পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

মূৰত নি পুতি থৈ আহে। মানুহবোৰে মৰা মানুহৰ আত্মাবোৰে শটো বিচাৰি তাত ঘূৰি ফুৰে বুলিও ভাবে। সেয়ে সেই দেওলগা হাবিৰ কাষলৈ কোনো নাযায়।

 উত্তৰ-পশ্চিমে মানুহৰ শইচৰ পথাৰবোৰ। শইচৰ পথাৰৰ একাষে চৰণীয়া পথাৰ। পথাৰবোৰত পানী জমা নহ'বলৈ মাজে মাজে খাল খন্দা৷ চৰণীয়া পথাৰ আৰু শইচৰ পথাৰ আগুৰি হাবিবোৰ। হাবিবোৰ পাৰ হৈ গ’লে সিফালে ঠেক মুকলি ঠাই কিছুমান আৰু অগাপিছাকৈ পাহাৰ দেখা যায়৷ পথাৰবোৰত ষাঁড়, ঘোঁৰা, ভেৰা আদি পশুবোৰ চৰি ফুৰা দেখা যায়৷ বাট হেৰুৱাৰ ভয়ত আৰু মানুহবোৰ সেইফালে বৰকৈ নাযায়। কেতিয়াবা চিকাৰ কৰিবলৈহে কাচিৎ যায়।

 এলেকাটোৰ দলপতিজনৰ নাম মৌৱা। মৌৱাৰ পিতাকৰ নাম য়ান৷ এই এলেকাটোৰ সবাতোকৈ বয়সীয়াল লোক। ল’ৰা- ছোৱালীবোৰে তেওঁক বৰ ভাল পায় আৰু য়ান ককা বুলি মাতে। য়ান কক্কাই ল'ৰা-ছোৱালীমখাক নৈৰ পাৰত গছৰ তলত পথাৰৰ মাজত সাধু কয়৷ পুৰণি দিনবোৰৰ কাহিনী কৈ শুনায়। ডাঙৰ বিলাকেও সৎ আৰু মৰমীয়াল য়ান ককাক বৰ মান কৰে।

 য়ান ককাৰ ছয়জন পুতেকৰ পৰিয়ালৰ স’তে ভৰপুৰ ঘৰ৷ আহল- বহল ঠাইখনত কেইবাটাও জুপুৰিত তেওঁলোক একেলগে থাকে। তিনি নম্বৰ পুতেকৰ নামেই মৌৱা। মৌৱাৰ চাৰিটা পুতেক, দুজনী ছোৱালী। সৰু পুতেকটোৰ নাম বানচা। আঠ বছৰীয়া। বয়সতকৈ বেছি বুদ্ধিয়ক, বলী আৰু ৰঙিয়াল।

(২)

 শেষ নিশা কোহাল শুনি বানচা সাৰ পাই গ'ল। সি উঠি বহিল। দুই হাতৰ তলুৱাৰে চকুমোহাৰি শুই থকা মাক আৰু বায়েক দুজনীক চালে৷ কাষতে থকা সৰু বায়েক ঝাক সি হেচুকি দিলে। পিছে শুকান মজিয়াত খেৰৰ ওপৰৰ উমলগা শেতেলীত শুই থকা ঝাই কেৰেপকে