰ চকুপানী মচি ক’লে— “মই তোক কাহিনী এটা কম শুন।” তেওঁ কৈ গ'ল— “সৌ ওপৰৰ আকাশখন দেখিছ? তাত দেৱতাবোৰ থাকে। সৌ যে জিক্‌মিকাই আছে সেইবোৰ মণি-মুকুতাৰে সজা তেওঁলোকৰ ঘৰ। এই ধৰণীখনত কোনে ক’ত কি কৰিছে তেওঁলোকে তাৰ মাজেৰে চাই থাকে বুইছ? আকাশৰ দেৱতাবোৰৰ ৰজা মহাপ্ৰভু। তেৱেঁ এই আমি থকা ধৰণীখন সৰজিছে। বহুত কালৰ আগৰ কথা৷ মহাপ্ৰভুৰ এজনী বৰ দিপ্‌লিপ্‌ জীয়েক আছিল। নাম ফা ফা। দেৱী যেনে শুৱনী তেনে দয়াৱতী। এদিন নিশা ফাদেৱী ধৰণীখন ওচৰৰ পৰা চাবলৈ আহিল। তিৰ্‌বিৰাই থকা চালে চাই থাকিবলৈ মন যোৱা ৰূপহী ফাদেৱীক ক’লা দৈত্যই দেখা পালে। ফাদেৱীক নিজৰ কৰি ল’বলৈ মন কৰিলে। ফাদেৱী ভয় খাই গুচি যাবলৈ ধৰোতেই ধৰি নি পাহাৰৰ গুহাত লুকুৱাই থ’লেগৈ৷ ইফালে মহাপ্ৰভুৱে জীয়েকক বিচাৰি ফুৰিলে।

 ফাদেৱীয়ে দিনে-নিশাই কান্দিবলৈ ধৰিলে। তেওঁৰ চকুৰ পানীত এদিন ধৰণীখন তেনেই বুৰ গ'ল। পানী দেখি প্ৰভুৱে জীয়েকৰ চকুৰ পানী বুলি চিনি পাই ধৰণী পালেহি। পিছে ক’লা দৈত্যই আগভেটি ধৰিলে। দুয়োৰে মাজত যুঁজ লাগিবলৈ ধৰিলে। বহু কাল পাৰ হৈ [ ১৯ ] গ’ল। যুঁজ লাগিয়ে থাকিল। ইফালে ফাদেৱীৰ চকুৰ পানীও বাঢ়ি গৈ থাকিল। জীৱ-জন্তু, মানুহ, গছ-বন সকলো পানীৰ তলত বুৰ গৈ জাহ গ'ল।

 অৱশেষত প্ৰভুৱে দৈত্যক দুছেও কৰিলে। ওপৰছোৱা ওপৰলৈ দলি মাৰি ওখ পৰ্বতহৈ থাকিবলৈ শাও দিলে আৰু তলৰছোৱা মাটিৰ তলত পুতি থ’লে। পাহাৰৰ গুহাৰ পৰা প্ৰভুৱে জীয়েকক লৈ আহিলগৈ। ক’লে— “ব’লা আমি সোনকালে গুচি যাওঁ৷” কিন্তু ফাদেৱীয়ে কি ক’লে জাননে? ক’লে— “পিতা মোৰ কাৰণে ধৰণীখন ধ্বংস হ’ল। সকলো জাহ গ'ল। তুমি আকৌ আগৰ নিচিনা ধৰণীখন কৰি দিলেহে

মই উভতি যাম।”

 জীয়েকৰ কথা পেলাব নোৱাৰি মহাপ্ৰভুৱে আলতীয়া মাটিৰে [ ২০ ] মানুহ, জীৱ-জন্তু, গছ-গছনি সাজিলে আৰু তাত জীৱ দিলে। ধৰণীখন আগৰ নিচিনা হৈ পৰিল। চকুৰপানীবোৰ মাটিৰ তলত সোমাই পৰিল। সেইবাবেই মাটি খান্দিলে কেতিয়াবা পানী ওলোৱা আমি দেখো নহয়। ফাদেৱীক লৈ মহাপ্ৰভু যাবলৈ ওলাল৷ পৰ্বত হৈ পৰা ক’লা দৈত্যই কাকুতি কৰি আগৰ নিচিনা কৰি দিবলৈ ক’লে। প্ৰভুৰ বেয়া লাগিল, ক’লে—“হ’ব বাৰু, তই নিশা ভৰি নোহোৱাকৈয়ে ঘূৰি ফুৰিব পাৰিবি। তোৰ তল ছোৱা সদায় একেবাৰেই তলত ওলাব নোৱৰাকৈ পোত খাই থাকিব।” তেতিয়াৰ পৰা নিশা হ'লেই ক’লা দৈত্য ওলাই ঘূৰি ফুৰে। দিনত ওলায় বুলি বেলি দেৱতাক প্ৰভুৱে চাই থাকিবলৈ ক’লে। কেতিয়াবা আক’ তলছোৱাও ওলাবলৈ উক্‌মুকায়। তেতিয়াই ধৰণীখন কঁপিবলৈ ধৰে। আমি হঠাতে কেতিয়াবা ধৰণীখন কঁপি থকা দেখো সেয়াই বুইছ। এইদৰে ওপৰৰপৰা দেৱতাবিলাকে ক’ত কি হৈছে চাই থাকে। যেতিয়াই বেয়া কথাবোৰ বেছি হোৱা দেখে ঢেৰেকণী বিজুলীৰে গুজৰি-গুমৰি আহে। ৰংমনে ৰূপহী ফাদেৱীক লৈ প্ৰভু গুচি গ'লগৈ।” য়ান ককাই কাহিনী সামৰিলে। তেওঁৰ ওচৰত সৰু-ডাঙৰ ল’ৰা- ছোৱালীসোপাৰ লগতে বহি কাহিনী শুনি থকা খুৰীয়েক দুজনীক ক’লে— “ব’লহক ভিতৰ সোমাবৰ হ’ল।” য়ান ককাৰ পিঠিত মূৰ থৈ আকাশলৈ চাই চাই আপোন মনে কাহিনী শুনি থকা ঝাই ভাবিলে সৌ জিক্‌মিকোৱা ঘৰবোৰেৰে ফাদেৱীয়ে বাৰু এতিয়াও জুমি জুমি সিহঁতক চাই আছে নেকি?

(৫)

 পুৱা দুই-এটা চৰায়ে মাতোতেই য়ান ককাই সাৰ পালে৷ ভালকৈ পোহৰ নোহোৱালৈকে শেতেলীতে থাকিল। ওচৰতে শোৱা বানচাৰ গাত শন সূতাৰ কাপোৰখন ভালকৈ দি কিছুসময়ৰ পিছত তেওঁ উঠি

বাহিৰলৈ আহিল।

[ ২১ ]  য়ান ককা পোহনীয়া জন্তুবোৰ ৰখা গোহালিত সোমালহি। গৰু, ভেৰাবোৰ গণি চালে। যদিও ওখ ওখকৈ ফলা বাঁহেৰে মজবুতকৈ ঘেৰ দি জপনা লগাই থোৱা থাকে তথাপি কেতিয়াবা কুকুৰনেচীয়া, শিয়াল সোমায়। পোহনীয়া পশুবোৰৰ য়ান ককাই বৰ যতন লয়।

 গাখীৰ দিয়া গৰু, ছাগলী আৰু ম'হ দুজনী থৈ বাকী জাকক তেওঁ বাহিৰলৈ উলিয়াই আনিলে। সিহঁতক চৰণীয়া পথাৰত এৰি থৈ আহিব। এলেকাটোৰ ডেকাহঁতে পাল পাতি পশুবোৰ চৰায়। বেলি উঠিলেই সিহঁত যায়। গধূলিৰ আগে আগে খেদি আনে। পশুবোৰে নিজৰ নিজৰ গিৰিহঁতৰ চিন ৰাখিব পাৰে।

 বানচা উঠি আহিল। সি সদায় য়ান ককাৰ লগত যায়। ককাকক সি সহায় কৰি দিলে।

 বাটতে বানচাহঁতে চৰণীয়া পথাৰৰ পৰা অহা খাক্‌লা আৰু তাৰ পিতাকক পালে। খাক্‌লাৰ পিতাকে য়ান ককাক মাত লগালে। খাক্‌লা আৰু বানচা দুয়ো দুয়োলৈকে ঘোপা কৰি চালে। কথাটো য়ান ককাৰ চকুত নপৰাকৈ নেথাকিল।

 চৰণীয়া পথাৰত পশুবোৰ থৈ জঁপিয়াই জঁপিয়াই লৰি অহা বানচা মধুৰিআম এজোপাৰ তলত ৰৈ গ’ল। সি ওপৰলৈ চাই থাকিল। অ’ত ত’ত থকা পকাকেইটালৈ চকু গ’ল। গছত ফল থাকিবলৈকে নেপায়। যিয়ে পায় সিয়ে খাই থয়। বানচাৰ মাক-খুৰীয়েকহঁতে ফলৰ গুটিৰ পৰা ঢেৰ ফলৰ গছ কৰিছে। সেইবাবে সিহঁতে সদায় কিবা নহয় কিবা এবিধ ফল খাবলৈ পায়েই।

 ওপৰলৈ চাই থকা বানচাক য়ান ককাই পিছফালৰ পৰা কঁকালত ধৰি ওপৰলৈ মাৰি পঠিয়ালে। থতমত খোৱা বানচাই ডাল এটাত থাপ মাৰি ধৰিলেগৈ। তাৰ পিছত কি কৰিব লাগে সি জানে। দুবাৰমান ওলমি অগা-পিছা কৰি এপাকত গছৰ মজবুত ডাল এটাত ভৰিৰে কেৰেপা খুৱাই ধৰি ল’লে। পিছত দুই হাতেৰে ডালটোত ধৰি দুফালে [ ২২ ] দুটা ভৰি ওলোমাই বহি ল'লে। পিছত দুই হাতেৰে ডালটোত ধৰি দুফালে দুটা ভৰি ওলোমাই বহি ল’লে। সি ডালে ডালে বগাই মধুৰিকেইটামান ছিঙি তললৈ দলিয়ালে।

 এইবোৰ কৌশল তাক য়ান ককাই শিকাবলৈ লৈছে। কেনেকৈ

ওলোটা খৰ মাৰিব লাগে, গড়খাৱৈ পাৰ হ’বলৈ জাঁপটো মাৰোতে কেনেকৈ গাটো আগলৈ হলাই ল’ব লাগে, গছৰ ওপৰৰ পৰা তললৈ জাঁপ মাৰোতে ভৰি দুটাৰ সমতা ৰাখি কিমান আঁতৰত ল’ব লাগে, বাগি দি সৰা, পানীত সাঁতোৰা, পানীৰ তলত ফোপোলা নলীৰে উশাহ লৈ থাকিব পৰা, ভয় খালে উশাহটো বুকুত লৈ দীঘলকৈ উশাহ এৰা আদি ঢেৰ কৌশল। গাত জোৰটো বেছি হ’বলৈ য়ান ককাই তাক সিজোৱা মঙহৰ জোল আৰু মৌ ঢলা গাখীৰ সৰহকৈ খাবলৈ দিয়ে। বানচাৰ লগতে তাৰ লগৰীয়াহঁতকো য়ান ককাই শিকায়।

 কোনোবাখিনি পোৱাগৈ য়ান ককাক বানচাই লগ ধৰিবলৈ গছৰপৰা জঁপিয়াই ফলবোৰ বুটলি ল’ব ধৰিলে।

 বানচাহঁত যেতিয়া ঘৰ পালেহি মাক আৰু বৰমাকহঁতে গাখীৰ [ ২৩ ] খীৰাই আনি চোতালৰ ডাঙৰ কাঠৰ চৰিয়াটোত ঢালিছেহি। ল’ৰা- ছোৱালীমখাই হাতে হাতে বাতি লৈ কোহাল লগাইছে। ডাঙৰ বায়েক নাখুৱে বানচাক ক'লে— “যা তোৰ বাতিটোও আনগৈ।” বানচা নগৈ মধুৰি চোবাই থকা দেখি খুৰীয়েকে জোকালে— “সি মৌ লগোৱা গোটা গাখীৰহে ভাল পায়।” বানচাই দৈ খাবলৈ সঁচাকৈয়ে ভাল পায়। তথাপি ককাকৰ ভয়ত সি বাতিটো আনিবলৈ গ'ল।

