(৭)
সেইদিনা বৰ আচৰিত ঘটনা এটা ঘটিল।
টলৌ টলৌকৈ ঘূৰি ফুৰা ল'ৰা-ছোৱালীমখা আহি ধূলিয়ৰী পথাৰখন পালেহি। কিছুমানে কেঞাবনবোৰ খান্দি গুটি বিচাৰিলে। মিঠা গুটিবোৰ খাবলৈ বৰ সোৱাদ লগা। কিছুমানে আকৌ বালি খুচৰি জিল্মিল পোকবোৰ বিচাৰিলে। ক'ৰবাৰ পৰা আহি খাক্লাহঁতো পালেহি।
খাক্লা গৈ গছজোপাৰ ওচৰ পালেগৈ। খোৰোঙৰ আঁৰবোৰত নাইপিয়াবোৰ থাকে। গছজোপাৰ গুৰিটো
ইমান ডাঙৰ যে কুৰিটামান ল’ৰা- ছোৱালীয়ে হাতত ধৰাধৰিকৈ ঘেৰ এটা কৰিলেও কিজানি ঢুকিয়ে নাপাবগৈ। ফোপোলা গুৰিটোৰ ভিতৰখন যেন জুপুৰি এটাহে ওপৰখন অন্ধকাৰ।
খাক্লাহঁতে দেখিলে খোৰোঙৰ মজিয়াত শুকান পাতসোপাৰ ওপৰত ল’ৰা-ছোৱালী এহাল শুই আছে। ল’ৰাটো সিহঁতৰ সমান। ছোৱালীজনী সৰু হ’ব। গাৰ বৰণ আৰু দেখাত সিহঁতৰ এলেকাৰ মানুহৰ নিচিনা নহয়। বৰণ বৰ চকুত লগা। চুলিবোৰ ৰঙচুৱা। সিহঁত টোপনিত লালকাল। খাক্লাই দুবাৰমান মাতিলে। মাত নেপায় হাতত ধৰি টানি বাহিৰলৈ উলিয়াই আনিলে ল’ৰা-ছোৱালী দুটাই সাৰ পালে আৰু খাক্লাহঁতক দেখি বৰ ভয় খালে। খাক্লাহঁতে কিবাকিবি সুধিলে। পিছে সিহঁতে একো বুজি নাপালে। খাক্লাই সিহঁতৰ গাত ধূলি ছটিয়াই ৰং চাবলৈ ধৰিলে। সিহঁতক নগুৰ-নাকতি কৰি সি বৰ ৰং পালে। খাক্লাৰ লগৰকেইটায়ো