পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি


এখোজ দুখোজকৈ সি হাবিখনলৈ সোমাই গ’ল। হাতত থকা টাঙোনডাল আৰু কঁকালত থকা দাখন খামোচ মাৰি ধৰি ল’লে।

 ডাউক চৰাইৰ খহটা মাতটোৱে হাবিখন গহীন কৰি পেলাইছে। অলপ ওপৰলৈ উঠি যোৱা হাবিখন জেলেপা লগা নহয়, কিন্তু চেঁচা। জাৰণি। ইমান ওখ ওখ গছ। সি ওপৰলৈ চালে। পিঠিৰ মোনাৰ পৰা সি ৰছী বান্ধি লোৱা গছৰ ডাঠ ছালৰ চেণ্ডেলযোৰ পিন্ধি ল’লে। এনে ছেণ্ডেল সিহঁতৰ মোনাত থাকেই। দৰকাৰত পিন্ধি লয়। গছৰ তলবোৰত পাতৰ দ’ম। মাজে মাজে জোপোহা গছ। এন্ধাৰ। বহু ঠাই আগুৰি আছে ডাঙৰ ডাঙৰ বাঁহগছৰ জোপোহাবোৰে৷ গছ-লতাৰে ভৰা হাবিখন পিছলৈ সমান হৈ পৰিছে। দূৰৈৰ পৰা অহা ঝিলিৰ মাতবোৰে হাবিখন ভয় লগা কৰি তুলিছে। নিজকে তাৰ অকলশৰীয়া যেন লাগিল।

 ক’ৰবাত ওচৰতে খৰ্‌খৰণি এটা হ’ল। সি ৰৈ গ’ল। তাৰ বুকুখন ধপ্‌ধপালে। উভতি যাবলৈ মন গ’ল। লগত লগৰীয়া এটা ননাৰ বাবে আপচোচ হ’ল।

 মৰসাহ কৰি সি খোজ আগবঢ়াই দিলে। কিছুদূৰ যোৱাৰ পিছত ঠাইখিনি পোহৰ পোহৰ লাগিল। গছবোৰ সেৰেঙা হ’ল। সি চাৰিওফালে চালে। অহা বাটটোৰ চিন ৰাখিবলৈ সৰু গছৰ ডালবোৰ ভাঙি আহিছিল। এইখিনিত সি দাখনেৰে সৰু গাঁত এটা কৰিলে। কিছু আঁতৰত ঠাঁহখোৱা ডাঙৰ ডাঙৰ গছবোৰেৰে এন্ধাৰ এন্ধাৰ লগা ঠাইখিনিলৈ সি ক্ষন্তেকপৰ চাই ৰ’ল। ইফালে-সিফালে চাওঁতে তাৰ চকুত বাট এটা পৰিল। কোনোবাই যেন গছ-বন কাটিহে বাটটো উলিয়াইছে। সি সেইফালে মুখ ঘূৰালে। নেউল এটা আগেৰে পাৰ হৈ গ'ল। সি বাটটোৰে আগবাঢ়িল। বানচাই আধা জ্বলা জুই একুৰা দেখিলে। তাৰ মনটো মুকলি লাগিল। বনৰীয়া পশুক ভয় খুৱাবলৈ এনেদৰে জুই মানুহে জ্বলায়। ল’ৰা-ছোৱালীকেইটা ছাগৈ এই ফালেই