থ’লে।
য়ান ককাই ভবাটোৱে হ’ল। “মুখিয়ালবিলাকে তিৰোতাজনী ক’ৰবালৈ খেদি দিয়াই ভাল” বুলি ক’লে। তেওঁলোকে ক’লে অচিনাকি মানুহক বিশ্বাস কৰা বেয়া কথা। কিজানি এলেকা দখল কৰা মতলবত হাবিত আছেহি? লগৰবোৰ কিজানি হাবিতে লুকাই আছে? য়ান ককাই ক’লে— “এবছৰ হ’লহি, তেনে কৰা হ’লে কেতিয়াবাই কিবা এটা অঘটন কৰিলেহেঁতেন।”
: “এবছৰ!! মানে জাৰৰ দিন, গৰমৰ দিন, বৰষুণৰ দিন।”
: “ইমান দিন হাবিত মনে মনে আছে? নহ’বতো পাৰে।”
য়ান ককাই বোলে— “এলেকাৰ গোটেই মখা ল’ৰা-ছোৱালীয়ে কথাটো জানে।”
মুখিয়ালহঁতে তবধ মানিলে। এজনে বোলে—
: “দেওলগা হাবিত তেনে দেও-ভূত নাই নেকি?”
য়ান ককাই ক’লে— “এৰাতো দেও ভূত নাই হ’বলা, পিছে আমি মৰিলে আমাৰ নাতিহঁতৰ বুঢ়াকাল পাৰ হোৱালৈকে তাত বস্তুৰে ঠাহ খাই আছে।”
তেওঁলোকে কথাটো ভাবি চালে। য়ান ককাই আকৌ ক'লে—
: “তিৰোতা জাতিক অন্যায় কৰাও পাপ। দেৱতাই সুখেৰে নেৰে। গতিকে আমাৰ একাষতে ঘৰ এটি সাজি দিয়াই ভাল হ’ব। চকুৰ আগত থাকিলে ভালনে বেয়া চকুত পৰিব। ইফালে হাবিখনতো মাজে মাজে পহৰা দিব লাগিব। এনে কামত লগা হাবিখনত শতৰু যাতে সোমাব নোৱাৰেহি।”