:“হয়, হয়, জিকিল।” সাৰ পাই লৰি অহা ঝায়ো কিৰিলি পাৰিলে।
: “কি জিকিল ঝা?” বানচাই তাইৰ হাতখন জোকাৰি সুধিলে।
: “পিতাহঁত যুঁজলৈ গৈছিল নহয়।”
: “কি যুঁজ?” সি আকৌ সুধিলে।
সামৰিব নোৱৰা গাত লোৱা নোমাল পশু ছালখন ঝাৰ গাৰ পৰা খহি পৰিল। ছালখন বুটলি গাত চাটি মাৰি তাই ভেকাহি মাৰিলে—
:“ধেৎ তেৰি, অঘৰী মানুহবিলাক আহি পথাৰ সোমোৱা নাছিল? সিহঁতৰ লগত যুঁজিবলৈ পিতাই মানুহবোৰক লৈ যোৱা নাছিল?”
ঝাৰ বৰ স্ফূৰ্তি লাগিল। যুঁজত জিকিলে ঢেৰ বস্তু পায়। হৰা মানুহবোৰৰ পৰা কাঢ়ি আনে। দা, যাঠীলৈ তাইৰ মন নাই। পোছাক আৰু তাম সোপালৈহে হেঁপাহ। তাম গলাই ককাকে তাইক গহনা সোপা সাজি দিয়ে। জিকিলে খোৱা ভোজটোও তাই ভাল পায় কাণে-মূৰে মালা, কাণফুলি এসোপা আঁৰি তাই ফিতাহি দেখুৱায়। ফিতাহি নহ’বনো কিয়? তাই যে দলপতিৰ জীয়েক।
ঘৰৰ বাকী তিৰোতা আৰু ল’ৰামখা জুপুৰিবিলাকৰ পৰা ওলাই আহিল। বানচাহঁতৰ মাজ চোতালতে চুঁচি-মাজি চিকুণ কৰি থোৱা শকত গছৰ গুৰি এটা আছে। দলপতি বানচাৰ পিতাক আহি তাতে বহিলহি। বাকী মানুহবোৰ দলপতিৰ ওচৰ পালেহি। মানুহ দুটামানে যুঁজত পোৱা বস্তুবোৰ ভেৰা কেইটামানৰ স’তে আনি চোতালত থ’লেহি।
দলপতিয়ে বস্তুবোৰ ভগাই দিলে। নিজলৈ যাঠি দুডাল সৰহকৈ ল'লে আৰু আটাইকেইটা ভেৰা ৰাখি থ’লে। কোনেও একো মাতিবলৈ সাহ নকৰিলে।
তেনেতে ঘটনা এটা ঘটিল। বানচাৰ লগৰীয়া খাক্লাই আহি ভেৰা এটা সাৱটি ধৰিলেহি।
: “এইটো মোক লাগিবই।” সি জিদ ধৰিলে।