: “দেওলগা হাবি?”
তোক কেলেই? সৰু খুৰাকে ক’লে।
:“দেওলগা হাবি কাটিলে ক’লা দৈত্যই বিচনাতে মাৰি পেলাব। সি ভয় খুৱালে।”
: “তোক গাঁতত সুমুৱাই থম দে।” সৰু খুৰাকে জোকালে।
বানচাই ভাবি থ’লে কথাটো ৰিকহঁতক ক’বই লাগিব।
কাঠৰ খুবলিত শইচ খুন্দি থকা ককায়েককেইটাই হাঁহিলে। মাজু ককায়েকে ক'লে—
: “ওফাইদাং মাৰি থকা ল’ৰাটোৰ ভয়টো চা।”
মিৰচা নামৰ ককায়েকটোৱে ক'লে—
: “সি ওখ হৈছে, মঙহো লাগিছিল গাত। বেমাৰটোৱেহে দমালে। ডাঙৰ ককায়েকে ক'লে— “সি বয়সতকৈ বাঢ়িছে বেছি।” খুৰাকৰ পুতেক এটাই হাঁহি ক’লে— “ককাই তাক নিজৰ ভাগৰ খুৱায় যে।”
আটাইকেইটাই হাঁহিলে। বানচাই উভতি চালে৷ তাৰ কথা কৈছে বুলি গম পাই তাৰ খং উঠিল। ককায়েকহঁতলৈ পোন্দোৱাকৈ চাই সি মাকহঁতৰ ওচৰ পালেগৈ।
(১২)
বানচা সোনকালে শোৱাৰ পৰা উঠিল। বাঁহৰ চালনিৰ তলত তলে-ওপৰে কলপাত দি ঢাকি থোৱা মঙহখিনিৰ পৰা অলপ আৰু বাকলি গুচোৱা শইচ অলপ লৈ দেওলগা হাবিৰ ফালে খৰকৈ খোজ ল’লে।
গুহাৰ মুখত জুইকুৰা তেতিয়াও দপ্দপাই জ্বলি আছিল। বানচাই অনুমান কৰিলে হয়তো নিশা ৰিকহঁত ভালদৰে শোৱাই নাই। মাজে মাজে হেনো হাবিখনত ডাঙৰ বনৰীয়া পশুবোৰৰ মাত শুনা যায়। তেতিয়া সিহঁতৰ বৰ ভয় লাগে। কেইবা কুৰাও জুই জ্বলাই গুহাৰ
ভিতৰত সাৰে থাকে।