পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

ল’লে। লাহে লাহে সিহঁতৰ মিলামিছা বাঢ়ি আহিল। ৰিকহঁতৰ মাকেও বানচাক ভাল পোৱা হ’ল। বানচাই সিহঁতক নিজৰ ভাষাটো শিকাবলৈ ধৰিলে। সিও সিহঁতৰ দুই-এটা কথা শিকি ল’লে।

 গুহাটোৰ কিছু আঁতৰতে পাহাৰৰ ওপৰৰ পৰা বৈ অহা এহাতমান বহল জুৰিটো তলত মাথোঁ দুই-তিনিহাতমান বহল হৈ সৰু-ডাঙৰ শিলসোপাৰ ওপৰেৰে ক’ৰবালৈ গৈ থাকে। ৰিকহঁতে সেই পানীকে লয়। সেই ঠাইকণ চাফা কৰি লৈছে। এতিয়া বানচায়ো আৰু বহলকৈ