সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
[ ২য় অঙ্ক
নগা কোঁৱৰ

 [ দুয়োৰে যুদ্ধত চুক্লেন কোঁৱৰৰ তৰোৱাল পৰি যায়। চুৰেঙ্গে সুবিধা বুজি হাতত ধৰি চুক্লেনৰ ডিঙিলৈ তৰোৱাল ডাঙি ঘাপ মাৰিব খোজোঁতেই কণচেং বৰপাত্ৰ গোহাঞীদেও বেগাই সোমাই আহি চুৰেঙ্গৰ হাতত থাপ মাৰি ধৰি তৰোৱাল কাঢ়ি লয়। ৰেণুৱে একেথৰে কণচেঙৰ ফালে চাই থাকে।]

—আঁৰ কাপোৰ—


সপ্তম দৃশ্য

নগা কুঁৱৰীৰ মৈদাম

 [ কোছত আৰু হাতত কিছুমান ফুল লৈ কণচেং সোমাই আহি মাকৰ মৈদামত সেৱা কৰি ফুল বিলাক চতিয়াই দিয়ে।]
 কণচেং—আই মোৰ! পৰমাৰাধ্যা জননী মোৰ! হৃদয়ত বল দিয়া! তোমাৰ সেৱাই যেন তোমাৰ হতভাগ্য সন্তানৰ জীৱনৰ ব্ৰত হয়। শক্তি দিয়া আই মোৰ, যেন তোমাৰ সেৱাতে জীৱন পাত হয়।
 [ খুণবাও সোমাই চাই থাকে। কণচেং সেৱা কৰি উঠি খুণবাওক দেখি আচৰিত হয়। দুয়ো দুয়োলৈ ঠৰ হৈ চাই থাকে।]
 খুণবাও—চেলুং! চেলুং!
 কণচেং—বুবু! কিয় আহিলি বুবু?
[ দুয়ো দুয়োক সাবটি ধৰে]