পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

গ’ল। যুঁজ লাগিয়ে থাকিল। ইফালে ফাদেৱীৰ চকুৰ পানীও বাঢ়ি গৈ থাকিল। জীৱ-জন্তু, মানুহ, গছ-বন সকলো পানীৰ তলত বুৰ গৈ জাহ গ'ল।

 অৱশেষত প্ৰভুৱে দৈত্যক দুছেও কৰিলে। ওপৰছোৱা ওপৰলৈ দলি মাৰি ওখ পৰ্বতহৈ থাকিবলৈ শাও দিলে আৰু তলৰছোৱা মাটিৰ তলত পুতি থ’লে। পাহাৰৰ গুহাৰ পৰা প্ৰভুৱে জীয়েকক লৈ আহিলগৈ। ক’লে— “ব’লা আমি সোনকালে গুচি যাওঁ৷” কিন্তু ফাদেৱীয়ে কি ক’লে জাননে? ক’লে— “পিতা মোৰ কাৰণে ধৰণীখন ধ্বংস হ’ল। সকলো জাহ গ'ল। তুমি আকৌ আগৰ নিচিনা ধৰণীখন কৰি দিলেহে

মই উভতি যাম।”

 জীয়েকৰ কথা পেলাব নোৱাৰি মহাপ্ৰভুৱে আলতীয়া মাটিৰে