কাণে ওলোমাই লোৱা সকলোৰে চখ। পেনাইবোৰৰ পৰা সৰু সৰু পোৱালি শামুকবোৰৰো ভাল মালা হয়। বৰষুণৰ দিনত যেনেকৈ শামুকবোৰ পায় জাৰকালি তেনেকৈ নাপায়৷ বানচাৰ সৰু বায়েক ঝাক শামুকৰ খোলা লাগেই। সি আনি দিয়া শামুকবোৰেৰে তাই বৰ ধুনীয়াকৈ মালা গুঠি লয়।
বানচাৰ লগত খাক্লাৰ ভায়েকো গৈছিল। খাক্লাই তাক টানি লৈ আহিল। সেইদিনাৰ পৰা বানচাক খাক্লাই শতৰু বুলি ভাবিবলৈ লৈছে৷
বৰ নৈৰ পাৰত বানচাহঁতে পোনতে খেলি ল’লে। তাৰ পিছত শামুক বিচাৰিলে। বাম পানীত গজা বীজলুৱা ঘাঁহবোৰৰ পৰা লালুকি আৰু মিছা মাছৰ পোৱালিবোৰো ধৰিলে।
সিহঁত যেতিয়া ঘৰলৈ উভতিল দেখিলে খাক্লাই তাৰ লগৰ তিনিটাৰ লগত কেৰ্কেটুৱা চিকাৰ কৰি আহিছে। জাৰকালি কেৰ্কেটুৱাৰ গাটো দীঘল দীঘল নোমেৰে ভৰি পৰে। ছালখনেৰে ফিটা আৰু টুপী বনাবলৈ মজা। গৰমকালি আক’ নোমবোৰ সৰি যায়। তেতিয়া মোনা সাজিবলৈ ভাল।
(৪)
গধূলি য়ান ককা শিলৰ কুঠাৰখনত নাল লগাবলৈ চোতালত থকা জুইকুৰাৰ ওচৰ পালেহি। জোনাক নিশা কিছুপৰলৈকে মানুহবোৰ বাহিৰত থাকে, পিছে এন্ধাৰ নিশা হ’লে গধূলিতে ভিতৰত সোমাই থাকে। ফুটা কৰিবলৈ নিগাজিকৈ পাতি লোৱা ফেৰেঙণি থকা কাঠৰ চাপৰ খুঁটা দুটা তেওঁ চাই ল’লে। ফেৰেঙণিত কাঠৰ মাৰি ডাল থৈ সোঁমাজত জোঙা কৰা ফোপোলা হাড়ডাল পোনহৈ থাকিবলৈ ভালকৈ বান্ধি ল’লে। বান্ধটোৰ মাজেৰে হাড়ডাল ঘূৰে নে নুঘূৰে তাকো চাই ল’লে। পশুৰ ফোপোলা হাড়বোৰ বৰ টান আৰু ধাৰ থকা। কুঠাৰখন