 চোতালত থকা ককাই ভাবিলে, বনদেৱতাই পশুবোৰ দি মানুহক কম সহায় কৰিছেনে? তেওঁক সৰুতে ককাকে কোৱা মনত আছে ককাকক ককাকহঁতে হেনো কৈছিল পোনতে এই গৰু-ছাগলীবোৰৰ গাখীৰ যে মানুহৰ বাবে বৰ সহজ আৰু উপকাৰী জনাই নাছিল। আনকি মাইকী গৰু-ম'হবোৰে পোৱালি দিব পাৰে বুলিও নাজানিছিল। জনাৰ পিছত মানুহ জনম দিব পৰা তিৰোতাবোৰক দেৱতাৰ শক্তি থকা বুলি ভবাৰ দৰে মাইকী পশুবোৰকো ভবা হ’ল। তিৰোতা মানুহক যিদৰে মান কৰে সেই দৰে মাইকী পশুবিলাককো আদৰ-যত্ন কৰা হ'ল।

 গোটাই থোৱা শন আৰু নোমসোপা আনিবলৈ য়ান ককা নিজৰ জুপুৰিটোলৈ গ'ল৷ সেইবোৰ শুকুৱাবলৈ আছে। জাৰটো পৰাৰ আগতে সেইবোৰে উম থকা পোছাক এটা কৰিব লাগিব।

(৬)

 ৰাতিপুৱা ৰ’দটো ওলাইছিল। বানচাৰ লগৰীয়াবোৰ আহি তালৈ বাট চালে। তেতিয়াও কিছুমানে সিজোৱা শইচৰ লাডুবোৰ চোবাই আছিল। কিছুমানে পোৰা আলু। সিহঁতৰ কঁকালত ওলোমাই লোৱা মোনাবোৰত কিবা নহয় কিবা খোৱা বস্তু থাকেই। যদিও চকুত পৰা চিকাৰ ধৰিবলৈ জোঙা শিলৰ টুকুৰা, টান মাটিৰ লাডু আৰু ছুৰি এখন ল’বলৈহে মোনাটো লয়। সৰু-ডাঙৰ সকলোবিলাকৰ হাতত টাঙোন [ ২৪ ] এডাল থকাটো নিয়মেই। এটাই আক’ কঁকালত বান্ধি লোৱা পশুছালৰ লেঙুটিখনৰ লগতে কাষ ফুটা কৰা বাঁহৰ চুঙাটোত ভজা ঘেঁহু ভৰাই বান্ধি আনিছে। সিহঁত আজি দিনটোৰ কাৰণে ওলাইছে। য়ান ককাই সিহঁতক নতুন কিবা শিকাব। তাৰ পিছত গোটেই জাক ওখ পাহাৰটোত চিকাৰ কৰিবলৈ উঠিব।

 একেলৰে বানচা আহি সিহঁতৰ ওচৰ পালেহি। তাৰ কেঁকোৰা দীঘল চুলি সোপা সামৰিবলৈ সি গাহৰি ছালৰ ফিটা এডাল কপালৰ স’তে বান্ধি লৈছে। ডিঙিত তামৰ ঘেৰ এটা। তাত গাহৰি দাঁত এটাও বান্ধি লৈছে। কঁকালত আঁঠুৰ ওপৰত থকা পোছাকটো জহামালৰ ছালৰ স’তে জৰীগছৰ আঁহেৰে বায়েক নাখুৱে বৈ দিয়া। তাৰ মোনাত

জোঙা শিলৰ টুকুৰা, কঁকালত ফোপোলা হাড়ত ধাৰ দি কৰা কটাৰী। আজি পিছে তাৰ হাতত সদায় থকা টাঙোন ডালৰ সলনি কাঠত তাম গলাই বন্ধা জোঙা যাঠিপাতহে। পশুৰ দাঁতৰ মাৰিৰ লগত ধাৰ থকা শিলৰ টুকুৰা লগাই কৰা কাচিখনো লৈছে। সি ক'লে—

 : “ব’ল ব’ল। ককা পথাৰতে আছে।”

[ ২৫ ]  বানচাই চালে খাক্‌লা অহা নাই। তাৰ মন নেথাকিলেও ককাকে তাক মাত-বোল কৰিবলৈ কয়। লগৰ মাজত হেনো শতক হোৱা বেয়া। সেয়ে তাৰ লগত ইকক তাক মাতিবলৈ কৈছিল।

 হাঁহি-মাতি গোটেই মখা পথাৰৰ ফালে আগবাঢ়িল।

 দুজাকমান বৰষুণে কোমল কৰা পথাৰত মানুহবোৰ গোট খাইছে। সিহঁতৰ হাতত দীঘল দীঘল কাঠৰ নালথকা ডাঙৰ ডাঙৰ ধাৰ কৰা শিলৰ কোৰ। কিছুমানে কোৰবোৰ পশুৰ শিঙেৰেও কৰি লৈছে। দুটামানে কোৰৰ ওপৰত হেঁচা দিছে আৰু দুটামানে নালত ধৰি টানি নিছে। মানুহবোৰে এনেকৈয়ে শিৰলু তুলি মাটি চহায় তাত শইচ সিঁচে।

 বানচাহঁতক দেখি য়ান ককা পথাৰৰ পৰা আহি সিহঁতৰ ওচৰ পালেহি। পথাৰৰ আলিয়েদি সিহঁত গৈ থাকিল। সিহঁত ঘন হাবিখনৰ ওচৰ পালে৷ এটাই ক'লে—

 “সৌ হাবিখনত ছাগৈ ঢেৰ চিকাৰ আছে।”

 য়ান ককাই ধমক দিলে।

 “সেইফালে নেচাবিয়েই।”

 “কিয়? সিহঁতে সুধিলে।

 য়ান ককা ৰ’ল। বৰষুণৰ দিনতো শইচ নগজা এঢলীয়া বালি- ধূলিৰ চনপৰা পথাৰখনৰ কাষতে থকা ঘন হাবিখনলৈ চাই ক'লে—

 : সেইখন দেওলগা হাবি। ক’লা দৈত্য থাকে। এবাৰ মানুহ সোমালে ওলাই আহিব নোৱাৰে৷ সৌ বৰ গছ কেইজোপা দেখিছনে? এবাৰ বতাহ-বৰষুণ, ঢেৰেকণিত থাকিব নোৱাৰি দৌৰ মাৰি গৈ গছজোপাৰ তলত মানুহকেইটামান ৰৈছিলগৈ। এটাও নেবাচিল বোপাইহঁত! জীয়াই জীয়াই জীউবোৰ নাইকিয়া হ’ল। পিছতহে মানুহবোৰে দেখিছেহি। আমাৰ বোপাইহঁতে আগতেই মানা কৰি গৈছে। এই পথাৰখনত বোকাও নহয়, শইচো নহয়। নিশা দেও-ভূতবোৰ [ ২৬ ] হাবিৰ পৰা ওলাই আহি ইয়াত ঘূৰি ফুৰেহি। সৌ গছজোপাৰ খোৰোঙত জিৰণি লয়হি।

 আটাইকেইটাই ভয়ে ভয়ে দেওলগা হাবিখনলৈ চালে।

 হাবিখনত নিজে নিজে জুই জ্বলা য়ান ককাই নিজে দেখিছে। মৰা মানুহবোৰৰ আত্মাবোৰ আহি হাবিখনত ভৰি পৰিছে বুলি য়ান ককাহঁতে ভাবে।

 ওখ পাহাৰটোলৈ আঙুলিয়াই বানচাই ক’লে— “আজি আমি তাত চিকাৰ কৰিবলৈ যাম।”

 য়ান ককাই বাৰুকৈয়ে ভয় খালে৷ ক'লে—

 : “কি ক’লি, কি ক’লি? একদম নেযাবি তালৈ।”

 : “কিয়? কিয় য়ান ককা, কিয়??” সিহঁতৰ মনবোৰ মৰি গ'ল।

 কিমান কথা ভাবি থৈছিল! ওখ পাহাৰটো বগাব, চিকাৰ কৰিব, স্ফূৰ্তি কৰি পুৰি খাব। সিফালেও কি আছে চাব। এতিয়া য়ান ককাই মানা কৰে কিয়?”

 : “একো নহয় দে।” বানচাই ক'লে।

 : “দুছেও কৰিব।” য়ান ককাই ক'লে।

 :“কোনে?”

 : “তাতো দৈত্য আছে নেকি?”

 : “ক’তা? অত বেছি হাবি নাই নহয়।”

 সিহঁতে পাহাৰটোলৈ চাই চাই ক’বলৈ ধৰিলে।

য়ান ককাই বুজালে—

 : “বোপাইহঁত পাহাৰটোলৈকেহে আমাৰ সীমা। সিফালে অইন মানুহৰ এলেকা। কেনেবাকৈ তহঁতক দেখিলে সুদাই নেৰে, কাটিব। বল বল আগবাঢ়।”

 য়ান ককা বাওঁফালে ঘূৰিল। মনবোৰ গোমা কৰি পিছে পিছে

গোটেই জাক।

[ ২৭ ]  সিহঁত বোকাৰ পথাৰখন পালেগৈ। গাৰ সঁজুলিবোৰ থৈ উৎপাত কৰি গোটেইমখা পথাৰত নামিলগৈ।

 : “গোৰোৱা ঢিলা কৰি আঙুলিবোৰ খামুচি দৌৰিবিহক।” য়ান ককাই ৰিঙিয়াই ক’লে।

 য়ান ককাই ল’ৰাহঁতক নিপুণ যুঁজাৰু আৰু সাহসী কৰিবলৈ বিচাৰিছে। যাতে সময়ত অঘৰী মানুহৰপৰা এলেকাটো সিহঁতে ৰক্ষা কৰিব পাৰে। বানচাক সৎ মানুহ কৰি দলপতিৰ গাত থাকিবলগীয়া গুণবোৰ দিবলৈ মন কৰিছে। ভাল মনৰ নহ'লে শতৰু বাঢ়িব। মানুহবোৰৰ একতা নেথাকিব। একতা নহ'লে এলেকাটো ৰক্ষা হ’ব কেনেকৈ?

