পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

 যেনে কথা তেনে কাম। সকলোৱে ভালেই পালে। মনৰ ইচ্ছামতে নিজৰ পথাৰত যি মন যায় সেইদৰে খেতি কৰিব পাৰিব সিহঁতে।

 বৰষুণৰ পিছতে পথাৰত কাম কৰিবলৈ মানুহবোৰ সাজু হ’ল।

 য়ান ককাই কৌশল এটা উলিয়ালে। গছৰ পূৰঠ ডাল কাটি শুকুৱাই থৈছিল। তেওঁ ডাল এটা কাটি ল’লে। ডালটোৰ এমূৰত চাৰিহাতমান দীঘল টুকুৰা এটা আঁতি আঁতি বান্ধিলে। আনটো মূৰত দুয়োফালে জোঙা শিলৰ টুকুৰা সুমুৱাই লোৱা কাঠৰ টুকুৰা দুটা বেঁকাকৈ বান্ধিলে। ভৰি থ’ব পৰাকৈ কাঠৰ টুকুৰা এটা বান্ধি তাত হাতেৰে ধৰিব পৰাকৈ টাঙোন এডালো বান্ধিলে।

 নিজৰ বাৰীতে বানচাৰ ককায়েক এটাক পিছফালে উঠিবলৈ দি বাকী দুটাক টানিবলৈ দিলে। সহজে মাটিখিনি শিৰলু হৈ গ’ল। বানচাই ফূৰ্তিতে ককায়েকহঁতৰ লগত গোটেই বাৰীখন চহালে।

 য়ান ককাৰ বুদ্ধিটো সকলোৱে বৰ ভাল পালে। সকলোৱে তাকে কৰিলে। য়ান ককাই আৰু সহজ হ’বলৈ মানুহৰ ঠাইত ষাঁড় দুটা বান্ধি দিলে আৰু দীঘল চুপি এটা বান্ধি লৈ শইচ ভৰাই গ’ল। তেনে কৰাত একেবাৰতে শইচ সিঁচাও হৈ গ’ল।

 ককাই ভাবিলে এছাৰি এছাৰি শইচৰ গুটি সৰোৱাতকৈ ষাঁড়, ম’হবোৰকে কামত লগাব। চোতালত কাটি দ’ম কৰি থোৱা শইচৰ ওপৰত ষাঁড় বা ম’হ দুটামানক ঘূৰাই ফুৰালেই উজু হ’ব ছাগৈ। য়ান ককাই এনেকৈয়ে ভাল ভাল কথাবোৰ ভাবি উলিয়ায়।

 খাক্‌লা বানচাৰ লগ লোৱাৰ পৰা জনতাৰ দলটো ডাঙৰ হৈ পৰিল।

 য়ান ককাই মন কৰিলে বানচা দিনে দিনে সকলো পিনে আগৰণুৱা হৈ উঠিছে। সি লগৰীয়াহঁতকো পটু আৰু কামিলা কৰিছে। সিহঁতে হাবি এখন কাটি খেলিবলৈ পথাৰ উলিয়াই লৈছে। হাবিৰ সিপাৰেগৈ