পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

 দলপতিৰ খং উঠিল। খাক্‌লাক আঁতৰ হ’বলৈ ক’লে। সি হ’লে লৰচৰকে নকৰিলে।

 :“হেই হেই তাৰ অতপালি চা।” ঝাই থকা ঠাইৰ পৰা চিঞৰিলে।

 হুলস্থুল এখন হ’ল। সকলোৰে গুম্‌গুমনি। খাক্‌লাৰ চিঞৰ-বাখৰ। দলপতিৰ ধমক।

 য়ান ককা ওলাই আহিল। য়ান ককা আজিকালি যুঁজলৈ নাযায়। পিছে গাৰ শকতি শেষ হোৱা নাই৷ এতিয়াও একেটা ভুকুতে ভেৰা এটা বধিব পাৰে। ককাকক দেখি বানচাৰ সাহস বাঢ়িল। একেলৰে গৈ সি খাক্‌লাৰ পৰা ভেৰাটো কাঢ়ি লৈ আহিল। ঝাই দৌৰি গৈ তাক চাব্বাছ দিলে। ফেপেৰি পাতি অহা খাক্‌লাক পিতাকে টানি নি ঘৰত সোমোৱালেগৈ। বাকী মানুহখিনিও ঘৰে ঘৰে সোমালগৈ।

 তেতিয়া ভালকৈ পোহৰ হৈ আহিছিল৷ জঁপিয়াই জঁপিয়াই বানচা চোতালত থকা ডাঙৰ শিলটোৰ ফালে আগবাঢ়িল। য়ান ককাই তাক থাপ মাৰি হাতখনত ধৰি বাটৰ পিনে টানি লৈ গ'ল।

 য়ান ককাৰ হাতৰ টান মুঠিত বানচাৰ কণমানি হাতখনত পোৰণি উঠিল৷ শকত-আৱত ওখ ককাকৰ খোজত খোজ মিলাবলৈ সি দৌৰিব লগা হ'ল।

 য়ান ককা একেবাৰে বৰ নৈৰ পাৰ পালেহি। তাক ঠেলা মাৰি গছজোপাৰ তলৰ ওখ ভেটিটোত বহি পৰিল। বানচা বালি সোপাত সোমালগৈ।

 বালিসোপাৰ পৰা ওলাই বানচাই গা-মূৰ জোকাৰি থিয় হ'ল। তাৰ খং উঠি গ'ল। নৈখনলৈ চাই থকা ককাকৰ প্ৰকাণ্ড পিঠিখনৰ পিছফালে সি ৰৈ থাকিল৷

 কিছু সময়ৰ পিছত য়ান ককাই ঘূৰি বানচালৈ চালে। বানচাই খঙত ৰঙা পৰা ককাকৰ চকু হালত মৰম দেখা পালে। কিছু সময়ৰ আগতে সি ককাকক আকাশৰ ঢেৰেকণি দেৱতাই খাই পেলোৱাটোকে