হ’ল। বানচাক তেওঁ ঘনাই আহিবলৈ মানা কৰিলে। কাৰোবাৰ চকুত পৰিলে বিপদ হ’ব বুলি ভয় এটা থাকে।
ঘৰত থকা সময়তো বানচাই ৰিকহঁতৰ কথাকে ভাবি থাকে। চল চাই সি বাঁহৰ চুঙাত গাখীৰ, সিজোৱা মঙহ, শইচৰ গুৰা সি দি অহাৰ কামটো কৰি থাকিল।
তাৰ পেটত কথাটোৱে মাজে মাজে বৰ দিগ্দাৰ দিয়ে। কাৰোবাক ক’বলৈ মন যায়। কেইবাদিনো নাখুক ক’ব খুজিও মুখত সোপা দি থৈছে। সি ভয় খায়, যদি মানুহবোৰে গম পাই সিহঁতক মাৰি পেলায়? এলেকাত বেলেগ এলেকাৰ মানুহ অনা নিয়ম নাই। সি জানে ৰিয়ানাহঁত বৰ ভাল। বৰ কষ্টত সিহঁত হাবিত থাকে। খোৱা বস্তু ঢেৰ আছে পিছে মানুহ আৰু বনৰীয়া জানোৱাৰবোৰৰ ভয়। ভয়ত থকাতো কম কথানে?
নাখুৱে বানচাক সোধে — “তই দেখোন আজিকালি বৰকৈ নেহাঁহ? কি ভাবি থাক অ’?”
: সি কয়— “মোৰ বহুত কাম।”
ধেমেলীয়া খুৰীয়েকজনীয়ে জোকায়—
: “চিকাৰ কৰি অনা নাই, ককায়েকহঁতৰ লগত উলুবন বিচাৰিবলৈ নেযাৱ, টান বাকলিৰ গুটিবোৰ দ’ম খাইছেগৈ— তাকো নেভাঙ, তোৰ কি কাম অ’?”
ঝাই কয়— “সি আজিকালি শামুকৰ খোলাও মোক আনি নিদিয়ে।”
য়ান ককাই ধেমেলীয়াকৈ সকলোকে ধমক দিলে— “এতিয়া তাৰ লগৰীয়াৰ লগত থকাৰ সময়। মুকলিমুৰীয়াকৈ খেলা-ধূলা কৰি ফুৰিলেহে আগলৈ শৰীৰ টান হ’ব।
(৯)
দিনবোৰ আগবাঢ়ি যাবলৈ ধৰিলে।
আকৌ বৰষুণৰ দিন আহিল।