পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

 : “নিয়ম নিয়মতে থাকিব। তিৰোতাক হাৰাশাস্তি কৰাওটো নিয়ম নহয়।” মুখিয়াল এজনে উত্তৰ দিলে।

 আকৌ হুলস্থুল হ’ল। এজনে ক’লে—

 : “এইবোৰতো ছল হ’ব পাৰে।”

 : “এৰা যদি দুদিনৰ পিছতে সেই এলেকাৰ মানুহবোৰ আহে?”

 : “অচিনাকি মানুহক খেদি দিব লাগে।”

 : “সেইটোৱে ভাল, আমি আমাৰ এলেকাৰ মানুহক কথাহে ভাবিব লাগে।”

 —মানুহবোৰৰ মাজৰ পৰা কথাবোৰ কৈ থাকিল।

 য়ান ককাই দুই হাত ওপৰলৈ কৰি মানুহবোৰক মনে মনে থাকিবলৈ ক’লে। তেওঁ ক'লে—

 : “কথাবোৰ ঠিকেই। আমিও ভাবিছিলোঁ। কিন্তু মিছা ওলাল।”

 : “তিৰোতাজনী সঁচাকৈয়ে বিপদত আছে।”

 তাকে শুনি এটাই ক’লে— “তেনেহ’লে থ’ক, দেওলগা হাবিতে।”

 য়ান ককাই বুদ্ধি এটা পালে। বোলে—