পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

মুকলি কৰি পেলাইছে। সিঁচৰতি হৈ পৰি থকা শিলবোৰত বহিবলৈ, খেলিবলৈ ভাল। খিচ্‌খিচিয়া বালি আৰু শিলগুটিৰ ঠাইখনত ৰ’দ পৰি থাকে।

 পাহাৰটোৰ শিলবোৰত বানচা কেতিয়াবা বগায়। জিঞা পাখি যেন পাতল সোণবৰণীয়া চিক্‌মিকাই থকা চটাচট জাপ জাপ হৈ থকা শিল কিছুমান বানচাই তাত পাইছে। ঘৰলৈ হ'লে অনা নাই। সুধিব বুলি ভয় কৰে।

 লাহে লাহে বানচাই হাবিখনৰ তলা-নলা বুজি পোৱা হ’ল। সি গম পালে হাবিখনত দেও ভূত নাই। বৰং ফুল ফুলি থকা ওখ ওখ গছ থকা হাবিখন বৰ ধুনীয়া। অমৰা, শিলিখা, জলফাই, বগৰী আদি গছবোৰো সি বিচাৰি পাইছে। নেউল, কেৰ্কেটুৱা, গুঁই, কুকুৰা, কেটেলা পহু, জহামাল আদি বহুতো ফৰ্মুটিয়াই মাৰিব পৰা চিকাৰ আছে। কেতিয়াবা কাঠ-বাঁহৰ কথা পিতাকহঁতে কৈ থকা সি শুনিছে। বেছিকৈ কাঠ-বাঁহ কাটিবলৈ বেয়া পায়, হাবি পাতল হ’লে এলেকাটোলৈ বেয়া। পিছে দেওলগা হাবিত যে ঠাহ খাই কিমান কাঠ-বাঁহৰ গছ আছে। অৱশ্যে গোটেই হাবিখনত সিহঁত ঘূৰি নুফুৰে। পাহাৰৰ হাবিৰপৰা বাঘ-ঘোংবোৰ নামি আহে বুলি ৰিকৰ মাকে সাৱধান কৰি থৈছে। ৰিকহঁতে কেতিয়াবা কেতিয়াবা বনৰীয়া পশুৰ চিঞৰ-বাখৰবোৰ শুনে। সেয়ে হাবিখনৰ বৰ দূৰলৈ সিহঁত নাযায়।

 কাঠ-বাঁহৰ কেইবাডালো টাঙোন বনাই বানচাই ৰিয়ানাহঁতক দিলে। নিজেও আনিলে। গুহাৰ মুখখনত চোতালৰ নিচিনা কৰি কাঠ- বাঁহৰ গোঁজ পুতি চাৰিওফালে বেৰা এখনো ৰিকৰ লগ লাগি দি থ’লে। জুই অনবৰত থাকিবৰ কাৰণে ঠায়ে ঠায়ে গাঁত কৰি জুই লগাই থোৱাৰ দিহা কৰিলে। ৰিকৰ মাকে বানচাৰ কামবোৰৰ বৰ শলাগ লয়। ৰিয়ানাই বানচাক পালে এৰিকে নিদিয়া হ’ল।

 ৰিকৰ মাক একেবাৰে ভাল হৈ উঠিল। তেওঁ চিকাৰ কৰিব পৰা