য়ান ককা বৰ বিমোৰত পৰিল। দেওলগা হাবিৰ ভূতে পালে বুলি তেওঁৰ মূৰ আচন্দ্ৰাই কৰিলে। একো নেমাতি ঘৰ পালেহি।
চোতালত বানচা ঘৰৰ ল'ৰা-ছোৱালীমখাৰ লগত ৰ’দলৈ আছিল। যান ককাই তাক সুধিলে—
: “পুৱাই পুৱাই ক’লৈ গৈছিলি?”
মিছা কথা কোৱাৰ বানচাৰ অভ্যাস নাই। ‘ক’লৈকো নাই যোৱা। বুলি নোলাই মুখত ওলাই গ’ল— “শিয়াল খেদি গৈছিলোঁ।”
: “ক’লৈ গৈছিলি?” তেওঁ আকৌ সুধিলে।
বানচাৰ বুদ্ধিয়ে ঢুকি পালে। হাবিলৈ যোৱা ককাকে নেজানে।
: “সেইফালে আৰু দূৰলৈ নহয়, কিনো হ’ল?” সি ল’ৰা- ছোৱালীহঁতৰ লগত খেলাৰ ভাও জুৰিলে।
বানচা সেইদিনাই নহয়, দুদিন ৰিকহঁতৰ ওচৰলৈ নগ’ল। ককাকৰ চকুত পৰিছে বুলি সাৱধান হ’ল। সি ঘৰতো নেথাকিল। লগৰীয়াৰ লগত ঘূৰি ফুৰিলে।
সুযোগ বুজি এদিন দুপৰীয়া বানচা দেওলগা হাবি পালেহি। তেতিয়া জুৰিটোৰ ওচৰৰ মুকলিখিনিত ৰিকৰ মাকে শিল এটাত বহি নিন্ক বুকুৰ গাখীৰ খুৱাই আছিল। ৰিক আৰু ৰিয়ানাই শিলৰ ওপৰৰ পৰা জঁপিয়াই জঁপিয়াই খেলি আছিল।
বানচাক দেখি ৰিয়ানা চিঞৰি উঠিল— বানচা!! ৰিক আৰু মাকে ঘূৰি চালে। ৰিয়ানা দৌৰি আহি তাক সাৱটি ধৰিলেহি। ৰিকো দৌৰি আহিল।
“কিয় অহা নাই?” ৰিকে সুধিলে।
: “বেমাৰ লাগিছিল।” সি ক’লে।
: “খাৰু আনিছানে?” ৰিয়ানাই তাইৰ হাত দুটা বানচাৰ চকুৰ আগত থৈ ক’লে। তাইক খাৰু দিয়াৰ কথা বানচাই কৈ থৈছিল। পিছে হাবি কটাৰ কথাটোৱে তাৰ মূৰটো খেলিমেলি লগাই দিলে। মন