পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

এডাল থকাটো নিয়মেই। এটাই আক’ কঁকালত বান্ধি লোৱা পশুছালৰ লেঙুটিখনৰ লগতে কাষ ফুটা কৰা বাঁহৰ চুঙাটোত ভজা ঘেঁহু ভৰাই বান্ধি আনিছে। সিহঁত আজি দিনটোৰ কাৰণে ওলাইছে। য়ান ককাই সিহঁতক নতুন কিবা শিকাব। তাৰ পিছত গোটেই জাক ওখ পাহাৰটোত চিকাৰ কৰিবলৈ উঠিব।

 একেলৰে বানচা আহি সিহঁতৰ ওচৰ পালেহি। তাৰ কেঁকোৰা দীঘল চুলি সোপা সামৰিবলৈ সি গাহৰি ছালৰ ফিটা এডাল কপালৰ স’তে বান্ধি লৈছে। ডিঙিত তামৰ ঘেৰ এটা। তাত গাহৰি দাঁত এটাও বান্ধি লৈছে। কঁকালত আঁঠুৰ ওপৰত থকা পোছাকটো জহামালৰ ছালৰ স’তে জৰীগছৰ আঁহেৰে বায়েক নাখুৱে বৈ দিয়া। তাৰ মোনাত

জোঙা শিলৰ টুকুৰা, কঁকালত ফোপোলা হাড়ত ধাৰ দি কৰা কটাৰী। আজি পিছে তাৰ হাতত সদায় থকা টাঙোন ডালৰ সলনি কাঠত তাম গলাই বন্ধা জোঙা যাঠিপাতহে। পশুৰ দাঁতৰ মাৰিৰ লগত ধাৰ থকা শিলৰ টুকুৰা লগাই কৰা কাচিখনো লৈছে। সি ক'লে—

 : “ব’ল ব’ল। ককা পথাৰতে আছে।”