পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

একো নেমাতিলে। ছোৱালীজনীয়ে দেও লগা হাবিখনৰ ফালে আঙুলিয়াইছিল। ল’ৰাটোৱে হাতখন থাপ মাৰি ধৰিলে। বানচাহঁতে ক’ৰপৰা আহিল বুলি কোৱা-কুই কৰি থাকোতেই ছোৱালীজনীৰ হাতত ধৰি ল’ৰাটো দৌৰ মাৰি দেওলগা হাবিত সোমালগৈ। ল’ৰা-ছোৱালী জাকে সিহঁতক অকণো ভয় নকৰাকৈ দেওলগা হাবিত সোমোৱাৰ বাবে বৰ ভয় খালে। খালাই কৈয়ে পেলালে—

 : “দেওলগা হাবিৰ ভূতৰ পোৱালি নেকি? ভেশছন কৰি আছে??”

 বানচাই তৎক্ষণাৎ কথা এটা ভাবি পেলালে। সি ক’লে— “ব’ল ব’লহঁত দেওলগা হাবিত থকা দৈত্যই ক’ৰবাৰ পৰা ধৰি অনাও হ’ব পাৰে। অই মনত ৰাখিবি, ঘৰত যাতে কোনেও একো নকৱহক। নহ'লে নিশা ক’লা দৈত্যই টেটু চেপি ধৰিবহি। ডাঙৰ মানুহবিলাকে গম পালেও ইয়ালৈ অহা আমাক টেঁটুত ধৰি দলিয়াব।”

 “নকওঁ নকওঁ। ভয় খাই গোটেই জাক ঘৰলৈ ঢাপলি মেলিলে।”

       

 পিছে বানচাই কথাটো এৰি দিব নোৱাৰিলে। সি ঘৰলৈ আহি সেই কথাটোকে ভাবি থাকিল। ল’ৰা-ছোৱালী দুটা যে মানুহহে সি ভালকৈ বুজিলে। কিন্তু হাবিত কিয় আছে? হাবিত সিহঁতৰ মাক- পিতাকহঁত আছে নেকি? যিয়ে নহওক সিহঁতৰ ছাগৈ খাবলৈ একো নাই, মুখবোৰ শুকাই থকা। সি কথাটোৰ উমান ল’বই। মনে মনে যাব। যদি বহুত মানুহ আছে এলেকাৰ মানুহক জনাবই লাগিব। যদি অকলে আছে ঘৰলৈ লৈ আহিব।

 দুপৰীয়া বানচাই কোনেও নেদেখাকৈ দেওলগা হাবি পালেহি। গছৰ আঁৰ লৈ কিছুসময় হাবিডৰাৰ মুখতে ৰৈ চাৰিওফালে চালে। তাৰ ভয়ো লাগিল। পিছে ল’ৰা-ছোৱালী দুটাৰ কথা ভাবি সাহস পালে।