 ল’ৰাহঁতে বোকাই-পানীয়ে দৌৰিলে। দুটা দল হৈ যুঁজ কৰি মজা ল’লে। জঁপিয়াই, এটা ভৰিৰে খোজকাঢ়ি শকতিৰ আৰু বুদ্ধিৰ জোখ দিলে। বেলি ভালেমান পৰ হ’লগৈ।

 য়ান ককাই সিহঁতক লৈ উভতিল।

 ল’ৰাহঁতে বাটতে য়ান ককাক এৰি খালত নামি গা-মূৰ ধুবলৈ গ’ল।

 য়ান ককাই দেখিলেহি তেতিয়া পথাৰৰ মাজেদি ছাগলী-ভেৰাবোৰ খেদাই নিয়া কামবোৰ শেষ হৈছেহি। তেনে কৰিলে সিঁচা শইচবোৰ মাটিত পোত যায়। পোত খালেহে গজালি ওলাব।

 খেতি কৰা বিদ্যাটো তিৰোতাবোৰেহে উলিওৱা। খাবলৈ সাঁচি থোৱা বীজৰ গজালি দেখি মাটিত পুতি থৈছিল। তাৰ পৰা গছ হোৱা দেখি তিৰোতাবোৰে বীজ পুতি পুতি শইচ কৰিবলৈ লৈছিল।

 ঘৰলৈ খোজ খৰ কৰা য়ান ককাই ভাবি গ’ল— এলেকাটোত মানুহ বাঢ়ি আহিছে। হাবি ভাঙি মাটি সৰহ কৰিব লাগিব। সোনকালে

মুখীয়ালবিলাকৰ লগত কথাটো পাতিব লাগিব। [ ২৮ ]

(৭)

 সেইদিনা বৰ আচৰিত ঘটনা এটা ঘটিল।

 টলৌ টলৌকৈ ঘূৰি ফুৰা ল'ৰা-ছোৱালীমখা আহি ধূলিয়ৰী পথাৰখন পালেহি। কিছুমানে কেঞাবনবোৰ খান্দি গুটি বিচাৰিলে। মিঠা গুটিবোৰ খাবলৈ বৰ সোৱাদ লগা। কিছুমানে আকৌ বালি খুচৰি জিল্‌মিল পোকবোৰ বিচাৰিলে। ক'ৰবাৰ পৰা আহি খাক্‌লাহঁতো পালেহি।

 খাক্‌লা গৈ গছজোপাৰ ওচৰ পালেগৈ। খোৰোঙৰ আঁৰবোৰত নাইপিয়াবোৰ থাকে। গছজোপাৰ গুৰিটো

ইমান ডাঙৰ যে কুৰিটামান ল’ৰা- ছোৱালীয়ে হাতত ধৰাধৰিকৈ ঘেৰ এটা কৰিলেও কিজানি ঢুকিয়ে নাপাবগৈ। ফোপোলা গুৰিটোৰ ভিতৰখন যেন জুপুৰি এটাহে ওপৰখন অন্ধকাৰ।

 খাক্‌লাহঁতে দেখিলে খোৰোঙৰ মজিয়াত শুকান পাতসোপাৰ ওপৰত ল’ৰা-ছোৱালী এহাল শুই আছে। ল’ৰাটো সিহঁতৰ সমান। ছোৱালীজনী সৰু হ’ব। গাৰ বৰণ আৰু দেখাত সিহঁতৰ এলেকাৰ মানুহৰ নিচিনা নহয়। বৰণ বৰ চকুত লগা। চুলিবোৰ ৰঙচুৱা। সিহঁত টোপনিত লালকাল। খাক্‌লাই দুবাৰমান মাতিলে। মাত নেপায় হাতত ধৰি টানি বাহিৰলৈ উলিয়াই আনিলে ল’ৰা-ছোৱালী দুটাই সাৰ পালে আৰু খাক্‌লাহঁতক দেখি বৰ ভয় খালে। খাক্‌লাহঁতে কিবাকিবি সুধিলে। পিছে সিহঁতে একো বুজি নাপালে। খাক্‌লাই সিহঁতৰ গাত ধূলি ছটিয়াই ৰং চাবলৈ ধৰিলে। সিহঁতক নগুৰ-নাকতি কৰি সি বৰ ৰং পালে। খাক্‌লাৰ লগৰকেইটায়ো [ ২৯ ] তাকে কৰিলে আৰু জোকাবলৈ ধৰিলে। ছোৱালীজনীয়ে ককায়েকক সাৱটি কান্দিবলৈ ধৰিলে।

 হুলস্থুল শুনি ল’ৰা-ছোৱালীবোৰ আহি গোট খালেহি। বানচাও আহিল। বানচাহঁতো আচৰিত হ’ল। খাক্‌লাহঁতক সি তেনে কৰিবলৈ মানা কৰিলে। খাক্‌লাই শুনে ক’ত? সি ধূলিবোৰ সৰহকৈ নি ছোৱালীজনীৰ মূৰত ঢালিহে দিলে। ল’ৰাটোক টনা-আজোৰা কৰিলে। বানচাৰ সহ্য নহ’ল। সি খাক্‌লাক গতা মাৰি আঁতৰাই দিলে।

দুয়োটাৰ মাজত দবৰা-দবৰি লাগিল। বানচাৰ লগত খাক্‌লা জিকিব নোৱাৰিলে।

 বানচাই ল’ৰা-ছোৱালী দুটাৰ গাৰ ধূলিবোৰ জোকাৰি দিলে। ছোৱালীজনীৰ চকুৰ পানী মুচি দিলে। সিহঁতৰ তেনেই শুকান মুখ দুখন দেখি বানচাই লঘোণে থকা বুলি গম পালে। তাৰ দুখ লাগি গ’ল। সি সিহঁতৰ নাম আৰু ক'ৰপৰা আহিছে সুধিলে। সিহঁতে হ’লে [ ৩০ ] একো নেমাতিলে। ছোৱালীজনীয়ে দেও লগা হাবিখনৰ ফালে আঙুলিয়াইছিল। ল’ৰাটোৱে হাতখন থাপ মাৰি ধৰিলে। বানচাহঁতে ক’ৰপৰা আহিল বুলি কোৱা-কুই কৰি থাকোতেই ছোৱালীজনীৰ হাতত ধৰি ল’ৰাটো দৌৰ মাৰি দেওলগা হাবিত সোমালগৈ। ল’ৰা-ছোৱালী জাকে সিহঁতক অকণো ভয় নকৰাকৈ দেওলগা হাবিত সোমোৱাৰ বাবে বৰ ভয় খালে। খালাই কৈয়ে পেলালে—

 : “দেওলগা হাবিৰ ভূতৰ পোৱালি নেকি? ভেশছন কৰি আছে??”

 বানচাই তৎক্ষণাৎ কথা এটা ভাবি পেলালে। সি ক’লে— “ব’ল ব’লহঁত দেওলগা হাবিত থকা দৈত্যই ক’ৰবাৰ পৰা ধৰি অনাও হ’ব পাৰে। অই মনত ৰাখিবি, ঘৰত যাতে কোনেও একো নকৱহক। নহ'লে নিশা ক’লা দৈত্যই টেটু চেপি ধৰিবহি। ডাঙৰ মানুহবিলাকে গম পালেও ইয়ালৈ অহা আমাক টেঁটুত ধৰি দলিয়াব।”

 “নকওঁ নকওঁ। ভয় খাই গোটেই জাক ঘৰলৈ ঢাপলি মেলিলে।”

       

 পিছে বানচাই কথাটো এৰি দিব নোৱাৰিলে। সি ঘৰলৈ আহি সেই কথাটোকে ভাবি থাকিল। ল’ৰা-ছোৱালী দুটা যে মানুহহে সি ভালকৈ বুজিলে। কিন্তু হাবিত কিয় আছে? হাবিত সিহঁতৰ মাক- পিতাকহঁত আছে নেকি? যিয়ে নহওক সিহঁতৰ ছাগৈ খাবলৈ একো নাই, মুখবোৰ শুকাই থকা। সি কথাটোৰ উমান ল’বই। মনে মনে যাব। যদি বহুত মানুহ আছে এলেকাৰ মানুহক জনাবই লাগিব। যদি অকলে আছে ঘৰলৈ লৈ আহিব।

 দুপৰীয়া বানচাই কোনেও নেদেখাকৈ দেওলগা হাবি পালেহি। গছৰ আঁৰ লৈ কিছুসময় হাবিডৰাৰ মুখতে ৰৈ চাৰিওফালে চালে। তাৰ ভয়ো লাগিল। পিছে ল’ৰা-ছোৱালী দুটাৰ কথা ভাবি সাহস পালে। [ ৩১ ] এখোজ দুখোজকৈ সি হাবিখনলৈ সোমাই গ’ল। হাতত থকা টাঙোনডাল আৰু কঁকালত থকা দাখন খামোচ মাৰি ধৰি ল’লে।

 ডাউক চৰাইৰ খহটা মাতটোৱে হাবিখন গহীন কৰি পেলাইছে। অলপ ওপৰলৈ উঠি যোৱা হাবিখন জেলেপা লগা নহয়, কিন্তু চেঁচা। জাৰণি। ইমান ওখ ওখ গছ। সি ওপৰলৈ চালে। পিঠিৰ মোনাৰ পৰা সি ৰছী বান্ধি লোৱা গছৰ ডাঠ ছালৰ চেণ্ডেলযোৰ পিন্ধি ল’লে। এনে ছেণ্ডেল সিহঁতৰ মোনাত থাকেই। দৰকাৰত পিন্ধি লয়। গছৰ তলবোৰত পাতৰ দ’ম। মাজে মাজে জোপোহা গছ। এন্ধাৰ। বহু ঠাই আগুৰি আছে ডাঙৰ ডাঙৰ বাঁহগছৰ জোপোহাবোৰে৷ গছ-লতাৰে ভৰা হাবিখন পিছলৈ সমান হৈ পৰিছে। দূৰৈৰ পৰা অহা ঝিলিৰ মাতবোৰে হাবিখন ভয় লগা কৰি তুলিছে। নিজকে তাৰ অকলশৰীয়া যেন লাগিল।

 ক’ৰবাত ওচৰতে খৰ্‌খৰণি এটা হ’ল। সি ৰৈ গ’ল। তাৰ বুকুখন ধপ্‌ধপালে। উভতি যাবলৈ মন গ’ল। লগত লগৰীয়া এটা ননাৰ বাবে আপচোচ হ’ল।

 মৰসাহ কৰি সি খোজ আগবঢ়াই দিলে। কিছুদূৰ যোৱাৰ পিছত ঠাইখিনি পোহৰ পোহৰ লাগিল। গছবোৰ সেৰেঙা হ’ল। সি চাৰিওফালে চালে। অহা বাটটোৰ চিন ৰাখিবলৈ সৰু গছৰ ডালবোৰ ভাঙি আহিছিল। এইখিনিত সি দাখনেৰে সৰু গাঁত এটা কৰিলে। কিছু আঁতৰত ঠাঁহখোৱা ডাঙৰ ডাঙৰ গছবোৰেৰে এন্ধাৰ এন্ধাৰ লগা ঠাইখিনিলৈ সি ক্ষন্তেকপৰ চাই ৰ’ল। ইফালে-সিফালে চাওঁতে তাৰ চকুত বাট এটা পৰিল। কোনোবাই যেন গছ-বন কাটিহে বাটটো উলিয়াইছে। সি সেইফালে মুখ ঘূৰালে। নেউল এটা আগেৰে পাৰ হৈ গ'ল। সি বাটটোৰে আগবাঢ়িল। বানচাই আধা জ্বলা জুই একুৰা দেখিলে। তাৰ মনটো মুকলি লাগিল। বনৰীয়া পশুক ভয় খুৱাবলৈ এনেদৰে জুই মানুহে জ্বলায়। ল’ৰা-ছোৱালীকেইটা ছাগৈ এই ফালেই [ ৩২ ] আহিব। অ’ত-ত’ত সি আৰু কেইবাকুৰা জুইৰ চিন দেখা পালে। শিল-বালিৰ মুকলি ঠাই এখনত বানচা ৰ'লগৈ৷ গছবিলাকৰ তল চাফা। মাজে মাজে পৰি থকা ডাঙৰ শিলবিলাকো দেখিলে।

 বানচা এইবাৰ গুহা এটা মুখতে ওলালগৈ। বগা শিল আৰু টান মাটিৰ পাহাৰটোত থকা গুহাটো দেখি সি আচৰিত হ’ল। চাৰিওফালে চাই গুহাটোৰ ভিতৰলৈ জুমি চালে। গুহাটোৰ ভিতৰলৈ দুখোজমান গৈ সি ৰৈ গ’ল। শুকান পাত জাবৰৰ এসোপাৰ মাজত মানুহ এজনী শুই আছে। দীঘল চুলিৰ মানুহজনীৰ গাত গছপাতৰ সামান্য পোছাক। মানুহজনীয়ে মূৰ তুলি তালৈ চাই থাকিল। সি লাহে লাহে ওচৰ চাপি গ’ল। ওচৰ পাই দেখিলে মানুহজনীৰ বুকুৰ মাজত কণমানি কেঁচুৱা এটা। সি চাপৰি চাব খোজোতেই মানুহজনীয়ে তাৰ হাতত থাপ মাৰি ধৰি পেলালে। সি এৰাবলৈ চেষ্টা কৰিলে। মানুহজনীৰ দীঘল নখবোৰে তাক আঁকুহি পেলালে। ক’ৰবাৰ পৰা ল’ৰাটো দৌৰি আহিল। সি মাকক কিবা ক’লে। মানুহজনীয়ে বানচাক এৰি দিলে। ল’ৰাটোৱে তাক লৈ বাহিৰলৈ ওলাই আহিল।

