এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
বান্চায়ান ককা আৰু এখন দেওলগা হাবি
(১১)
বানচা বেমাৰত পৰিল৷ গাত জ্বৰ। হাত-ভৰিৰ বিষ। মূৰৰ বিষত মূৰ তুলিব নোৱৰা হ’ল।
বেমাৰত নপৰিবনো কিয়? বাঢ়ি অহা জাৰটোলৈ আওকাণ কৰি পুৱাই পুৱাই দেওলগা হাবিলৈ অহা-যোৱা৷ লগৰীয়াৰ লগত ঘূৰি ফুৰাটো আছেই।
ঘৰৰ মানুহবোৰে দিনে নিশাই পাল পাতি তাৰ ওচৰত থাকিল৷ বেমাৰত পৰিলে মানুহবোৰে বৰ ভয় খায়। বেমাৰটোনো ক’ৰ পৰা আহে নেজানে। গাটো জুই যেন তপত হৈ থকাৰ পিছতো জাৰত থক্ থক্কৈ কিয় কঁপে ভাবি নেপায়। এইবোৰ দেও-ভূতৰে কাম বুলি ভাবি লয়। সেয়ে দুৱাৰমুখত জুই একুৰা জ্বলাই থয়। যাঠি, জোং, দা- কটাৰী থয়।
মৰিবলৈ ধৰা বেমাৰী মানুহে দেখিলে দুগুণে ভয় খায়। চিকাৰ কৰি বধ কৰা ভালুক, ঘোঁৰা, মেথোন আদিৰ আত্মাবোৰে নিবলৈ আহে