পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

ল’লে। তাৰ পিছত ৰিকৰ মাকক পোনে পোনে সুধিলে—“ক’ৰ মানুহ? হাবিত কিয় আছেহি?” বেলেগ এলেকাৰ মানুহ আহি মনে মনে ঠাই দখল কৰাৰ পাং পাতিছে বুলি তেওঁৰ সন্দেহ হ'ল।

 ৰিকৰ মাকে বানচাৰ পৰা শিকা ভাষাত নিজৰ সকলো কথা বিৱৰি ক’লে। বানচা নোহোৱা হ’লে তেওঁ আৰু কেঁচুৱাটো জীয়াই নাথাকিলহেঁতেন বুলিও ক’লে। দুই হাতৰ তলুৱাৰে তেওঁ চকুপানীবোৰ মচি থাকিল।

 য়ান ককাই মন দি কথাবোৰ শুনিলে। মনতে হিচাব কৰি চালে জাৰৰ দিনবোৰ গ’লে সিহঁত হাবিত থকা এটা বছৰ হ’ব। ৰিকহঁতক কেনেকৈ পালে বানচায়ো লাহেকৈ সেইদিনৰ ঘটনাটোৰ কথা ক’লে।

 য়ান ককা হাবিৰ পৰা ওলাই আহিল। ৰিকহঁতক একো নহয় বুলি অভয় দি বানচাও পিছে পিছে আহিল।

 য়ান ককাই বানচালৈ ঘূৰি নেচালে। তেওঁ ভাবি আহিল— মানুহজনী সঁচাকৈয়ে বিপদত পৰিছে। সিহঁতক ৰক্ষা কৰাটো উচিত। পিছে এলেকাৰ মানুহবোৰে মানিবনে?

 বৰনৈৰ পাৰত গোটেই বেলাটো য়ান ককা বহি থাকিল। অতদিনৰ আগৰে পৰা বানচাই সিহঁতক জনা, অকলে অকলে সহায় কৰি থকা কথাবোৰ তেওঁ ঘূৰাই-পকাই ভাবিবলৈ ধৰিলে। বানচাই কথাটো লুকুৱাই ভুল কৰিছে। সিও বিপদত পৰাৰ ভয় থাকিব পাৰে। ইফালে অসহায় মানুহজনী। তিৰোতাক দুখ দিয়া, সহায় নকৰা বেয়া কথা। কিন্তু সিহঁত বেলেগ গোষ্ঠীৰ। কথাটো বৰ ডাঙৰেই। ভাবিবলগীয়া কথা।

(১৩)

 দুদিন পাৰ হ’ল। য়ান ককাই মুখিয়ালবিলাকক লগ ধৰিলে। কথাবোৰ বিৱৰি ক'লে। ৰিকহঁতক পিছে পানীত উটি অহা বুলিহে কৈ