 বানচাক ল’ৰাটোৱে হাতত ধৰি কোনোবাখিনি পোৱালেহি। ঠেলা মাৰি তাক হাবিৰ পৰা ওলাই যোৱাৰ ইংগিত দিলে আৰু সিহঁতৰ কথা যাতে কাকো নকয় বুজাবলৈ চেষ্টা কৰিলে।

 বানচাই ল’ৰাটোক সাৱটি ধৰি সি যে তাৰ বন্ধুহে তাক জনালে। তাৰপৰা সিহঁতৰ একো ভয় নাই তাকো তাৰ ভাষাতে কৈ বুজাবলৈ চেষ্টা কৰিলে। সি সুধিলে সিহঁত কোন? আৰু কোন কোন আছে। কিয় হাবিত থাকে? পোনতে ল’ৰাটোৱে একো নক’লে। বাৰে বাৰে সোধাত সি তাৰ ওচৰত আহি ৰোৱা ছোৱালীজনীৰ হাতত ধৰি লাহে লাহে তাৰ ভাষাত অংগীভংগীৰে কথাবোৰ কৈ গ’ল। বানচাই মাথোঁ ইয়াকে বুজিলে পাহাৰটোৰ সিপাৰে সিহঁতৰ ঘৰ। ডাঙৰ বিপদত পৰি ইয়াত থাকিবলগীয়া হৈছে। হাবিৰ বাহিৰলৈ সিহঁতে যাবলৈ ভয় [ ৩৩ ] কৰে। কাৰণ মানুহবোৰে সিহঁতক মাৰি পেলাব। মাকৰ বেমাৰ। সিহঁতৰ বৰ কষ্ট হৈছে। ভনীয়েকৰ বাবে সি বৰ চিন্তা কৰে।

 বানচাই সিহঁতক সহায় কৰিব বুলি কথা দিলে। ভয় কৰিবলৈ মানা কৰিলে। তাক সাৱটি ধৰি পুনৰ সি সিহঁতৰ প্ৰতি থকা ভাল ভাবটো জনালে।

 বানচাই দেৰি নকৰিলে। হাবিৰ পৰা ওলাই আহি ঘৰৰ ফালে লৰ ধৰিলে।

(৮)

 বানচা, য়ান ককাৰ লগত নোশোৱা হ’ল। ডাঙৰ বায়েক নাখুৰ লগত শুবলৈ ল’লে। সি আপত্তি দেখুৱালে ককাকে তাক শোৱাৰ পৰত কাহিনী নকয়। বায়েকে হ’লে সুৰীয়া গীত গুণগুণাই তাৰ টোপনি আনিব পাৰে।

 বানচাৰ মনত বেলেগ বুদ্ধি। সি খোৱাবস্তু কিছুমান খেৰ, পাত আদিৰ মাজত লুকুৱাই থয়। পুৱা সোনকালে শোৱাৰ পৰা উঠে আৰু সেইবোৰ লৈ দেওলগা হাবিলৈ লৰ ধৰে। গুহাৰ মুখতে বস্তুবোৰ থৈ সি একেলৰে আহি ঘৰ পায়হি। বায়েকৰ ওচৰলৈ নগৈ ককাকৰ দুৱাৰমুখতে খেৰ সোপাৰ ওপৰত শুই থাকেহি।

 য়ান ককা শোৱাৰ পৰা উঠিলে দুয়ো চৰণীয়া পথাৰত পশুবোৰ দিবলৈ যায়। য়ান ককাই ভাবে ল’ৰাটো উঠি আহি তেওঁলৈকে বাট চাই শুই আছেহি।

 অকল খোৱা বস্তুৱে নহয়, বানচাই পোছাক দুটামানো নি দিলেগৈ। নাখুৱে ওলোমা তাঁত বোৱা শন সূতাৰ ডাঙৰ কাপোৰ এখনো এদিন মানুহজনীক দি আহিল। চেগ চাই দিনটোত এবাৰ সি হাবিখনলৈ যাবলৈ ল’লে।

 বানচাই ল’ৰাটোৰ নাম ৰিক আৰু ছোৱালীজনীৰ নাম ৰিয়ানা দি [ ৩৪ ] ল’লে। লাহে লাহে সিহঁতৰ মিলামিছা বাঢ়ি আহিল। ৰিকহঁতৰ মাকেও বানচাক ভাল পোৱা হ’ল। বানচাই সিহঁতক নিজৰ ভাষাটো শিকাবলৈ ধৰিলে। সিও সিহঁতৰ দুই-এটা কথা শিকি ল’লে।

 গুহাটোৰ কিছু আঁতৰতে পাহাৰৰ ওপৰৰ পৰা বৈ অহা এহাতমান বহল জুৰিটো তলত মাথোঁ দুই-তিনিহাতমান বহল হৈ সৰু-ডাঙৰ শিলসোপাৰ ওপৰেৰে ক’ৰবালৈ গৈ থাকে। ৰিকহঁতে সেই পানীকে লয়। সেই ঠাইকণ চাফা কৰি লৈছে। এতিয়া বানচায়ো আৰু বহলকৈ

[ ৩৫ ] মুকলি কৰি পেলাইছে। সিঁচৰতি হৈ পৰি থকা শিলবোৰত বহিবলৈ,

খেলিবলৈ ভাল। খিচ্‌খিচিয়া বালি আৰু শিলগুটিৰ ঠাইখনত ৰ’দ পৰি থাকে।

 পাহাৰটোৰ শিলবোৰত বানচা কেতিয়াবা বগায়। জিঞা পাখি যেন পাতল সোণবৰণীয়া চিক্‌মিকাই থকা চটাচট জাপ জাপ হৈ থকা শিল কিছুমান বানচাই তাত পাইছে। ঘৰলৈ হ'লে অনা নাই। সুধিব বুলি ভয় কৰে।

 লাহে লাহে বানচাই হাবিখনৰ তলা-নলা বুজি পোৱা হ’ল। সি গম পালে হাবিখনত দেও ভূত নাই। বৰং ফুল ফুলি থকা ওখ ওখ গছ থকা হাবিখন বৰ ধুনীয়া। অমৰা, শিলিখা, জলফাই, বগৰী আদি গছবোৰো সি বিচাৰি পাইছে। নেউল, কেৰ্কেটুৱা, গুঁই, কুকুৰা, কেটেলা পহু, জহামাল আদি বহুতো ফৰ্মুটিয়াই মাৰিব পৰা চিকাৰ আছে। কেতিয়াবা কাঠ-বাঁহৰ কথা পিতাকহঁতে কৈ থকা সি শুনিছে। বেছিকৈ কাঠ-বাঁহ কাটিবলৈ বেয়া পায়, হাবি পাতল হ’লে এলেকাটোলৈ বেয়া। পিছে দেওলগা হাবিত যে ঠাহ খাই কিমান কাঠ-বাঁহৰ গছ আছে। অৱশ্যে গোটেই হাবিখনত সিহঁত ঘূৰি নুফুৰে। পাহাৰৰ হাবিৰপৰা বাঘ-ঘোংবোৰ নামি আহে বুলি ৰিকৰ মাকে সাৱধান কৰি থৈছে। ৰিকহঁতে কেতিয়াবা কেতিয়াবা বনৰীয়া পশুৰ চিঞৰ-বাখৰবোৰ শুনে। সেয়ে হাবিখনৰ বৰ দূৰলৈ সিহঁত নাযায়।

 কাঠ-বাঁহৰ কেইবাডালো টাঙোন বনাই বানচাই ৰিয়ানাহঁতক দিলে। নিজেও আনিলে। গুহাৰ মুখখনত চোতালৰ নিচিনা কৰি কাঠ- বাঁহৰ গোঁজ পুতি চাৰিওফালে বেৰা এখনো ৰিকৰ লগ লাগি দি থ’লে। জুই অনবৰত থাকিবৰ কাৰণে ঠায়ে ঠায়ে গাঁত কৰি জুই লগাই থোৱাৰ দিহা কৰিলে। ৰিকৰ মাকে বানচাৰ কামবোৰৰ বৰ শলাগ লয়। ৰিয়ানাই বানচাক পালে এৰিকে নিদিয়া হ’ল।

 ৰিকৰ মাক একেবাৰে ভাল হৈ উঠিল। তেওঁ চিকাৰ কৰিব পৰা [ ৩৬ ] হ’ল। বানচাক তেওঁ ঘনাই আহিবলৈ মানা কৰিলে। কাৰোবাৰ চকুত পৰিলে বিপদ হ’ব বুলি ভয় এটা থাকে।

 ঘৰত থকা সময়তো বানচাই ৰিকহঁতৰ কথাকে ভাবি থাকে। চল চাই সি বাঁহৰ চুঙাত গাখীৰ, সিজোৱা মঙহ, শইচৰ গুৰা সি দি অহাৰ কামটো কৰি থাকিল।

 তাৰ পেটত কথাটোৱে মাজে মাজে বৰ দিগ্‌দাৰ দিয়ে। কাৰোবাক ক’বলৈ মন যায়। কেইবাদিনো নাখুক ক’ব খুজিও মুখত সোপা দি থৈছে। সি ভয় খায়, যদি মানুহবোৰে গম পাই সিহঁতক মাৰি পেলায়? এলেকাত বেলেগ এলেকাৰ মানুহ অনা নিয়ম নাই। সি জানে ৰিয়ানাহঁত বৰ ভাল। বৰ কষ্টত সিহঁত হাবিত থাকে। খোৱা বস্তু ঢেৰ আছে পিছে মানুহ আৰু বনৰীয়া জানোৱাৰবোৰৰ ভয়। ভয়ত থকাতো কম কথানে?

 নাখুৱে বানচাক সোধে — “তই দেখোন আজিকালি বৰকৈ নেহাঁহ? কি ভাবি থাক অ’?”

 : সি কয়— “মোৰ বহুত কাম।”

 ধেমেলীয়া খুৰীয়েকজনীয়ে জোকায়—

 : “চিকাৰ কৰি অনা নাই, ককায়েকহঁতৰ লগত উলুবন বিচাৰিবলৈ নেযাৱ, টান বাকলিৰ গুটিবোৰ দ’ম খাইছেগৈ— তাকো নেভাঙ, তোৰ কি কাম অ’?”

