পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

ভেৰা, গাহৰি চিকাৰ কৰি অনাৰ উপৰি এদিন ষাঁড় এটাও চিকাৰ কৰি আনিছে। বৰনৈত নাও চলোৱাতো সি পাকৈত হোৱা দেখিছে। য়ান ককাই বৰ ভাল পালে।

 বানচা ওখ-ডাঙৰ হৈ আহিল। ৰিকো অলপ ডাঙৰ হ’ল। ৰিয়ানাও অলপ ওখ হৈছে। কেঁচুৱাটোও অ’ত ত’ত ধৰি থিয় হ’ব পৰা হ’ল। বানচাহঁতে তাৰ নাম দিছে নিন্‌।

 ৰিকৰ মাকে ল’ৰা-ছোৱালীকেইটা লৈ আছে যদিও মনটো সদায় মৰা। বনৰীয়া জীৱ-জানোৱাৰৰ মাজত, হাবিৰ মাজত ল’ৰা- ছোৱালীকেইটাৰ বা কেতিয়া কি হয়। ৰিকৰ মাকৰ কথাবোৰ ভাবি বৰ ভয় লাগে।

 কেতিয়াবা বৰ কষ্টেৰে পাহাৰটোত উঠেগৈ। চাৰিওফালে লগৰ মানুহবোৰ দেখে নেকি চায়। পিছে অ’ত ত’ত পৰি থকা চৰাই দুই-এটাৰ বাহিৰে একোকে চকুত নপৰে৷ পানীৰে ভৰি থকা নৈখনো এতিয়া পানী শুকাই শুকান বিল এখন হৈছেগৈ।