পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

বুলি ধৰি লয়। সেয়ে মানুহটোৰ চাৰিওফালে ঢোল, টিং বজায়। যাঠি দেখুৱাই ভয় খুৱায়।

 বায়েক নাখু আৰু য়ান ককা বানচাৰ ওচৰৰ পৰা লৰচৰকে নকৰিলে। হাত-ভৰি পিটিকি থাকিল। গৰম গাখীৰ খুৱালে। তপত গাটো চেঁচা নপৰাত য়ান ককাৰ চিন্তা হ’ল। তাতে মদং নামৰ লেঙুৰাটোৱে এদিন বানচাক দেওলগা হাবিখনৰ ওচৰৰ পৰা অহা দেখা বুলিও কৈছিল। তাক সোধাত ৰ’দ ল’বলৈ অহা নেউল ধৰিবলৈ যোৱা বুলি কৈছিল।

 দুদিনমানৰ পিছত বানচাই গা ভাল পালে। য়ান ককাই দুদিনমানলৈ তাক বাহিৰলৈকে ওলাবলৈ নিদিলে।

 ঘৰত সোমাই থাকি বানচাৰ আমনি লাগিল। ৰিয়ানাহঁতলৈ মনত পৰিল। য়ান ককাই চোতালত তাম গলাই আছিল। সি গৈ ওচৰতে বহিল। বালিয়ে-বোকাই পোৱা তাম এসোপা গোটাই থোৱা আছিল। য়ান ককাই তাৰে বানচালৈ গিলাচ এটা বনাবলৈ মন। সেইবাবে আগতেই আলতীয়া মাটিৰ গিলাচ এটা সাজি থৈছেই। তাতে ঢালি সাজটো দিব। কাঠত সাজ কাটিও য়ান ককায়ে কেইবাটাও বাতি বনাইছে।

 বানচাই ভাবিলে সি খাৰু এডালো বনাবলৈ ক’ব। ৰিয়ানাক দিব সি। কাম কৰি থাকিলেও য়ান ককাই মনে মনে বানচাক লক্ষ্য কৰি থাকিল। ল’ৰাটোৰ মনটোত বেমাৰটোৱে ৰং ৰইচত নোহোৱা কৰিলে, তেওঁ ভাবিলে।

 তেনেতে পুৱাতে চিকাৰলৈ ওলাই যোৱা বানচাৰ খুড়াকহঁত ওলালহি। খুড়াকহঁতে শিং থকা পহু আৰু ভেৰাৰ লগতে মেথোন এটাও চিকাৰ কৰি আনিছে। ক’লা নিমখো এসোপা আনিছে। হৰিণাই নিমখ খাই ভাল পায়। চিকাৰলৈ যাওঁতে পশু বিচাৰি ঘূৰি ফুৰোতেই মানুহবোৰে এইবোৰৰ ভূ পায়। হাতীবোৰেও নিমখ থকা ঠাই বিচাৰি