 ঝাই কয়— “সি আজিকালি শামুকৰ খোলাও মোক আনি নিদিয়ে।”

 য়ান ককাই ধেমেলীয়াকৈ সকলোকে ধমক দিলে— “এতিয়া তাৰ লগৰীয়াৰ লগত থকাৰ সময়। মুকলিমুৰীয়াকৈ খেলা-ধূলা কৰি ফুৰিলেহে আগলৈ শৰীৰ টান হ’ব।

(৯)

 দিনবোৰ আগবাঢ়ি যাবলৈ ধৰিলে।

 আকৌ বৰষুণৰ দিন আহিল।

[ ৩৭ ]  একেৰাহে কেইবাদিনো বৰষুণ দি থাকিল। বৰনৈৰ পানীও বাঢ়িল। পথাৰত পানী সোমাল। পানীৰে পথাৰ আৰু খালবোৰ চিনিব নোৱৰা কৰিলে।

 পানীত মাছবোৰৰ উজান উঠিছে। মনৰ ৰঙতে মানুহবোৰে মাছবোৰ ধৰাত লাগিছে। বানচায়ো লগৰীয়াহঁতৰ লগত মাছ ধৰিছে। মাছ অলপ লৈ ৰিকহঁতক দিয়াৰ মন থাকিলেও পানীৰ কাৰণে যাব পৰা নাই। ৰিকহঁত থকাৰ ফালে বৰনৈৰ পানী নাযায়। ওখ ঠাই।

 এলেকাটোত দুখনমান নাও। দুবাৰমান পানী নোহোৱাত আহঁত জোপাৰ তলত এনেয়ে পৰি আছিল। এদিন খাক্‌লাহঁতে নাও এখন আনি পানীত নামিলহি। তাকে দেখি বাকীমখা ল’ৰা-ছোৱালীও উঠিলহি। বানচাকো লগৰকেইটাই টানি আনি উঠালেহি। সিহঁতে জালেৰে মাছ ধৰিব।

 নাও পানীলৈ আগবাঢ়িল। গোটেই জাকৰ হুলস্থূলত নাও কাটি হৈ পৰিল। গোটেইমখা পানীত সোমাল। পানী দ’ নাছিল। পিছে [ ৩৮ ] খাক্‌লা পিছলি গৈ খালত সোমালগৈ। সি কক্‌বকাবলৈ ধৰিলে। চিঞৰ- বাখৰ কৰি গোটেই জাকে চাই থাকিল।

 বানচাই মৰসাহ কৰি বুৰ মাৰি তাৰ ওচৰ পালেগৈ। তাৰ দীঘল চুলিকোছাত ধৰি সাঁতুৰি বাম পানীলৈ লৈ আহিল। বানচাও কোনোমতেহে বাচিল, দুয়োটা চাকনৈয়াত পৰিব খুজিছিল। নাৱত তুলি তলমূৰকৈ খাক্‌লাৰ পেটৰ পানী উলিয়ালে। পোনকৈ বহুৱাই পিঠি মোহাৰি উশাহ আনিলে। খাক্‌লাই ভালকৈ ভয় এটা খালে। বানচা নোহোৱা হ’লে তাৰ কি দশা হ’লহেঁতেন? লাজতে সি বানচালৈ চাব নোৱৰা হ’ল। গোটেইমখাই ক’বলৈ ধৰিলে— ‘বানচাই তোক বচালে।”

 খাক্‌লাই একো মাতিব নোৱাৰিলে৷ সি বানচাৰ হাতখন সাৱটি ধৰি চকুপানী মোহাৰিলে। বানচাই ক’লে— “হ’ব দে। সাঁতোৰাটো ভালকৈ শিকি পেলাবি।”

 নাও এৰি সিহঁতে পানীৰ কাষে কাষে খোজকাঢ়ি মাছ ধৰিবলৈ গ’ল।

 সকলোতকৈ আগত হাতত ধৰাধৰিকৈ গ’ল বানচা আৰু খাক্‌লা ।

(১০)

 এলেকাটোত মানুহ বাঢ়ি গৈছে। একেলগে পথাৰত শইচৰ খেতি কৰা, ভাগ বটোৱাৰ আহুকাল হৈ যে আহিছে য়ান ককাই মন কৰিছে। কিছুমানে কাম কৰে কিছুমানলৈ কাম ভাগতে নপৰে। শইচ বিলোৱাৰ সময়ত কাজিয়া-পেচাল হয়। সেয়ে মুখিয়ালবিলাকৰ লগত তেওঁ কথা পাতিলে ।

 মুখিয়ালবিলাকে য়ান ককাৰ কথাবোৰ হয়ভৰ দিলে আৰু তেওঁৰ কথা মতে পৰিয়ালবোৰক সমানে সমানে মাটিবোৰ ভগাই দিয়াটো

ঠিক হ’ল। নিজৰ পথাৰত নিজে খেতি কৰি ল’ব পাৰিব।

[ ৩৯ ]  যেনে কথা তেনে কাম। সকলোৱে ভালেই পালে। মনৰ ইচ্ছামতে নিজৰ পথাৰত যি মন যায় সেইদৰে খেতি কৰিব পাৰিব সিহঁতে।

 বৰষুণৰ পিছতে পথাৰত কাম কৰিবলৈ মানুহবোৰ সাজু হ’ল।

 য়ান ককাই কৌশল এটা উলিয়ালে। গছৰ পূৰঠ ডাল কাটি শুকুৱাই থৈছিল। তেওঁ ডাল এটা কাটি ল’লে। ডালটোৰ এমূৰত চাৰিহাতমান দীঘল টুকুৰা এটা আঁতি আঁতি বান্ধিলে। আনটো মূৰত দুয়োফালে জোঙা শিলৰ টুকুৰা সুমুৱাই লোৱা কাঠৰ টুকুৰা দুটা বেঁকাকৈ বান্ধিলে। ভৰি থ’ব পৰাকৈ কাঠৰ টুকুৰা এটা বান্ধি তাত হাতেৰে ধৰিব পৰাকৈ টাঙোন এডালো বান্ধিলে।

 নিজৰ বাৰীতে বানচাৰ ককায়েক এটাক পিছফালে উঠিবলৈ দি বাকী দুটাক টানিবলৈ দিলে। সহজে মাটিখিনি শিৰলু হৈ গ’ল। বানচাই ফূৰ্তিতে ককায়েকহঁতৰ লগত গোটেই বাৰীখন চহালে।

 য়ান ককাৰ বুদ্ধিটো সকলোৱে বৰ ভাল পালে। সকলোৱে তাকে কৰিলে। য়ান ককাই আৰু সহজ হ’বলৈ মানুহৰ ঠাইত ষাঁড় দুটা বান্ধি দিলে আৰু দীঘল চুপি এটা বান্ধি লৈ শইচ ভৰাই গ’ল। তেনে কৰাত একেবাৰতে শইচ সিঁচাও হৈ গ’ল।

 ককাই ভাবিলে এছাৰি এছাৰি শইচৰ গুটি সৰোৱাতকৈ ষাঁড়, ম’হবোৰকে কামত লগাব। চোতালত কাটি দ’ম কৰি থোৱা শইচৰ ওপৰত ষাঁড় বা ম’হ দুটামানক ঘূৰাই ফুৰালেই উজু হ’ব ছাগৈ। য়ান ককাই এনেকৈয়ে ভাল ভাল কথাবোৰ ভাবি উলিয়ায়।

 খাক্‌লা বানচাৰ লগ লোৱাৰ পৰা জনতাৰ দলটো ডাঙৰ হৈ পৰিল।

 য়ান ককাই মন কৰিলে বানচা দিনে দিনে সকলো পিনে আগৰণুৱা হৈ উঠিছে। সি লগৰীয়াহঁতকো পটু আৰু কামিলা কৰিছে। সিহঁতে হাবি এখন কাটি খেলিবলৈ পথাৰ উলিয়াই লৈছে। হাবিৰ সিপাৰেগৈ [ ৪০ ] ভেৰা, গাহৰি চিকাৰ কৰি অনাৰ উপৰি এদিন ষাঁড় এটাও চিকাৰ কৰি আনিছে। বৰনৈত নাও চলোৱাতো সি পাকৈত হোৱা দেখিছে। য়ান ককাই বৰ ভাল পালে।

 বানচা ওখ-ডাঙৰ হৈ আহিল। ৰিকো অলপ ডাঙৰ হ’ল। ৰিয়ানাও অলপ ওখ হৈছে। কেঁচুৱাটোও অ’ত ত’ত ধৰি থিয় হ’ব পৰা হ’ল। বানচাহঁতে তাৰ নাম দিছে নিন্‌।

 ৰিকৰ মাকে ল’ৰা-ছোৱালীকেইটা লৈ আছে যদিও মনটো সদায় মৰা। বনৰীয়া জীৱ-জানোৱাৰৰ মাজত, হাবিৰ মাজত ল’ৰা- ছোৱালীকেইটাৰ বা কেতিয়া কি হয়। ৰিকৰ মাকৰ কথাবোৰ ভাবি বৰ ভয় লাগে।

 কেতিয়াবা বৰ কষ্টেৰে পাহাৰটোত উঠেগৈ। চাৰিওফালে লগৰ মানুহবোৰ দেখে নেকি চায়। পিছে অ’ত ত’ত পৰি থকা চৰাই দুই- এটাৰ বাহিৰে একোকে চকুত নপৰে৷ পানীৰে ভৰি থকা নৈখনো এতিয়া

পানী শুকাই শুকান বিল এখন হৈছেগৈ।

[ ৪১ ]  এই নৈখনৰ পাৰতে বহুত মানুহৰ লগত ৰিকৰ মাকহঁত আছিল। ওচৰত পাহাৰটো থকাত সুবিধা হৈছিল। তেওঁলোকে চিকাৰ কৰিয়ে খাইছিল। কাৰণ খেতি কৰিবলৈ মাটি নাছিল। নৈখনৰ সিপাৰে পানী নুশুকুৱা তেনেই জলাহ।

 এবাৰ অতিপাত বৰষুণ হ’ল। নৈৰ পানী বাঢ়ি মানুহবোৰৰ জুপুৰিবোৰ ভাঙি-ছিঙি নিলে। মানুহবোৰ পাহাৰত উঠিল। কিন্তু পাহাৰৰো মাটি খহিবলৈ ধৰিলে।

 পাহাৰ পাৰহৈয়ো আহিব নোৱাৰে। এবাৰ আহিছিল। যুঁজ দিব লগা হ’ল। যুঁজত হাৰি বস্তুবোৰো হেৰুৱালে। সেই যুঁজতে ৰিকৰ পিতাকৰ ভৰিত যাঠিৰে খোঁচাত ঘাঁ লাগি বেমাৰত পৰিব লগা হ’ল। এলেকাটো বানচাহঁতৰে। থকা ঠাই বিচাৰি মানুহবোৰ ক’ৰবালৈ গুচি গ’ল। ৰিকৰ মাক যাব নোৱাৰিলে। ৰিকৰ পিতাকৰ ঘাঁলগা ভৰিখন গেলিবলৈ ধৰিছিল। খোজকঢ়া দূৰৰ কথা বহিবও নোৱাৰে।

 সেই বেমাৰতে ৰিকৰ পিতাক মৰি থাকিল। মৰাৰ আগতে এদিন সেই হাবিখনৰ কথা কৈছিল। বৰ কষ্ট কৰি ৰিকৰ মাক ল’ৰা-ছোৱালী দুটা লৈ এই হাবিখনত সোমালহি। দুদিনমান হাবিত ঘুৰি ফুৰিলে। এদিন গুহাটো পালে। গুহাৰ ভিতৰত জুই জ্বলাই চালে। কপাল ভাল আছিল। চুঙা বাদুলিৰ বাহিৰে জীৱ-জানোৱাৰ নাছিল।

 হাবিখনত চিকাৰ, খৰিৰ অভাৱ নাই। কিছুদিন যোৱাৰ পিছত কেঁচুৱাটোৰ জনম পালে। তেতিয়াহে বৰ জুলুম হ’ল। খোৱা-বোৱাৰ অসুবিধা হ’ল। ল’ৰাটোৱে ভালকৈ চিকাৰ কৰিব পৰা হোৱাই নাই। তেনেতে বানচা আহিল। ৰিকৰ মাকে ভাবে তেওঁলোকৰ প্ৰভুৱেহে যেন বানচাক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, বানচা নোহোৱা হ’লে

বিপদ এটা যে হ'লহেঁতেন ই তেনেই সঁচা কথা।
[ ৪২ ]

(১১)

 বানচা বেমাৰত পৰিল৷ গাত জ্বৰ। হাত-ভৰিৰ বিষ। মূৰৰ বিষত মূৰ তুলিব নোৱৰা হ’ল।

 বেমাৰত নপৰিবনো কিয়? বাঢ়ি অহা জাৰটোলৈ আওকাণ কৰি পুৱাই পুৱাই দেওলগা হাবিলৈ অহা-যোৱা৷ লগৰীয়াৰ লগত ঘূৰি ফুৰাটো আছেই।

 ঘৰৰ মানুহবোৰে দিনে নিশাই পাল পাতি তাৰ ওচৰত থাকিল৷ বেমাৰত পৰিলে মানুহবোৰে বৰ ভয় খায়। বেমাৰটোনো ক’ৰ পৰা আহে নেজানে। গাটো জুই যেন তপত হৈ থকাৰ পিছতো জাৰত থক্ থক্‌কৈ কিয় কঁপে ভাবি নেপায়। এইবোৰ দেও-ভূতৰে কাম বুলি ভাবি লয়। সেয়ে দুৱাৰমুখত জুই একুৰা জ্বলাই থয়। যাঠি, জোং, দা- কটাৰী থয়।

