গ’লেও সি ততালিকে হাবিখন কটাৰ কথাকৈ সিহঁতৰ মন বেয়া কৰিব নুখুজিলে। বানচাই দিয়া কাঠৰ মালাডাল পিন্ধি থকা ৰিয়ানালৈ চাই সি ক'লে—
: “পিছত দিমেই। কাণফুলিও।”
: “সঁচা?? – ৰিয়ানাই হাঁহি পেলালে।”
তাই বানচাৰ হাতত ধৰি দৌৰ মাৰিলে— য’ত জোপোহা গছবোৰ আছে, আৰু তাত হালধীয়া পখিলাবোৰ উৰি ফুৰে। ৰ’দত বগা বালি আৰু সোণালী শিলগুটিবোৰ চিক্মিকাই থাকে। ওখ গছ এজোপা ডালত জৰী গছৰ জৰী এসোপা কাটি ওলমি খেলে। গছৰ তলে তলে সৰা পাতৰ মাজেৰে সিহঁতক নেউলবোৰে জুমি জুমি চায়হি। ৰিকৰ মাকে মানা কৰাৰ বাবে সিহঁতে নেউল নমৰা হ'ল। সেয়ে নেউলবোৰে সিহঁতলৈ সিমান ভয় নকৰে।
তিনিওটাই খুব খেলিলে। বানচাক পাই সিহঁতৰ বৰ ফূৰ্তি। মানুহ নথকা হাবিখনত সিহঁতৰ বৰ বেয়া লাগে।
ৰিক গুহাটোলৈ আহিল। সি নতুনকৈ শিল জোঙা কৰি কৰা কাঠৰ যাঠি কেইপাত বানচাক নি দেখুৱাব। বানচা আৰু ৰিয়ানাই গছবোৰত বাগি দি খেলা খেলটো খেলিবলৈ ধৰিলে।
দৌৰি অহা বানচা য়ান ককাৰ মুখতে পৰিল। সি ঠক্ ঠক্কৈ কঁপিবলৈ ধৰিলে। বহল হৈ পৰা তাৰ চকুযোৰ তেনেকৈয়ে ৰ’ল। পিছে পিছে দৌৰি অহা ৰিয়ানাই মস্ত মানুহ য়ান ককাক দেখি বৰ ভয় খালে। তাই পিছফালৰ পৰা বানচাক সাৱটি ধৰিলে।
বানচাক বিচাৰি ৰিক দৌৰি আহিছিল। কিন্তু দূৰৈৰ পৰা য়ান ককাক দেখি সি মাকৰ ওচৰলৈ লৰ ধৰিলে।
বানচা দেওলগা হাবিলৈ অহাৰ কথা শুনাৰ পৰা য়ান ককা চিন্তাত পৰিছিল। তেওঁ বানচাৰ গতি বিধি মনে মনে চাই থাকিবলৈ লৈছিল। সেয়ে আজি বানচা ঘৰৰপৰা ওলোৱা দেখিয়ে পিছ ল’লে। দূৰৈৰ