পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কিছুমান বস্তু বৰ দৰকাৰী হৈ পৰিল। সেইবোৰৰ কাৰণে গছৰ ঠানি, বাঁহৰ চোচনিৰে খাং, পাচি, চালনি আদি ববলৈ ধৰিলে। আটাইতকৈ ডাঙৰ কথা এইদৰে সৰু-ডাঙৰ বস্তু কিছুমান বওঁতে বওঁতে মনলৈ পোছাক বৈ লোৱাৰ কথা আহিল আৰু গছৰ বাকলি মিহিকৈ ফালি, জৰীগছৰ জৰী ফালি, গছৰ আঁহ উলিয়াই জাল আৰু পোছাক তৈয়াৰ কৰি ল’বলৈ ল'লে।

 খাবলৈ বিচাৰি অনা ফলবোৰ, বীজবোৰ সাঁচি থওঁতে তাৰ পৰা গজালি ওলাই পুনৰ গছ উৎপন্ন হোৱা দেখি বীজ পুতি, ফলৰ গুটি পুতি গজাই ল’বলৈ শিকিলে।

 লাহে লাহে শইচবোৰ কৰিবলৈ মাটি একোডৰা চহাই বীজ