 মৰিবলৈ ধৰা বেমাৰী মানুহে দেখিলে দুগুণে ভয় খায়। চিকাৰ কৰি বধ কৰা ভালুক, ঘোঁৰা, মেথোন আদিৰ আত্মাবোৰে নিবলৈ আহে [ ৪৩ ] বুলি ধৰি লয়। সেয়ে মানুহটোৰ চাৰিওফালে ঢোল, টিং বজায়। যাঠি দেখুৱাই ভয় খুৱায়।

 বায়েক নাখু আৰু য়ান ককা বানচাৰ ওচৰৰ পৰা লৰচৰকে নকৰিলে। হাত-ভৰি পিটিকি থাকিল। গৰম গাখীৰ খুৱালে। তপত গাটো চেঁচা নপৰাত য়ান ককাৰ চিন্তা হ’ল। তাতে মদং নামৰ লেঙুৰাটোৱে এদিন বানচাক দেওলগা হাবিখনৰ ওচৰৰ পৰা অহা দেখা বুলিও কৈছিল। তাক সোধাত ৰ’দ ল’বলৈ অহা নেউল ধৰিবলৈ যোৱা বুলি কৈছিল।

 দুদিনমানৰ পিছত বানচাই গা ভাল পালে। য়ান ককাই দুদিনমানলৈ তাক বাহিৰলৈকে ওলাবলৈ নিদিলে।

 ঘৰত সোমাই থাকি বানচাৰ আমনি লাগিল। ৰিয়ানাহঁতলৈ মনত পৰিল। য়ান ককাই চোতালত তাম গলাই আছিল। সি গৈ ওচৰতে বহিল। বালিয়ে-বোকাই পোৱা তাম এসোপা গোটাই থোৱা আছিল। য়ান ককাই তাৰে বানচালৈ গিলাচ এটা বনাবলৈ মন। সেইবাবে আগতেই আলতীয়া মাটিৰ গিলাচ এটা সাজি থৈছেই। তাতে ঢালি সাজটো দিব। কাঠত সাজ কাটিও য়ান ককায়ে কেইবাটাও বাতি বনাইছে।

 বানচাই ভাবিলে সি খাৰু এডালো বনাবলৈ ক’ব। ৰিয়ানাক দিব সি। কাম কৰি থাকিলেও য়ান ককাই মনে মনে বানচাক লক্ষ্য কৰি থাকিল। ল’ৰাটোৰ মনটোত বেমাৰটোৱে ৰং ৰইচত নোহোৱা কৰিলে, তেওঁ ভাবিলে।

 তেনেতে পুৱাতে চিকাৰলৈ ওলাই যোৱা বানচাৰ খুড়াকহঁত ওলালহি। খুড়াকহঁতে শিং থকা পহু আৰু ভেৰাৰ লগতে মেথোন এটাও চিকাৰ কৰি আনিছে। ক’লা নিমখো এসোপা আনিছে। হৰিণাই নিমখ খাই ভাল পায়। চিকাৰলৈ যাওঁতে পশু বিচাৰি ঘূৰি ফুৰোতেই মানুহবোৰে এইবোৰৰ ভূ পায়। হাতীবোৰেও নিমখ থকা ঠাই বিচাৰি [ ৪৪ ] উলিয়ায়। ৰঙচুৱা শিলৰ টুকুৰা নিচিনা এই নিমখৰ জুতি পাই মানুহবোৰেও বিচাৰি বিচাৰি লয়। গুৰি কৰি কাঠৰ চৰিয়াত দ’মাইহি। মঙহৰ লগত খাবলৈ ভাল। বৰ জুতি লাগে।

 চিকাৰৰ মঙহবোৰ থানথিত লগাই খুড়াকহঁত জুহালৰ কাষত বহিলহি। বানচাৰ মাক আৰু খুৰীয়েক দুজনীয়ে কাঠৰ চৰিয়াত মঙহ এসোপা সিজাবলৈ লৈ আহিল। মঙহ সিজোৱা জুহাল বেলেগ। শিলৰ বুকুখন খোলা কৰি সজা মস্ত কেৰাহী এটা সেই জুহালৰ ওপৰত সদায় থাকেই। তলত জুই দিলেই হয়। বান ভাবিলে সি সিজোৱা মঙহ লৈ কাইলৈ দেওলগা হাবিলৈ যাব।

 জুইত হাত সেকি বানচাৰ খুৰাক এটাই ক'লে—

 : “সৰু চিকাৰ কৰিবলৈ ভাল, পিছে ডাঙৰ চিকাৰ কৰিবলৈ গাঁত খন্দা, খেদি আনি চিকাৰ তাত পেলোৱা, খুচি-বিন্ধি মৰা এইবোৰ আৰু ভাল নলগা হৈছে। সময়ো যায়।”

 আন এটাই শলাগিলে বোলে—

 : “ভেৰা, গাহৰি এগাল সৰহকৈ আনি সাঁচি সাঁচি খাব লাগে ইফালে খেতিকে কৰি পেট পূৰাব লাগে।”

 সিহঁতৰ কথা শলাগি বানচাৰ পিতাকে কচলে—

 : “চিকাৰৰ পিছত দৌৰাতকৈ হাবি ভাঙি পথাৰ উলিওৱাই ভাল।”

 য়ান ককাই ক'লে—

 “জাৰত দিনতে হাবি বনবোৰ শুকায়। ডাঙৰ হাবি কাটিবলৈও সুবিধা। এইবাৰেই সেই হাবিখনৰ এফাল কাটি এলেকাটো বঢ়াব লাগিব।”

 খুৰাকহঁতে শলাগিলে। বৰনৈৰ ফালে থকা হাবিখনৰ কথা য়ান ককাই কৈ থৈছিল। বানচা উচপ খাই উঠিল। ডাঙৰ হাবি?? দেওলগা হাবি নহয়তো?

 তাৰ মুখেদি ওলায়ে গ’ল— [ ৪৫ ]  : “দেওলগা হাবি?”

 তোক কেলেই? সৰু খুৰাকে ক’লে।

 :“দেওলগা হাবি কাটিলে ক’লা দৈত্যই বিচনাতে মাৰি পেলাব। সি ভয় খুৱালে।”

 : “তোক গাঁতত সুমুৱাই থম দে।” সৰু খুৰাকে জোকালে।

 বানচাই ভাবি থ’লে কথাটো ৰিকহঁতক ক’বই লাগিব।

 কাঠৰ খুবলিত শইচ খুন্দি থকা ককায়েককেইটাই হাঁহিলে। মাজু ককায়েকে ক'লে—

 : “ওফাইদাং মাৰি থকা ল’ৰাটোৰ ভয়টো চা।”

 মিৰচা নামৰ ককায়েকটোৱে ক'লে—

 : “সি ওখ হৈছে, মঙহো লাগিছিল গাত। বেমাৰটোৱেহে দমালে। ডাঙৰ ককায়েকে ক'লে— “সি বয়সতকৈ বাঢ়িছে বেছি।” খুৰাকৰ পুতেক এটাই হাঁহি ক’লে— “ককাই তাক নিজৰ ভাগৰ খুৱায় যে।”

 আটাইকেইটাই হাঁহিলে। বানচাই উভতি চালে৷ তাৰ কথা কৈছে বুলি গম পাই তাৰ খং উঠিল। ককায়েকহঁতলৈ পোন্দোৱাকৈ চাই সি মাকহঁতৰ ওচৰ পালেগৈ।

(১২)

 বানচা সোনকালে শোৱাৰ পৰা উঠিল। বাঁহৰ চালনিৰ তলত তলে-ওপৰে কলপাত দি ঢাকি থোৱা মঙহখিনিৰ পৰা অলপ আৰু বাকলি গুচোৱা শইচ অলপ লৈ দেওলগা হাবিৰ ফালে খৰকৈ খোজ ল’লে।

 গুহাৰ মুখত জুইকুৰা তেতিয়াও দপ্‌দপাই জ্বলি আছিল। বানচাই অনুমান কৰিলে হয়তো নিশা ৰিকহঁত ভালদৰে শোৱাই নাই। মাজে মাজে হেনো হাবিখনত ডাঙৰ বনৰীয়া পশুবোৰৰ মাত শুনা যায়। তেতিয়া সিহঁতৰ বৰ ভয় লাগে। কেইবা কুৰাও জুই জ্বলাই গুহাৰ

ভিতৰত সাৰে থাকে।

[ ৪৬ ]  গুহাৰ ভিতৰত বস্তুবোৰ থৈ সি পলম নকৰি উভতি আহিল। মনতে ভাবিলে দুপৰীয়া সি এপাক আহিব। সি আহি শুই থাকিলহি।

 চৰণীয়া পথাৰত পোহনীয়া পশুবোৰ থৈ য়ান ককা ঘূৰি আহোঁতে ৰ’দটো ভালকৈ ওলাইছিল। তেওঁ বাটতে খালাৰ পিতাকক লগ পালে। খাক্‌লাৰ পিতাকে ক'লে— ষাঁড়টো ঘৰলৈ নহাত পুৱাতে উঠি তেওঁ বিচাৰি গৈছিল। বানচাৰ নিচিনা ল’ৰা এটা তেওঁ দেওলগা হাবিৰ ওচৰৰ চনপৰা পাহাৰখনৰ ওচৰত দেখিছিল। ঘৰৰ ফালে দৌৰি যোৱা ল’ৰাটোক ৰিঙিয়াইছিল, পিছে নুশুনিলে। য়ান ককাই সুধিলে—

 : “সি হয়নে?”

 খালাৰ পিতাকে ক’লে— “দূৰৈৰ পৰা চকুত নপৰিল। সি যেন

লাগিছিল।”

[ ৪৭ ]  য়ান ককা বৰ বিমোৰত পৰিল। দেওলগা হাবিৰ ভূতে পালে বুলি তেওঁৰ মূৰ আচন্দ্ৰাই কৰিলে। একো নেমাতি ঘৰ পালেহি।

 চোতালত বানচা ঘৰৰ ল'ৰা-ছোৱালীমখাৰ লগত ৰ’দলৈ আছিল। যান ককাই তাক সুধিলে—

 : “পুৱাই পুৱাই ক’লৈ গৈছিলি?”

