সিহঁত বোকাৰ পথাৰখন পালেগৈ। গাৰ সঁজুলিবোৰ থৈ উৎপাত কৰি গোটেইমখা পথাৰত নামিলগৈ।
: “গোৰোৱা ঢিলা কৰি আঙুলিবোৰ খামুচি দৌৰিবিহক।” য়ান ককাই ৰিঙিয়াই ক’লে।
য়ান ককাই ল’ৰাহঁতক নিপুণ যুঁজাৰু আৰু সাহসী কৰিবলৈ বিচাৰিছে। যাতে সময়ত অঘৰী মানুহৰপৰা এলেকাটো সিহঁতে ৰক্ষা কৰিব পাৰে। বানচাক সৎ মানুহ কৰি দলপতিৰ গাত থাকিবলগীয়া গুণবোৰ দিবলৈ মন কৰিছে। ভাল মনৰ নহ'লে শতৰু বাঢ়িব। মানুহবোৰৰ একতা নেথাকিব। একতা নহ'লে এলেকাটো ৰক্ষা হ’ব কেনেকৈ?
ল’ৰাহঁতে বোকাই-পানীয়ে দৌৰিলে। দুটা দল হৈ যুঁজ কৰি মজা ল’লে। জঁপিয়াই, এটা ভৰিৰে খোজকাঢ়ি শকতিৰ আৰু বুদ্ধিৰ জোখ দিলে। বেলি ভালেমান পৰ হ’লগৈ।
য়ান ককাই সিহঁতক লৈ উভতিল।
ল’ৰাহঁতে বাটতে য়ান ককাক এৰি খালত নামি গা-মূৰ ধুবলৈ গ’ল।
য়ান ককাই দেখিলেহি তেতিয়া পথাৰৰ মাজেদি ছাগলী-ভেৰাবোৰ খেদাই নিয়া কামবোৰ শেষ হৈছেহি। তেনে কৰিলে সিঁচা শইচবোৰ মাটিত পোত যায়। পোত খালেহে গজালি ওলাব।
খেতি কৰা বিদ্যাটো তিৰোতাবোৰেহে উলিওৱা। খাবলৈ সাঁচি থোৱা বীজৰ গজালি দেখি মাটিত পুতি থৈছিল। তাৰ পৰা গছ হোৱা দেখি তিৰোতাবোৰে বীজ পুতি পুতি শইচ কৰিবলৈ লৈছিল।
ঘৰলৈ খোজ খৰ কৰা য়ান ককাই ভাবি গ’ল— এলেকাটোত মানুহ বাঢ়ি আহিছে। হাবি ভাঙি মাটি সৰহ কৰিব লাগিব। সোনকালে মুখীয়ালবিলাকৰ লগত কথাটো পাতিব লাগিব।