পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

 একেৰাহে কেইবাদিনো বৰষুণ দি থাকিল। বৰনৈৰ পানীও বাঢ়িল। পথাৰত পানী সোমাল। পানীৰে পথাৰ আৰু খালবোৰ চিনিব নোৱৰা কৰিলে।

 পানীত মাছবোৰৰ উজান উঠিছে। মনৰ ৰঙতে মানুহবোৰে মাছবোৰ ধৰাত লাগিছে। বানচায়ো লগৰীয়াহঁতৰ লগত মাছ ধৰিছে। মাছ অলপ লৈ ৰিকহঁতক দিয়াৰ মন থাকিলেও পানীৰ কাৰণে যাব পৰা নাই। ৰিকহঁত থকাৰ ফালে বৰনৈৰ পানী নাযায়। ওখ ঠাই।

 এলেকাটোত দুখনমান নাও। দুবাৰমান পানী নোহোৱাত আহঁত জোপাৰ তলত এনেয়ে পৰি আছিল। এদিন খাক্‌লাহঁতে নাও এখন আনি পানীত নামিলহি। তাকে দেখি বাকীমখা ল’ৰা-ছোৱালীও উঠিলহি। বানচাকো লগৰকেইটাই টানি আনি উঠালেহি। সিহঁতে জালেৰে মাছ ধৰিব।

 নাও পানীলৈ আগবাঢ়িল। গোটেই জাকৰ হুলস্থূলত নাও কাটি হৈ পৰিল। গোটেইমখা পানীত সোমাল। পানী দ’ নাছিল। পিছে