পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

কৰে। কাৰণ মানুহবোৰে সিহঁতক মাৰি পেলাব। মাকৰ বেমাৰ। সিহঁতৰ বৰ কষ্ট হৈছে। ভনীয়েকৰ বাবে সি বৰ চিন্তা কৰে।

 বানচাই সিহঁতক সহায় কৰিব বুলি কথা দিলে। ভয় কৰিবলৈ মানা কৰিলে। তাক সাৱটি ধৰি পুনৰ সি সিহঁতৰ প্ৰতি থকা ভাল ভাবটো জনালে।

 বানচাই দেৰি নকৰিলে। হাবিৰ পৰা ওলাই আহি ঘৰৰ ফালে লৰ ধৰিলে।

(৮)

 বানচা, য়ান ককাৰ লগত নোশোৱা হ’ল। ডাঙৰ বায়েক নাখুৰ লগত শুবলৈ ল’লে। সি আপত্তি দেখুৱালে ককাকে তাক শোৱাৰ পৰত কাহিনী নকয়। বায়েকে হ’লে সুৰীয়া গীত গুণগুণাই তাৰ টোপনি আনিব পাৰে।

 বানচাৰ মনত বেলেগ বুদ্ধি। সি খোৱাবস্তু কিছুমান খেৰ, পাত আদিৰ মাজত লুকুৱাই থয়। পুৱা সোনকালে শোৱাৰ পৰা উঠে আৰু সেইবোৰ লৈ দেওলগা হাবিলৈ লৰ ধৰে। গুহাৰ মুখতে বস্তুবোৰ থৈ সি একেলৰে আহি ঘৰ পায়হি। বায়েকৰ ওচৰলৈ নগৈ ককাকৰ দুৱাৰমুখতে খেৰ সোপাৰ ওপৰত শুই থাকেহি।

 য়ান ককা শোৱাৰ পৰা উঠিলে দুয়ো চৰণীয়া পথাৰত পশুবোৰ দিবলৈ যায়। য়ান ককাই ভাবে ল’ৰাটো উঠি আহি তেওঁলৈকে বাট চাই শুই আছেহি।

 অকল খোৱা বস্তুৱে নহয়, বানচাই পোছাক দুটামানো নি দিলেগৈ। নাখুৱে ওলোমা তাঁত বোৱা শন সূতাৰ ডাঙৰ কাপোৰ এখনো এদিন মানুহজনীক দি আহিল। চেগ চাই দিনটোত এবাৰ সি হাবিখনলৈ যাবলৈ ল’লে।

 বানচাই ল’ৰাটোৰ নাম ৰিক আৰু ছোৱালীজনীৰ নাম ৰিয়ানা দি