পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

 বানচাই চালে খাক্‌লা অহা নাই। তাৰ মন নেথাকিলেও ককাকে তাক মাত-বোল কৰিবলৈ কয়। লগৰ মাজত হেনো শতক হোৱা বেয়া। সেয়ে তাৰ লগত ইকক তাক মাতিবলৈ কৈছিল।

 হাঁহি-মাতি গোটেই মখা পথাৰৰ ফালে আগবাঢ়িল।

 দুজাকমান বৰষুণে কোমল কৰা পথাৰত মানুহবোৰ গোট খাইছে। সিহঁতৰ হাতত দীঘল দীঘল কাঠৰ নালথকা ডাঙৰ ডাঙৰ ধাৰ কৰা শিলৰ কোৰ। কিছুমানে কোৰবোৰ পশুৰ শিঙেৰেও কৰি লৈছে। দুটামানে কোৰৰ ওপৰত হেঁচা দিছে আৰু দুটামানে নালত ধৰি টানি নিছে। মানুহবোৰে এনেকৈয়ে শিৰলু তুলি মাটি চহায় তাত শইচ সিঁচে।

 বানচাহঁতক দেখি য়ান ককা পথাৰৰ পৰা আহি সিহঁতৰ ওচৰ পালেহি। পথাৰৰ আলিয়েদি সিহঁত গৈ থাকিল। সিহঁত ঘন হাবিখনৰ ওচৰ পালে৷ এটাই ক'লে—

 “সৌ হাবিখনত ছাগৈ ঢেৰ চিকাৰ আছে।”

 য়ান ককাই ধমক দিলে।

 “সেইফালে নেচাবিয়েই।”

 “কিয়? সিহঁতে সুধিলে।

 য়ান ককা ৰ’ল। বৰষুণৰ দিনতো শইচ নগজা এঢলীয়া বালি- ধূলিৰ চনপৰা পথাৰখনৰ কাষতে থকা ঘন হাবিখনলৈ চাই ক'লে—

 : সেইখন দেওলগা হাবি। ক’লা দৈত্য থাকে। এবাৰ মানুহ সোমালে ওলাই আহিব নোৱাৰে৷ সৌ বৰ গছ কেইজোপা দেখিছনে? এবাৰ বতাহ-বৰষুণ, ঢেৰেকণিত থাকিব নোৱাৰি দৌৰ মাৰি গৈ গছজোপাৰ তলত মানুহকেইটামান ৰৈছিলগৈ। এটাও নেবাচিল বোপাইহঁত! জীয়াই জীয়াই জীউবোৰ নাইকিয়া হ’ল। পিছতহে মানুহবোৰে দেখিছেহি। আমাৰ বোপাইহঁতে আগতেই মানা কৰি গৈছে। এই পথাৰখনত বোকাও নহয়, শইচো নহয়। নিশা দেও-ভূতবোৰ