পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

নকৰিলে। বানচা সদায় য়ান ককাৰ লগতহে শোৱে। ককাৰ গাটো ভাল নহয় কাৰণে মাকহঁতৰ লগত শুইছে।

 কোহালটো লাহে লাহে ওচৰ চাপি আহিল। বানচাৰ মাকে সাৰ পালে। গিৰিপ কৰে উঠি আন্ধাৰতে দুপদুপাই লৰি আহি ঘৰটোৰ একমাত্ৰ দুৱাৰখন খুলি বাহিৰ পালেহি। পিছে পিছে বানচাও লৰি আহিল৷ সাৰ পাই ডাঙৰ বায়েক নাখুও লৰি আহিল৷

 বাহিৰত ফট্‌ফটীয়া জোনাক আছিল। জোনাকৰ পোহৰত আহি থকা মানুহমখাক দেখা পাই বানচাৰ মাকে উলাহতে ক’লে—

 “আও জিকিল দে।” দুই হাতেৰে তেওঁ নিজৰ গাতে চাপৰি বজালে।