পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি ৪১

 এই নৈখনৰ পাৰতে বহুত মানুহৰ লগত ৰিকৰ মাকহঁত আছিল। ওচৰত পাহাৰটো থকাত সুবিধা হৈছিল। তেওঁলোকে চিকাৰ কৰিয়ে খাইছিল। কাৰণ খেতি কৰিবলৈ মাটি নাছিল। নৈখনৰ সিপাৰে পানী নুশুকুৱা তেনেই জলাহ।

 এবাৰ অতিপাত বৰষুণ হ’ল। নৈৰ পানী বাঢ়ি মানুহবোৰৰ জুপুৰিবোৰ ভাঙি-ছিঙি নিলে। মানুহবোৰ পাহাৰত উঠিল। কিন্তু পাহাৰৰো মাটি খহিবলৈ ধৰিলে।

 পাহাৰ পাৰহৈয়ো আহিব নোৱাৰে। এবাৰ আহিছিল। যুঁজ দিব লগা হ’ল। যুঁজত হাৰি বস্তুবোৰো হেৰুৱালে। সেই যুঁজতে ৰিকৰ পিতাকৰ ভৰিত যাঠিৰে খোঁচাত ঘাঁ লাগি বেমাৰত পৰিব লগা হ’ল। এলেকাটো বানচাহঁতৰে। থকা ঠাই বিচাৰি মানুহবোৰ ক’ৰবালৈ গুচি গ’ল। ৰিকৰ মাক যাব নোৱাৰিলে। ৰিকৰ পিতাকৰ ঘাঁলগা ভৰিখন গেলিবলৈ ধৰিছিল। খোজকঢ়া দূৰৰ কথা বহিবও নোৱাৰে।

 সেই বেমাৰতে ৰিকৰ পিতাক মৰি থাকিল। মৰাৰ আগতে এদিন সেই হাবিখনৰ কথা কৈছিল। বৰ কষ্ট কৰি ৰিকৰ মাক ল’ৰা-ছোৱালী দুটা লৈ এই হাবিখনত সোমালহি। দুদিনমান হাবিত ঘুৰি ফুৰিলে। এদিন গুহাটো পালে। গুহাৰ ভিতৰত জুই জ্বলাই চালে। কপাল ভাল আছিল। চুঙা বাদুলিৰ বাহিৰে জীৱ-জানোৱাৰ নাছিল।

 হাবিখনত চিকাৰ, খৰিৰ অভাৱ নাই। কিছুদিন যোৱাৰ পিছত কেঁচুৱাটোৰ জনম পালে। তেতিয়াহে বৰ জুলুম হ’ল। খোৱা-বোৱাৰ অসুবিধা হ’ল। ল’ৰাটোৱে ভালকৈ চিকাৰ কৰিব পৰা হোৱাই নাই। তেনেতে বানচা আহিল। ৰিকৰ মাকে ভাবে তেওঁলোকৰ প্ৰভুৱেহে যেন বানচাক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, বানচা নোহোৱা হ’লে

বিপদ এটা যে হ'লহেঁতেন ই তেনেই সঁচা কথা।