পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

খুৰীয়েক এজনীৰ কোলাত বুকুৰ গাখীৰ খাই থকা দুবছৰীয়া জীয়েকজনী উচ্‌প খাই তায়ো কান্দি উঠিল। বৰমাক এজনীয়ে বানচাৰ কপালখন মোহাৰি ক'লে— “মনে মনে থাক ঐ বোপাই। এন্ধাৰৰ দৈত্যই চোঁচৰাই নিবহি। নিশাটো এনেয়ে ভয় লগা।” কান্দি উঠা জীয়েকক লৈ খুৰীয়েকজনী ভিতৰ পালেগৈ।

 য়ান ককাই ধনুখনত দুপাক মান দিছিলহে। তেওঁ বানচাৰ মাকক ধমক দিলে— “পিঠিত ঢকিয়াব নেপায়। কষ্ট পালে জীউটো গুচি যায়।”

 কান্দি থকা বানচাক লৈ য়ান ককা চোতালৰ কাঠৰ গুৰিটোত বহিলগৈ। তাৰ চকুপানী মচি ক’লে— “মই তোক কাহিনী এটা কম শুন।” তেওঁ কৈ গ'ল— “সৌ ওপৰৰ আকাশখন দেখিছ? তাত দেৱতাবোৰ থাকে। সৌ যে জিক্‌মিকাই আছে সেইবোৰ মণি-মুকুতাৰে সজা তেওঁলোকৰ ঘৰ। এই ধৰণীখনত কোনে ক’ত কি কৰিছে তেওঁলোকে তাৰ মাজেৰে চাই থাকে বুইছ? আকাশৰ দেৱতাবোৰৰ ৰজা মহাপ্ৰভু। তেৱেঁ এই আমি থকা ধৰণীখন সৰজিছে। বহুত কালৰ আগৰ কথা৷ মহাপ্ৰভুৰ এজনী বৰ দিপ্‌লিপ্‌ জীয়েক আছিল। নাম ফা ফা। দেৱী যেনে শুৱনী তেনে দয়াৱতী। এদিন নিশা ফাদেৱী ধৰণীখন ওচৰৰ পৰা চাবলৈ আহিল। তিৰ্‌বিৰাই থকা চালে চাই থাকিবলৈ মন যোৱা ৰূপহী ফাদেৱীক ক’লা দৈত্যই দেখা পালে। ফাদেৱীক নিজৰ কৰি ল’বলৈ মন কৰিলে। ফাদেৱী ভয় খাই গুচি যাবলৈ ধৰোতেই ধৰি নি পাহাৰৰ গুহাত লুকুৱাই থ’লেগৈ৷ ইফালে মহাপ্ৰভুৱে জীয়েকক বিচাৰি ফুৰিলে।

 ফাদেৱীয়ে দিনে-নিশাই কান্দিবলৈ ধৰিলে। তেওঁৰ চকুৰ পানীত এদিন ধৰণীখন তেনেই বুৰ গ'ল। পানী দেখি প্ৰভুৱে জীয়েকৰ চকুৰ পানী বুলি চিনি পাই ধৰণী পালেহি। পিছে ক’লা দৈত্যই আগভেটি ধৰিলে। দুয়োৰে মাজত যুঁজ লাগিবলৈ ধৰিলে। বহু কাল পাৰ হৈ