পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

আহিব। অ’ত-ত’ত সি আৰু কেইবাকুৰা জুইৰ চিন দেখা পালে। শিল-বালিৰ মুকলি ঠাই এখনত বানচা ৰ'লগৈ৷ গছবিলাকৰ তল চাফা। মাজে মাজে পৰি থকা ডাঙৰ শিলবিলাকো দেখিলে।

 বানচা এইবাৰ গুহা এটা মুখতে ওলালগৈ। বগা শিল আৰু টান মাটিৰ পাহাৰটোত থকা গুহাটো দেখি সি আচৰিত হ’ল। চাৰিওফালে চাই গুহাটোৰ ভিতৰলৈ জুমি চালে। গুহাটোৰ ভিতৰলৈ দুখোজমান গৈ সি ৰৈ গ’ল। শুকান পাত জাবৰৰ এসোপাৰ মাজত মানুহ এজনী শুই আছে। দীঘল চুলিৰ মানুহজনীৰ গাত গছপাতৰ সামান্য পোছাক। মানুহজনীয়ে মূৰ তুলি তালৈ চাই থাকিল। সি লাহে লাহে ওচৰ চাপি গ’ল। ওচৰ পাই দেখিলে মানুহজনীৰ বুকুৰ মাজত কণমানি কেঁচুৱা এটা। সি চাপৰি চাব খোজোতেই মানুহজনীয়ে তাৰ হাতত থাপ মাৰি ধৰি পেলালে। সি এৰাবলৈ চেষ্টা কৰিলে। মানুহজনীৰ দীঘল নখবোৰে তাক আঁকুহি পেলালে। ক’ৰবাৰ পৰা ল’ৰাটো দৌৰি আহিল। সি মাকক কিবা ক’লে। মানুহজনীয়ে বানচাক এৰি দিলে। ল’ৰাটোৱে তাক লৈ বাহিৰলৈ ওলাই আহিল।

 বানচাক ল’ৰাটোৱে হাতত ধৰি কোনোবাখিনি পোৱালেহি। ঠেলা মাৰি তাক হাবিৰ পৰা ওলাই যোৱাৰ ইংগিত দিলে আৰু সিহঁতৰ কথা যাতে কাকো নকয় বুজাবলৈ চেষ্টা কৰিলে।

 বানচাই ল’ৰাটোক সাৱটি ধৰি সি যে তাৰ বন্ধুহে তাক জনালে। তাৰপৰা সিহঁতৰ একো ভয় নাই তাকো তাৰ ভাষাতে কৈ বুজাবলৈ চেষ্টা কৰিলে। সি সুধিলে সিহঁত কোন? আৰু কোন কোন আছে। কিয় হাবিত থাকে? পোনতে ল’ৰাটোৱে একো নক’লে। বাৰে বাৰে সোধাত সি তাৰ ওচৰত আহি ৰোৱা ছোৱালীজনীৰ হাতত ধৰি লাহে লাহে তাৰ ভাষাত অংগীভংগীৰে কথাবোৰ কৈ গ’ল। বানচাই মাথোঁ ইয়াকে বুজিলে পাহাৰটোৰ সিপাৰে সিহঁতৰ ঘৰ। ডাঙৰ বিপদত পৰি ইয়াত থাকিবলগীয়া হৈছে। হাবিৰ বাহিৰলৈ সিহঁতে যাবলৈ ভয়