 মিছা কথা কোৱাৰ বানচাৰ অভ্যাস নাই। ‘ক’লৈকো নাই যোৱা। বুলি নোলাই মুখত ওলাই গ’ল— “শিয়াল খেদি গৈছিলোঁ।”

 : “ক’লৈ গৈছিলি?” তেওঁ আকৌ সুধিলে।

 বানচাৰ বুদ্ধিয়ে ঢুকি পালে। হাবিলৈ যোৱা ককাকে নেজানে।

 : “সেইফালে আৰু দূৰলৈ নহয়, কিনো হ’ল?” সি ল’ৰা- ছোৱালীহঁতৰ লগত খেলাৰ ভাও জুৰিলে।

 বানচা সেইদিনাই নহয়, দুদিন ৰিকহঁতৰ ওচৰলৈ নগ’ল। ককাকৰ চকুত পৰিছে বুলি সাৱধান হ’ল। সি ঘৰতো নেথাকিল। লগৰীয়াৰ লগত ঘূৰি ফুৰিলে।

 সুযোগ বুজি এদিন দুপৰীয়া বানচা দেওলগা হাবি পালেহি। তেতিয়া জুৰিটোৰ ওচৰৰ মুকলিখিনিত ৰিকৰ মাকে শিল এটাত বহি নিন্ক বুকুৰ গাখীৰ খুৱাই আছিল। ৰিক আৰু ৰিয়ানাই শিলৰ ওপৰৰ পৰা জঁপিয়াই জঁপিয়াই খেলি আছিল।

 বানচাক দেখি ৰিয়ানা চিঞৰি উঠিল— বানচা!! ৰিক আৰু মাকে ঘূৰি চালে। ৰিয়ানা দৌৰি আহি তাক সাৱটি ধৰিলেহি। ৰিকো দৌৰি আহিল।

 “কিয় অহা নাই?” ৰিকে সুধিলে।

 : “বেমাৰ লাগিছিল।” সি ক’লে।

 : “খাৰু আনিছানে?” ৰিয়ানাই তাইৰ হাত দুটা বানচাৰ চকুৰ আগত থৈ ক’লে। তাইক খাৰু দিয়াৰ কথা বানচাই কৈ থৈছিল। পিছে হাবি কটাৰ কথাটোৱে তাৰ মূৰটো খেলিমেলি লগাই দিলে। মন [ ৪৮ ] গ’লেও সি ততালিকে হাবিখন কটাৰ কথাকৈ সিহঁতৰ মন বেয়া কৰিব নুখুজিলে। বানচাই দিয়া কাঠৰ মালাডাল পিন্ধি থকা ৰিয়ানালৈ চাই সি ক'লে—

 : “পিছত দিমেই। কাণফুলিও।”

 : “সঁচা?? – ৰিয়ানাই হাঁহি পেলালে।”

 তাই বানচাৰ হাতত ধৰি দৌৰ মাৰিলে— য’ত জোপোহা গছবোৰ আছে, আৰু তাত হালধীয়া পখিলাবোৰ উৰি ফুৰে। ৰ’দত বগা বালি আৰু সোণালী শিলগুটিবোৰ চিক্‌মিকাই থাকে। ওখ গছ এজোপা ডালত জৰী গছৰ জৰী এসোপা কাটি ওলমি খেলে। গছৰ তলে তলে সৰা পাতৰ মাজেৰে সিহঁতক নেউলবোৰে জুমি জুমি চায়হি। ৰিকৰ মাকে মানা কৰাৰ বাবে সিহঁতে নেউল নমৰা হ'ল। সেয়ে নেউলবোৰে সিহঁতলৈ সিমান ভয় নকৰে।

 তিনিওটাই খুব খেলিলে। বানচাক পাই সিহঁতৰ বৰ ফূৰ্তি। মানুহ নথকা হাবিখনত সিহঁতৰ বৰ বেয়া লাগে।

 ৰিক গুহাটোলৈ আহিল। সি নতুনকৈ শিল জোঙা কৰি কৰা কাঠৰ যাঠি কেইপাত বানচাক নি দেখুৱাব। বানচা আৰু ৰিয়ানাই গছবোৰত বাগি দি খেলা খেলটো খেলিবলৈ ধৰিলে।

 দৌৰি অহা বানচা য়ান ককাৰ মুখতে পৰিল। সি ঠক্ ঠক্‌কৈ কঁপিবলৈ ধৰিলে। বহল হৈ পৰা তাৰ চকুযোৰ তেনেকৈয়ে ৰ’ল। পিছে পিছে দৌৰি অহা ৰিয়ানাই মস্ত মানুহ য়ান ককাক দেখি বৰ ভয় খালে। তাই পিছফালৰ পৰা বানচাক সাৱটি ধৰিলে।

 বানচাক বিচাৰি ৰিক দৌৰি আহিছিল। কিন্তু দূৰৈৰ পৰা য়ান ককাক দেখি সি মাকৰ ওচৰলৈ লৰ ধৰিলে।

 বানচা দেওলগা হাবিলৈ অহাৰ কথা শুনাৰ পৰা য়ান ককা চিন্তাত পৰিছিল। তেওঁ বানচাৰ গতি বিধি মনে মনে চাই থাকিবলৈ লৈছিল। সেয়ে আজি বানচা ঘৰৰপৰা ওলোৱা দেখিয়ে পিছ ল’লে। দূৰৈৰ [ ৪৯ ] পৰাই তাক চাই থাকিল। দেওলগা হাবিত সি সোমোৱা দেখি তেওঁ বিচূৰ্তি খালে। হাবিত সোমাই তেওঁ প্ৰথমে উৱাদিহ পোৱা নাছিল। বহুতো ঘূৰা-পকা কৰিহে পিছত এইখিনি ওলাইছেহি।

 য়ান ককাই বানচালৈ চাই থাকিল। সি থিয় হৈ থাকিব নোৱাৰি বহি পৰিল। য়ান ককাই ৰিয়ানাৰ ডিঙিত ঝাক গাঁঠি দিয়া মালাডাল আৰু কঁকালত বানচাক বনাই দিয়া পশুৰ হাড়ৰ চোকা ছুৰিখন দেখা পালে। বানচাই দেখিলে— মূৰত পাথৰৰ দীঘল টুকুৰা বান্ধি তাৰ লগতে কাঠ-বাঁহৰ টুকুৰা, জেং আৰু শুকান ছাল বান্ধি লোৱা কাঠৰ টাঙোন ডাল জ্বলাই দুই হাতেৰে ধৰি ৰণচণ্ডী ৰূপত ৰিকৰ মাক দৌৰি আহিছে। এনেদৰে জ্বলাবলৈ সুবিধা কৰি থোৱা টাঙোনবোৰ ৰিকৰ মাকে দ’ম কৰি থয়েই। জুই নুমালেও কাঠডালৰ আঙঠা আৰু ক’লা শিলৰ টুকুৰাবোৰ ভয়ানক হৈ উঠে। য়ান ককাই ঘূৰি চালে। তেওঁ বাৰুকৈয়ে আচৰিত হ'ল। এজনী ওখ-ডাঙৰ তিৰোতা। গাত পশু ছালৰ পোছাক। আগে পিছে ওলমি আছে দীঘল চুলিবোৰ। মূৰত বন্ধা পশু ছালৰ ফিটাত ঘনকৈ গুজি থৈছে বিষাক্ত কাঁইট থকা বাঁহগছৰ দীঘল কাঁইটবোৰ। কঁকালত ওলমি আছে শিলৰ দা।

 মানুহজনীৰ হাতত দপ্‌দপ্‌কৈ জ্বলি থকা জুইকুৰা দেখি য়ান ককা পিছ হুঁহকি আহিল। জুইকুৰাৰ পৰা ওলাইছে সহ্য কৰিব নোৱৰা গোন্ধ আৰু চকু পোৰণি তোলা ধোঁৱা।

 বানচাই দৌৰ মাৰি ৰিকৰ মাকক গবা মাৰি ধৰিলেগৈ, সি ক'লে— “মোৰ ককা, মোৰ ককা, বৰ ভাল।”

 ৰিকৰ মাক ৰৈ গ’ল। তেওঁ য়ান ককালৈ চাই থাকিল। পেটে পেটে ভয় খালে। কিবা শাস্তি পাব লগীয়া হয় বুলি। তেওঁ হাতৰ জুইডাল দূৰলৈ দলিয়াই দিলে। ওচৰ পোৱা ৰিকৰ পৰা কেঁচুৱাটো লৈ উভতি গ’ল। ৰিক আৰু ৰিয়ানাও তেওঁৰ ওচৰ পালেগৈ।

 য়ান ককাই চাৰিওফালে চালে। অন্য মানুহ দেখে নেকি উমান [ ৫০ ] ল’লে। তাৰ পিছত ৰিকৰ মাকক পোনে পোনে সুধিলে—“ক’ৰ মানুহ? হাবিত কিয় আছেহি?” বেলেগ এলেকাৰ মানুহ আহি মনে মনে ঠাই দখল কৰাৰ পাং পাতিছে বুলি তেওঁৰ সন্দেহ হ'ল।

 ৰিকৰ মাকে বানচাৰ পৰা শিকা ভাষাত নিজৰ সকলো কথা বিৱৰি ক’লে। বানচা নোহোৱা হ’লে তেওঁ আৰু কেঁচুৱাটো জীয়াই নাথাকিলহেঁতেন বুলিও ক’লে। দুই হাতৰ তলুৱাৰে তেওঁ চকুপানীবোৰ মচি থাকিল।

 য়ান ককাই মন দি কথাবোৰ শুনিলে। মনতে হিচাব কৰি চালে জাৰৰ দিনবোৰ গ’লে সিহঁত হাবিত থকা এটা বছৰ হ’ব। ৰিকহঁতক কেনেকৈ পালে বানচায়ো লাহেকৈ সেইদিনৰ ঘটনাটোৰ কথা ক’লে।

 য়ান ককা হাবিৰ পৰা ওলাই আহিল। ৰিকহঁতক একো নহয় বুলি অভয় দি বানচাও পিছে পিছে আহিল।

 য়ান ককাই বানচালৈ ঘূৰি নেচালে। তেওঁ ভাবি আহিল— মানুহজনী সঁচাকৈয়ে বিপদত পৰিছে। সিহঁতক ৰক্ষা কৰাটো উচিত। পিছে এলেকাৰ মানুহবোৰে মানিবনে?

 বৰনৈৰ পাৰত গোটেই বেলাটো য়ান ককা বহি থাকিল। অতদিনৰ আগৰে পৰা বানচাই সিহঁতক জনা, অকলে অকলে সহায় কৰি থকা কথাবোৰ তেওঁ ঘূৰাই-পকাই ভাবিবলৈ ধৰিলে। বানচাই কথাটো লুকুৱাই ভুল কৰিছে। সিও বিপদত পৰাৰ ভয় থাকিব পাৰে। ইফালে অসহায় মানুহজনী। তিৰোতাক দুখ দিয়া, সহায় নকৰা বেয়া কথা। কিন্তু সিহঁত বেলেগ গোষ্ঠীৰ। কথাটো বৰ ডাঙৰেই। ভাবিবলগীয়া কথা।

(১৩)

 দুদিন পাৰ হ’ল। য়ান ককাই মুখিয়ালবিলাকক লগ ধৰিলে। কথাবোৰ বিৱৰি ক'লে। ৰিকহঁতক পিছে পানীত উটি অহা বুলিহে কৈ [ ৫১ ] থ’লে।

 য়ান ককাই ভবাটোৱে হ’ল। “মুখিয়ালবিলাকে তিৰোতাজনী ক’ৰবালৈ খেদি দিয়াই ভাল” বুলি ক’লে। তেওঁলোকে ক’লে অচিনাকি মানুহক বিশ্বাস কৰা বেয়া কথা। কিজানি এলেকা দখল কৰা মতলবত হাবিত আছেহি? লগৰবোৰ কিজানি হাবিতে লুকাই আছে? য়ান ককাই ক’লে— “এবছৰ হ’লহি, তেনে কৰা হ’লে কেতিয়াবাই কিবা এটা অঘটন কৰিলেহেঁতেন।”

 : “এবছৰ!! মানে জাৰৰ দিন, গৰমৰ দিন, বৰষুণৰ দিন।”

 : “ইমান দিন হাবিত মনে মনে আছে? নহ’বতো পাৰে।”

 য়ান ককাই বোলে— “এলেকাৰ গোটেই মখা ল’ৰা-ছোৱালীয়ে কথাটো জানে।”

 মুখিয়ালহঁতে তবধ মানিলে। এজনে বোলে—

 : “দেওলগা হাবিত তেনে দেও-ভূত নাই নেকি?”

