এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
বান্চায়ান ককা আৰু এখন দেওলগা হাবি
গুহাৰ ভিতৰত বস্তুবোৰ থৈ সি পলম নকৰি উভতি আহিল। মনতে ভাবিলে দুপৰীয়া সি এপাক আহিব। সি আহি শুই থাকিলহি।
চৰণীয়া পথাৰত পোহনীয়া পশুবোৰ থৈ য়ান ককা ঘূৰি আহোঁতে ৰ’দটো ভালকৈ ওলাইছিল। তেওঁ বাটতে খালাৰ পিতাকক লগ পালে। খাক্লাৰ পিতাকে ক'লে— ষাঁড়টো ঘৰলৈ নহাত পুৱাতে উঠি তেওঁ বিচাৰি গৈছিল। বানচাৰ নিচিনা ল’ৰা এটা তেওঁ দেওলগা হাবিৰ ওচৰৰ চনপৰা পাহাৰখনৰ ওচৰত দেখিছিল। ঘৰৰ ফালে দৌৰি যোৱা ল’ৰাটোক ৰিঙিয়াইছিল, পিছে নুশুনিলে। য়ান ককাই সুধিলে—
: “সি হয়নে?”
খালাৰ পিতাকে ক’লে— “দূৰৈৰ পৰা চকুত নপৰিল। সি যেন
লাগিছিল।”