পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

মানুহ, জীৱ-জন্তু, গছ-গছনি সাজিলে আৰু তাত জীৱ দিলে। ধৰণীখন আগৰ নিচিনা হৈ পৰিল। চকুৰপানীবোৰ মাটিৰ তলত সোমাই পৰিল। সেইবাবেই মাটি খান্দিলে কেতিয়াবা পানী ওলোৱা আমি দেখো নহয়। ফাদেৱীক লৈ মহাপ্ৰভু যাবলৈ ওলাল৷ পৰ্বত হৈ পৰা ক’লা দৈত্যই কাকুতি কৰি আগৰ নিচিনা কৰি দিবলৈ ক’লে। প্ৰভুৰ বেয়া লাগিল, ক’লে—“হ’ব বাৰু, তই নিশা ভৰি নোহোৱাকৈয়ে ঘূৰি ফুৰিব পাৰিবি। তোৰ তল ছোৱা সদায় একেবাৰেই তলত ওলাব নোৱৰাকৈ পোত খাই থাকিব।” তেতিয়াৰ পৰা নিশা হ'লেই ক’লা দৈত্য ওলাই ঘূৰি ফুৰে। দিনত ওলায় বুলি বেলি দেৱতাক প্ৰভুৱে চাই থাকিবলৈ ক’লে। কেতিয়াবা আক’ তলছোৱাও ওলাবলৈ উক্‌মুকায়। তেতিয়াই ধৰণীখন কঁপিবলৈ ধৰে। আমি হঠাতে কেতিয়াবা ধৰণীখন কঁপি থকা দেখো সেয়াই বুইছ। এইদৰে ওপৰৰপৰা দেৱতাবিলাকে ক’ত কি হৈছে চাই থাকে। যেতিয়াই বেয়া কথাবোৰ বেছি হোৱা দেখে ঢেৰেকণী বিজুলীৰে গুজৰি-গুমৰি আহে। ৰংমনে ৰূপহী ফাদেৱীক লৈ প্ৰভু গুচি গ'লগৈ।” য়ান ককাই কাহিনী সামৰিলে। তেওঁৰ ওচৰত সৰু-ডাঙৰ ল’ৰা- ছোৱালীসোপাৰ লগতে বহি কাহিনী শুনি থকা খুৰীয়েক দুজনীক ক’লে— “ব’লহক ভিতৰ সোমাবৰ হ’ল।” য়ান ককাৰ পিঠিত মূৰ থৈ আকাশলৈ চাই চাই আপোন মনে কাহিনী শুনি থকা ঝাই ভাবিলে সৌ জিক্‌মিকোৱা ঘৰবোৰেৰে ফাদেৱীয়ে বাৰু এতিয়াও জুমি জুমি সিহঁতক চাই আছে নেকি?

(৫)

 পুৱা দুই-এটা চৰায়ে মাতোতেই য়ান ককাই সাৰ পালে৷ ভালকৈ পোহৰ নোহোৱালৈকে শেতেলীতে থাকিল। ওচৰতে শোৱা বানচাৰ গাত শন সূতাৰ কাপোৰখন ভালকৈ দি কিছুসময়ৰ পিছত তেওঁ উঠি বাহিৰলৈ আহিল।