 য়ান ককাই ক’লে— “এৰাতো দেও ভূত নাই হ’বলা, পিছে আমি মৰিলে আমাৰ নাতিহঁতৰ বুঢ়াকাল পাৰ হোৱালৈকে তাত বস্তুৰে ঠাহ খাই আছে।”

 তেওঁলোকে কথাটো ভাবি চালে। য়ান ককাই আকৌ ক'লে—

 : “তিৰোতা জাতিক অন্যায় কৰাও পাপ। দেৱতাই সুখেৰে নেৰে। গতিকে আমাৰ একাষতে ঘৰ এটি সাজি দিয়াই ভাল হ’ব। চকুৰ আগত থাকিলে ভালনে বেয়া চকুত পৰিব। ইফালে হাবিখনতো মাজে মাজে পহৰা দিব লাগিব। এনে কামত লগা হাবিখনত শতৰু যাতে সোমাব নোৱাৰেহি।” [ ৫২ ]  য়ান ককা আৰু মুখিয়ালবিলাকে বহুত সময় কথা-বতৰা পাতিলে। পিছত ৰিকৰ মাকক এলেকাটোত থাকিবলৈ দিয়াটো ঠিক কৰিলে। পাপ কাম কৰিলে দেৱতাৰ দোষত পৰে বুলি মানুহবোৰৰ ভয় এটা আছেই। পৃথিৱীত কিবা পাপ হ’লেহে ঢেৰেকণি-বিজুলীয়ে মানুহক দেৱতাসকলে খেদি আহে বুলি ভাবে। সেইকাৰণে বৰষুণৰ দিন অহাৰ লগে লগে ডাঙৰ শিল এটাত দেৱতাৰ ছবি এখন আঁকি সেৱা-পূজা কৰি থাকে।

 পিছে এলেকাৰ মানুহবোৰক সৈমান কৰাব লাগিব। গোটেই মানুহখিনিয়ে কথাটো মানি ল’লেহে হ’ব।

 নিশা শোৱাৰ পৰত য়ান ককাৰ ডিঙিত সাৱটি বানচাই কান্দি পেলালে— “তই সিহঁতক একো নকৰিবি। দেখা নাইনে সিহঁতৰ কিমান দুখ হৈছে।”

 য়ান ককাই তাৰ পিঠিত হাত ফুৰাই ক’লে— “একো নকৰো দে।”

(১৪)

 খাক্‌লা আৰু কেইটামান, বানচাৰ ওচৰলৈ উধাতু খাই ল’ৰি আহিল। বানচাক ক’লেহি— “কেইটামানে দেখি আহিছে, সিহঁতে এদিন ল’ৰা-ছোৱালী দুটা ধূলিয়ৰি পথাৰত পাইছিল। এতিয়া মাকজনীৰ স’তে মানুহে তাত বান্ধি থৈছে।”

 য়ান ককাক কথাটো কৈ বানচা খাক্‌লাহঁতৰ লগত দেওলগা হাবিৰ ফালে দৌৰ দিলে। বাটে বাটে কৈ গ’ল— “মনত ৰাখিবি সিহঁতক যাতে মানুহবোৰে একো কৰিব নোৱাৰে। সিহঁত বৰ ভাল। বিপদত পৰা মানুহ, বুইছ?”

 য়ান ককাও নৰ’ল। ঘৰৰ ল’ৰাহঁতক মানুহবিলাকক চনপৰা পথাৰখনলৈ মাতিবলৈ কৈ মুখিয়ালহঁতৰ ওচৰ পালেগৈ। য়ান ককাই [ ৫৩ ] মুখিয়ালৰ লগত পতা কথাবোৰ এটাই শুনি কেইটামানক কৈছিল আৰু সিহঁতে আজিপুৱাই আহি ৰিকহঁতক ধৰি পেলাইছিলহি।

 বানচাই দেখিলেহি মানুহ কেইটামানে পথাৰখনত ৰিক আৰু ৰিকৰ মাকক নিনৰ স’তে জপতিয়াই বান্ধি কিবা সোধা-মেলা কৰি আছে। সি গৈ ৰিকহঁতৰ ওচৰ পালেগৈ। মানুহবোৰক ক’লে—“তহঁতে একো নকৰিবি। ককা আহি আছে, কি কৰে কৰিব।” খাক্‌লাহঁতো গৈ বানচাৰ ওচৰত থিয় হ'ল।

 দলপতিৰ পুতেক কাৰণে মানুহকেইটাই একো নেমাতিলে।

 মুখিয়ালকেইজনক লৈ য়ান ককা আহি পালেহি। মুখিয়ালবিলাকে ৰিকহঁতক ভালকৈ চাবলৈ ধৰিলে। এটা-দুটাকৈ এলেকাৰ মানুহবোৰো লৰি-ঢাপৰি ওলালহি। কি হৈছে সিহঁতে জনা নাছিল। ডাঙৰ কিবা এটা যে হৈছে বুজি পালে। ৰিকহঁতক দেখি আচৰিত হ’ল— যুঁজত হৰা মতা মানুহ বান্ধি থোৱা দেখিছে। তিৰোতা মানুহ বন্ধা আজিলৈকে দেখা নাই। সিহঁতৰ মাজত হুলস্থুল এটা হ’ল।

 মুখিয়ালবিলাকে মানুহবোৰক মনে মনে থাকিবলৈ ক’লে। এজনে য়ান ককাই কোৱা কথাবোৰ বিৱৰি ক’লে। তাৰ পিছত সিহঁতৰ কি ৰায় সুধিলে।

 মানুহবোৰৰ মাজত আকৌ গুণগুণনি উঠিল। শেষত এজনে ক’লে— “কথাটো ডাঙৰেই। শতৰু নহয়। অসহায় তিৰোতা। ল’ৰা- ছোৱালীকেইটাও সৰু। মুখিয়ালসকলে বিবেচনা কৰি ভাল হোৱাটোকে কৰক।”

 মুখিয়াল এজনে ক’লে— “আমি বিবেচনা কৰি এলেকাতে ঠাই অকণ দিম বুলিছো।”

 মানুহবিলাকৰ মাজৰে এজনে ক’লে—

 : “বেলেগ এলেকাৰ মানুহ এলেকাত থাকিব নোৱৰাটোৱে নিয়ম দেখোন।” [ ৫৪ ]  : “নিয়ম নিয়মতে থাকিব। তিৰোতাক হাৰাশাস্তি কৰাওটো নিয়ম নহয়।” মুখিয়াল এজনে উত্তৰ দিলে।

 আকৌ হুলস্থুল হ’ল। এজনে ক’লে—

 : “এইবোৰতো ছল হ’ব পাৰে।”

 : “এৰা যদি দুদিনৰ পিছতে সেই এলেকাৰ মানুহবোৰ আহে?”

 : “অচিনাকি মানুহক খেদি দিব লাগে।”

 : “সেইটোৱে ভাল, আমি আমাৰ এলেকাৰ মানুহক কথাহে ভাবিব লাগে।”

 —মানুহবোৰৰ মাজৰ পৰা কথাবোৰ কৈ থাকিল।

 য়ান ককাই দুই হাত ওপৰলৈ কৰি মানুহবোৰক মনে মনে থাকিবলৈ ক’লে। তেওঁ ক'লে—

 : “কথাবোৰ ঠিকেই। আমিও ভাবিছিলোঁ। কিন্তু মিছা ওলাল।”

 : “তিৰোতাজনী সঁচাকৈয়ে বিপদত আছে।”

 তাকে শুনি এটাই ক’লে— “তেনেহ’লে থ’ক, দেওলগা হাবিতে।”

 য়ান ককাই বুদ্ধি এটা পালে। বোলে—

[ ৫৫ ]  :“নকবিহঁত তেনেকৈ। আমি আমাৰ পুৰণিকলীয়া হাবিখন এৰো কিয়? গোটেইখনে সিহঁতৰ হ’ব তেতিয়া। তাৰ সলনি চকুৰ আগতে ঠাই এটুকুৰা দিয়াই ভাল।”

 দেওলগা হাবিখনত যে দেও ভূতৰ সলনি শিল, কাঠ, বাঁহ, চিকাৰ দেধাৰ হৈ আছে মুখিয়াল এজনে বখানিলে।

 কথাটোৱে ততালিকে কাম দিলে। তথাপি এনেই ক’লে—

 : “কি ঠিক পাহাৰটোৰ সিফালে যদি মানুহ সোপা চোপ লৈ আছে?”

 য়ান ককাই ক'লে— “তাৰো দিহা কৰিছো। পুৱাতে ডেকাকেইটামানক পাহাৰৰ সিফালে কি আছে চাই আহিবলৈ পঠিয়াইছো। মানুহ থাকিলে মানুহজনীক সিফালে পাৰ কৰাই থ’মগৈ নহয়।”

 মানুহবোৰ সৈমান হ’ল। আচলতে য়ান ককাই ৰিকৰ মাকৰ কথা শুনি সঁচানে মিছা নিজে পাহাৰৰ সিফালে কি আছে চাই আহিছিলগৈ। এতিয়া মানুহবোৰক পতিয়ন নিয়াবলৈহে ডেকাহঁতক পঠিয়াইছে।

 কিবা এটা হোৱা বুলি গম পাই তিৰোতামখাও আহি ওলালহি। তিৰোতাজাকে ৰিকহঁতক দেখা পাই তেনেই তবধ মানিলে। ৰঙে বৰণে ধুনীয়া ৰিকৰ মাকৰ স’তে ল’ৰা-ছোৱালীকেইটালৈ হেঁপাহ পলুৱাই চাই থাকিল।

 তেনেতে ডেকাকেইটা ওলালহি। মানুহবোৰে কিবা এটা জনাৰ হেঁপাহত সিহঁতৰ মুখলৈ চাই থাকিল।

 সিহঁতে ক’লেহি— “সেইফালে মানুহৰ সঁচ নাই। চকুৰে নমনা দূৰ দূৰলৈকে মুকলি। শুকান নৈ এখন লৈ দুয়োফালে পিতনি, জলাহ। বোকা-পানী মানুহ নেলাগে জীৱ-জানোৱাৰো থাকিব নোৱাৰে।”

 মুখিয়াল এজন চিঞৰিলে—

 : “সিহঁতৰ বান্ধ খুলি দে। ঠিক হ’ল সিহঁত আমাৰ লগতে [ ৫৬ ] থাকক।”

 বানচাহঁত উলাহত চিঞৰি উঠিল। লগৰকেইটাৰ লগ লাগি সিহঁতেই ৰিকহঁতৰ বান্ধবোৰ খুলি দিলে।

 য়ান ককাই বানচাহঁতক চাই থাকিল৷ তেওঁ ভাবিলে—

 : “বানচা দেখোন এতিয়াই সৰু দলপতি হ’লেই। সি সৰুমখাক ভাল চলাব পাৰিছে। অসহায় তিৰোতাজনীকো ল’ৰা-ছোৱালীকেইটাৰে সি অকলে কম চাই আছিলনে ইমান দিন! য়ান ককা সুখী হ’ল— বানচা সৎ আৰু সাহসী দলপতি হ’বগৈ পাৰিব। যিটোৱে এলেকাটো মংগল কৰিব।

 তিৰোতাবোৰ ৰিকহঁতৰ ওচৰ চাপি গ’ল।

 মানুহজাকৰ মাজত ৰিয়ানাহঁত মাকৰ স’তে পোহৰ জিলিকাদি জিলিকি থাকিল। তাতোকৈ জিলিকি থাকিল বানচাৰ চকুযোৰ আৰু য়ান ককাৰ হাঁহিটো।

      

[ বেটুপাত-২ ]

 বৰ্তমান সাহিত্য জগতত শ্ৰীমতী নীলিমা বৰা এটি পৰিচিত নাম। একেধাৰে ঔপন্যাসিক, কবি, গল্পকাৰ। তেওঁ এগৰাকী বিশিষ্ট শিশুসাহিত্যিকো। শিশুৰ মানসিক উৎকৰ্ষ, বৌদ্ধিক বিকাশ, নৈতিকচৰিত্ৰ গঠনৰ বাবে সৰহখিনি সময় তেখেতে শিশুসাহিত্য কৰ্মত মনোনিবেশ কৰি আহিছে। শ্ৰীমতী বৰাৰ প্ৰকাশিত ৪৭ খন গ্ৰন্থৰ ৩৪ খন শিশুগ্ৰন্থ। ৰাজ্যিক ভিত্তিত বিভিন্ন সাহিত্য বঁটাৰে পুৰস্কৃত ২১ খন গ্ৰন্থৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী নীলিমা বৰাৰ ১৩ খন শিশুগ্ৰন্থ 'শিশুসাহিত্য বঁটাৰে' সন্মানিত। তেখেতৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰিলো।

প্ৰকাশক।


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।