য়ান ককা আৰু মুখিয়ালবিলাকে বহুত সময় কথা-বতৰা পাতিলে। পিছত ৰিকৰ মাকক এলেকাটোত থাকিবলৈ দিয়াটো ঠিক কৰিলে। পাপ কাম কৰিলে দেৱতাৰ দোষত পৰে বুলি মানুহবোৰৰ ভয় এটা আছেই। পৃথিৱীত কিবা পাপ হ’লেহে ঢেৰেকণি-বিজুলীয়ে মানুহক দেৱতাসকলে খেদি আহে বুলি ভাবে। সেইকাৰণে বৰষুণৰ দিন অহাৰ লগে লগে ডাঙৰ শিল এটাত দেৱতাৰ ছবি এখন আঁকি সেৱা-পূজা কৰি থাকে।
পিছে এলেকাৰ মানুহবোৰক সৈমান কৰাব লাগিব। গোটেই মানুহখিনিয়ে কথাটো মানি ল’লেহে হ’ব।
নিশা শোৱাৰ পৰত য়ান ককাৰ ডিঙিত সাৱটি বানচাই কান্দি পেলালে— “তই সিহঁতক একো নকৰিবি। দেখা নাইনে সিহঁতৰ কিমান দুখ হৈছে।”
য়ান ককাই তাৰ পিঠিত হাত ফুৰাই ক’লে— “একো নকৰো দে।”
(১৪)
খাক্লা আৰু কেইটামান, বানচাৰ ওচৰলৈ উধাতু খাই ল’ৰি আহিল। বানচাক ক’লেহি— “কেইটামানে দেখি আহিছে, সিহঁতে এদিন ল’ৰা-ছোৱালী দুটা ধূলিয়ৰি পথাৰত পাইছিল। এতিয়া মাকজনীৰ স’তে মানুহে তাত বান্ধি থৈছে।”
য়ান ককাক কথাটো কৈ বানচা খাক্লাহঁতৰ লগত দেওলগা হাবিৰ ফালে দৌৰ দিলে। বাটে বাটে কৈ গ’ল— “মনত ৰাখিবি সিহঁতক যাতে মানুহবোৰে একো কৰিব নোৱাৰে। সিহঁত বৰ ভাল। বিপদত পৰা মানুহ, বুইছ?”
য়ান ককাও নৰ’ল। ঘৰৰ ল’ৰাহঁতক মানুহবিলাকক চনপৰা পথাৰখনলৈ মাতিবলৈ কৈ মুখিয়ালহঁতৰ ওচৰ পালেগৈ। য়ান ককাই