[ ৰেণুক ] আইদেও, কোনো ভয় নাই,--কোৱা তোমাৰ পিতা কোন? মোক তোমাৰ উপকাৰী বুলিয়েই জানিবা। কোৱা,-- তুমি এই পাষণ্ডৰ হাতত বন্দিনী।
ৰেণু--বন্দিনী! নহয় ডাঙৰীয়া, পৃথিবীতে মোৰ এক মাত্ৰ আশ্ৰয়—একমাত্ৰ আশা ভৰসাৰ স্থল।
কাছি--ইকি প্ৰহেলিকা! মোক বঞ্চনা নকৰিবা। তোমাৰ পিতা ছুটীয়াৰ মহাৰাজ ধীৰনাৰায়ণ!
ৰেণু--[ আচৰিত হৈ ] আপুনি কোন ডাঙৰীয়া?
কাছি—পৰিচয় পিছত পাবা। আগেয়ে কোৱা, মোৰ অনুমান সঁচা!
ৰেণু--[ হুমুনিয়া কাঢ়ি ] সঁচা। এই অভাগিনী ছুটীয়াৰ মহাৰাজ ধীৰনাৰায়ণৰ কন্যা। আজিও জীয়াই আছোঁ মোৰ এই আশ্ৰয়দাতা পিতাৰ অনুগ্ৰহত! কওক, আপুনি কোন?
কাছি—আগেয়ে কোৱা কি প্ৰয়োজনত, লগত কোনো উপযুক্ত ৰক্ষক নোহোৱাকৈ এই দূৰ দেশলৈ আহিছ? আৰু তোমাৰ মাতৃ মহাৰাণী!
ৰেণু--[ কান্দে ] মাতৃ! মাতৃয়েই মোক মোৰ এই আশ্ৰয়দাতা পিতাৰ হাতত মৰিবৰ সময়ত গতাই দি যায়! আপুনি যেয়ে হওক, যেতিয়া মোক চিনিছে—মোৰ মাতৃৰ সংবাদ বিচাৰিছে, আপুনি নিশ্চয় মোৰ শুভাকাঙ্খী! ঈশ্বৰেই মোক আজি শুভমুহূৰ্ত্তত আপোনাৰ লগ পোৱাই দিছে।