পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

তাকে কৰিলে আৰু জোকাবলৈ ধৰিলে। ছোৱালীজনীয়ে ককায়েকক সাৱটি কান্দিবলৈ ধৰিলে।

 হুলস্থুল শুনি ল’ৰা-ছোৱালীবোৰ আহি গোট খালেহি। বানচাও আহিল। বানচাহঁতো আচৰিত হ’ল। খাক্‌লাহঁতক সি তেনে কৰিবলৈ মানা কৰিলে। খাক্‌লাই শুনে ক’ত? সি ধূলিবোৰ সৰহকৈ নি ছোৱালীজনীৰ মূৰত ঢালিহে দিলে। ল’ৰাটোক টনা-আজোৰা কৰিলে। বানচাৰ সহ্য নহ’ল। সি খাক্‌লাক গতা মাৰি আঁতৰাই দিলে।

দুয়োটাৰ মাজত দবৰা-দবৰি লাগিল। বানচাৰ লগত খাক্‌লা জিকিব নোৱাৰিলে।

 বানচাই ল’ৰা-ছোৱালী দুটাৰ গাৰ ধূলিবোৰ জোকাৰি দিলে। ছোৱালীজনীৰ চকুৰ পানী মুচি দিলে। সিহঁতৰ তেনেই শুকান মুখ দুখন দেখি বানচাই লঘোণে থকা বুলি গম পালে। তাৰ দুখ লাগি গ’ল। সি সিহঁতৰ নাম আৰু ক'ৰপৰা আহিছে সুধিলে। সিহঁতে হ’লে