পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

খীৰাই আনি চোতালৰ ডাঙৰ কাঠৰ চৰিয়াটোত ঢালিছেহি। ল’ৰা- ছোৱালীমখাই হাতে হাতে বাতি লৈ কোহাল লগাইছে। ডাঙৰ বায়েক নাখুৱে বানচাক ক'লে— “যা তোৰ বাতিটোও আনগৈ।” বানচা নগৈ মধুৰি চোবাই থকা দেখি খুৰীয়েকে জোকালে— “সি মৌ লগোৱা গোটা গাখীৰহে ভাল পায়।” বানচাই দৈ খাবলৈ সঁচাকৈয়ে ভাল পায়। তথাপি ককাকৰ ভয়ত সি বাতিটো আনিবলৈ গ'ল।

 চোতালত থকা ককাই ভাবিলে, বনদেৱতাই পশুবোৰ দি মানুহক কম সহায় কৰিছেনে? তেওঁক সৰুতে ককাকে কোৱা মনত আছে ককাকক ককাকহঁতে হেনো কৈছিল পোনতে এই গৰু-ছাগলীবোৰৰ গাখীৰ যে মানুহৰ বাবে বৰ সহজ আৰু উপকাৰী জনাই নাছিল। আনকি মাইকী গৰু-ম'হবোৰে পোৱালি দিব পাৰে বুলিও নাজানিছিল। জনাৰ পিছত মানুহ জনম দিব পৰা তিৰোতাবোৰক দেৱতাৰ শক্তি থকা বুলি ভবাৰ দৰে মাইকী পশুবোৰকো ভবা হ’ল। তিৰোতা মানুহক যিদৰে মান কৰে সেই দৰে মাইকী পশুবিলাককো আদৰ-যত্ন কৰা হ'ল।

 গোটাই থোৱা শন আৰু নোমসোপা আনিবলৈ য়ান ককা নিজৰ জুপুৰিটোলৈ গ'ল৷ সেইবোৰ শুকুৱাবলৈ আছে। জাৰটো পৰাৰ আগতে সেইবোৰে উম থকা পোছাক এটা কৰিব লাগিব।

(৬)

 ৰাতিপুৱা ৰ’দটো ওলাইছিল। বানচাৰ লগৰীয়াবোৰ আহি তালৈ বাট চালে। তেতিয়াও কিছুমানে সিজোৱা শইচৰ লাডুবোৰ চোবাই আছিল। কিছুমানে পোৰা আলু। সিহঁতৰ কঁকালত ওলোমাই লোৱা মোনাবোৰত কিবা নহয় কিবা খোৱা বস্তু থাকেই। যদিও চকুত পৰা চিকাৰ ধৰিবলৈ জোঙা শিলৰ টুকুৰা, টান মাটিৰ লাডু আৰু ছুৰি এখন ল’বলৈহে মোনাটো লয়। সৰু-ডাঙৰ সকলোবিলাকৰ হাতত টাঙোন