তলত থৈ জোঙা হাড়ডালত পাক দিবলৈ ধনুখন লগাই ল'লে।
জুহালত বানচাৰ মাকে আৰু খুড়ীয়েকহঁতে আলতীয়া মাটিৰ বাতিবোৰ টান কৰিবলৈ জুইত পুৰি ইলুটি-সিলুটি কৰি আছিল। বানচাতকৈ অলপ ডাঙৰ খুৰীয়েকৰ পুতেক দুটাই আলতীয়া মাটিৰ সৰু সৰু লাডুবোৰ টান কৰিবলৈ পুৰি আছিল। সেইবোৰে সৰু-সুৰা চিকাৰ কৰিবলৈ ভাল। খুৰীয়েক আৰু মাকহঁতে আলতীয়া মাটিৰ গুণৰ কথাকে পাতি আছিল। ক’ৰবাৰপৰা বানচা আহি মাকে সেকি থকা বাতিটো থাপমাৰি ক’লে— “এই ডাঙৰ বাতিটোত মোক এবাতি মৌ লাগিব।” দুদিনৰ আগতে পিতাকহঁতে মৌ দুবাহমান কাটি আনি
থৈছেহি। মৌ গোন্ধেৰে মলমলাই আছে। মাকে বানচাৰ পৰা বাতিটো আনিবলৈ কঢ়া-আজোৰা কৰোতে বাতিটো চেপেটা লাগিল। পোনাবলৈ যাওঁতে ভাগি থাকিল। মাকৰ খং উঠিল। তাৰ পিঠিত ভালকৈ ঢকা এটা দিলে। বানচা হামখুৰি খাই গোটাই থোৱা শিলগুটিৰ দ’মটোত পৰিলগৈ। তাৰ কপালেদি তেজ বিৰিঙিল।
বানচাই টেটুফালি চিঞৰিবলৈ ধৰিলে। চোতালতে বহি থকা