য়ান ককা পোহনীয়া জন্তুবোৰ ৰখা গোহালিত সোমালহি। গৰু, ভেৰাবোৰ গণি চালে। যদিও ওখ ওখকৈ ফলা বাঁহেৰে মজবুতকৈ ঘেৰ দি জপনা লগাই থোৱা থাকে তথাপি কেতিয়াবা কুকুৰনেচীয়া, শিয়াল সোমায়। পোহনীয়া পশুবোৰৰ য়ান ককাই বৰ যতন লয়।
গাখীৰ দিয়া গৰু, ছাগলী আৰু ম'হ দুজনী থৈ বাকী জাকক তেওঁ বাহিৰলৈ উলিয়াই আনিলে। সিহঁতক চৰণীয়া পথাৰত এৰি থৈ আহিব। এলেকাটোৰ ডেকাহঁতে পাল পাতি পশুবোৰ চৰায়। বেলি উঠিলেই সিহঁত যায়। গধূলিৰ আগে আগে খেদি আনে। পশুবোৰে নিজৰ নিজৰ গিৰিহঁতৰ চিন ৰাখিব পাৰে।
বানচা উঠি আহিল। সি সদায় য়ান ককাৰ লগত যায়। ককাকক সি সহায় কৰি দিলে।
বাটতে বানচাহঁতে চৰণীয়া পথাৰৰ পৰা অহা খাক্লা আৰু তাৰ পিতাকক পালে। খাক্লাৰ পিতাকে য়ান ককাক মাত লগালে। খাক্লা আৰু বানচা দুয়ো দুয়োলৈকে ঘোপা কৰি চালে। কথাটো য়ান ককাৰ চকুত নপৰাকৈ নেথাকিল।
চৰণীয়া পথাৰত পশুবোৰ থৈ জঁপিয়াই জঁপিয়াই লৰি অহা বানচা মধুৰিআম এজোপাৰ তলত ৰৈ গ’ল। সি ওপৰলৈ চাই থাকিল। অ’ত ত’ত থকা পকাকেইটালৈ চকু গ’ল। গছত ফল থাকিবলৈকে নেপায়। যিয়ে পায় সিয়ে খাই থয়। বানচাৰ মাক-খুৰীয়েকহঁতে ফলৰ গুটিৰ পৰা ঢেৰ ফলৰ গছ কৰিছে। সেইবাবে সিহঁতে সদায় কিবা নহয় কিবা এবিধ ফল খাবলৈ পায়েই।
ওপৰলৈ চাই থকা বানচাক য়ান ককাই পিছফালৰ পৰা কঁকালত ধৰি ওপৰলৈ মাৰি পঠিয়ালে। থতমত খোৱা বানচাই ডাল এটাত থাপ মাৰি ধৰিলেগৈ। তাৰ পিছত কি কৰিব লাগে সি জানে। দুবাৰমান ওলমি অগা-পিছা কৰি এপাকত গছৰ মজবুত ডাল এটাত ভৰিৰে কেৰেপা খুৱাই ধৰি ল’লে। পিছত দুই হাতেৰে ডালটোত ধৰি দুফালে